ETV Bharat / state

ইউনেস্ক' আৰু ভাৰত চৰকাৰলৈ ধন্যবাদ অখিল গগৈৰ - UNESCO world heritage site

চৰাইদেউৰ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান । এই স্বীকৃতি প্ৰদানৰ বাবে ইউনেস্ক' আৰু ভাৰত চৰকাৰক ধন্যবাদ জনাই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । ইয়াৰ পিচতে শিৱসাগৰেও বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিব বুলি মন্তব্য গগৈৰ ।

Akhil Gogoi thanked UNESCO for declaring Charaideo Maidam as a World Heritage Site
UNESCO আৰু ভাৰত চৰকাৰলৈ ধন্যবাদ অখিল গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 26, 2024 at 7:33 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী,২৬ জুলাই: দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্তত অসমবাসীয়ে পালে ভাল খবৰটো । আজি আহোম সাম্ৰাজ্যৰ ইতিহাস বহনকাৰী চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্ক'ই ঘোষণা কৰে । ইয়াৰ লগে লগে উৎফুল্লিত হৈ পৰে চৰাইদেউবাসীৰ লগতে সমগ্ৰ অসমবাসী । চৰাইদেউৰ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ স্বীকৃতি প্ৰদানৰ বাবে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ইউনেস্ক' আৰু ভাৰত চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে চৰাইদেউ মৈদামৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰা কে চি নৰিয়াল তথা অসমৰ পুৰাতত্ব বিভাগকো ধন্যবাদ জ্ঞাপন কৰে ।

UNESCO আৰু ভাৰত চৰকাৰলৈ ধন্যবাদ অখিল গগৈৰ (ETV Bharat Assam)

বিধায়কগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "কে চি নৰিয়ালে চৰাইদেউৰ লগতে শিৱসাগৰকো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । চৰাইদেউৰ পিচতে শিৱসাগৰলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি আহিব ।"

উল্লেখ্য যে, ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ সোণালী সৌধ চৰাইদেউ মৈদামে কাজিৰঙা, মানাহৰ পাচত ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে । ২১ জুলাইৰ পৰা দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্ক'ৰ ৪৬ সংখ্যক অধিৱেশনতে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়া হয় ।

২০২৪ বর্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তর্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্ক'লৈ প্ৰেৰণ কৰাৰ পাচতে চৰাইদেউ মৈদাম ক্ষেত্র বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তর্ভুক্ত হ'ব বুলি সকলোৱে আশা প্রকাশ কৰিছিল । অৱশেষত অন্ত পৰিল সকলো কল্পনা-জল্পনাৰ । আহোমৰ ৬০০ বছৰীয়া ৰাজত্বকালৰ গৌৰৱোজ্জ্বল চানেকি চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ৷

লগতে পঢ়ক: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰে উজলিল চৰাইদেউ মৈদাম - UNESCO world heritage site

বিশ্ব ঐতিহ্য ক্ষেত্ৰ‌ হিচাপে স্বীকৃতি পালে চৰাইদেউ মৈদামে: চৰাইদেউত আনন্দ-উল্লাস - Assam’s historical Charaideo Moidam