গুৱাহাটী : "চান্দা দুষ্কৃতি নহয়, কৰ্মসংষ্কৃতি হওক অসমীয়া জাতীয়তাবাদৰ পাথেয় । অতি উগ্ৰ সংঘৰ্ষময় ঠেক জাতীয়তাবাদ নহয়,সকলোকে সামৰি লোৱা জাতীয়তাবাদৰ ভেটি গঢ়ো আহক। জাতীয় অৰ্থনীতি গঢ়াৰ কথা কেতিয়াবা আমি ভাবিম নে ?" দুলীয়াজানৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এইদৰে কৰিলে মন্তব্য় । শুকুৰবাৰে দুলীয়াজানৰ অনা অসমীয়াৰ পেট্ৰ’ল পাম্পৰ কাজিয়া আৰু শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ তথা চান্দাক জীৱিকা হিচাবে লোৱা সংগঠনক লৈ সৰৱ অখিল গগৈ ।
খিলঞ্জীয়া সন্তান শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ব্যৱসায়িক কাজিয়াত লিপ্ত হোৱা অনাঅসমীয়া পৰিয়াল দুটাক গ্ৰেপ্তাৰ নকৰাক লৈ তীব্ৰ সমালোচনা কৰি অখিল গগৈয়ে কয়, "আমি ৰাইজৰ দলে শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিছো । বিশেষভাৱে শংকৰজ্যোতি বৰুৱাৰ ওপৰত হেণ্ডকাফ লগোৱাৰো তীব্ৰ বিৰোধিতা কৰিছো । শৃংখল চলিহাক আটক কৰাৰো বিৰোধিতা কৰিছিলো; কিন্তু একে সময়তে আমি ক’বই লাগিব,এজন অসমীয়া ল’ৰাক গ্ৰেপ্তাৰ কৰিছে, কিন্তু সেই মাৰপিটত অংশগ্ৰহণ কৰা অনাঅসমীয়া পৰিয়ালটোক গ্ৰেপ্তাৰ কৰা নহ’ল । এইটো অত্যন্ত ভয়াবহ কথা ।"
কেৱল সেয়াই নহয়, অখিল গগৈয়ে দুলীয়াজানৰ দুই অনাঅসমীয়াৰ ব্যৱসায়ৰ কাজিয়াত কিয় অসমীয়া ল’ৰাবোৰ সোমাইছে বুলিও প্ৰশ্ন কৰি অখিল গগৈয়ে ক’লে, "লগতে এইটোও মনত ৰখা দৰকাৰ, দুটা অনাঅসমীয়া পৰিয়ালৰ ব্যৱসায়িক কাজিয়াৰ মাজত আমাৰ অসমীয়া ল’ৰাবোৰ সোমাইছেগৈ কিয় ? কোনোবাই যদি বেলেগৰ ব্যৱসায়ত সোমাব যায়, দখল কৰি কাঢ়িবলৈ যায়, এইটোওটো ভাল কথা নহয় ।"
কেৱল চান্দাজীৱী হৈ জীয়াই থকাৰ কথা ভাবিব নালাগে বুলি একাংশ সংগঠনক মুকলি সমালোচনা কৰি অখিল গগৈয়ে কয়, "২৪ ঘণ্টাই যদি আমাৰ কিছুমান জাতীয় সংগঠনে কেৱল চান্দাৰ কথাই ভাবি থাকে এইটোও কিন্তু সমৰ্থনযোগ্য কথা নহয় । আমি জাতীয় সংগঠনে এক জাতীয় অৰ্থনীতিৰ কথা ভাবিব লাগে, কেৱল চান্দাজীৱী হৈ জীয়াই থকাৰ কথা ভাবিব নালাগে । দুলীয়াজানৰ কথাটো দুৰ্ভাগ্যজনক ।"
বিজেপিৰ দিনত দম বাঢ়িছে হিন্দীভাষী আৰু বাংলাভাষীৰ:
বিধায়ক অখিল গগৈয়ে কৰিলে আন এক বিস্ফোৰক মন্তব্য । বিজেপি চৰকাৰৰ দিনত খিলঞ্জীয়াৰ ওপৰত অনাঅসমীয়াৰ অত্যাচাৰ বাঢ়িছে বুলি মন্তব্য় কৰি অখিল গগৈয়ে কয়, '“বিজেপি চৰকাৰৰ দিনত হিন্দীভাষী আৰু বাংলাভাষী মানুহৰ আমাৰ খিলঞ্জীয়া মানুহতকৈ দমটো বাঢ়ি গৈছে । অসমৰ খিলঞ্জীয়া মানুহে এতিয়া য’ত ত’তে মাৰ খাব লৈছে । এইটো দুৰ্ভাগ্যজনক । এইটোত লাই দিছে বিজেপি চৰকাৰে ৷ বিজেপি আৰু আৰএছএছে এইটো কৰাইছে । এইটো দুৰ্ভাগ্যজনক ।”
চান্দা দুষ্কৃতি কমাই কৰ্ম সংস্কৃতি বঢ়াব লাগে:
লগতে অখিল গগৈয়ে সকলো সময়তে চান্দাৰ বিৰোধিতা কৰি চান্দাৰ পৰিৱৰ্তে কৰ্ম সংস্কৃতি বঢ়াবলৈ আহ্বান জনাই কয়, “কিন্তু একেটা সময়তে যদি য’তে ত’তে এই চান্দাৰ কথাটো থাকে সেইটোও বৰ দুৰ্ভাগ্যজনক । গতিকে আহ্বান জনাও চান্দা দুষ্কৃতিটো কমাই কৰ্ম সংস্কৃতিটো বঢ়াব লাগে । বহুত অসমীয়া মানুহে বহুত ভাল ব্যৱসায় কৰি আছে । মই একলগে আশা কৰিম, এফালে অসমীয়া মানুহৰ খিলঞ্জীয়া বিৰোধী স্থিতিৰ অৱসান ঘটক আৰু আনফালে, খিলঞ্জীয়াৰ ওপৰত অনাঅসমীয়া আৰু সন্দেহযুক্ত বিদেশীৰ উপদ্ৰৱ বন্ধ হওক । লগতে অকল খিলঞ্জীয়াৰ নামত এখন বেপাৰ চলালে কিন্তু সেয়া জাতীয়তাবাদ নহয় । অসমীয়া জাতীয়তাবাদ প্ৰগতিশীলতাৰ নামত যাব লাগিব । অসমীয়া জাতীয়তাবাদ সকলোকে সামৰি লোৱাৰ দিশে যাব লাগিব ৷”