ETV Bharat / state

উপাচার্য পদৰ পৰা অব্যাহতি লওক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৰিমা সোঁৱৰাই স্বয়ং ননীগোপাল মহন্তৰ হাততেই তুলি দিলে স্মাৰকপত্ৰ

কনিষ্ঠ ভ্ৰাতৃৰ কৰ্মকাণ্ডই সমগ্ৰ অসম তোলপাৰ লগাই থকাৰ পিছত এইবাৰ জ্যেষ্ঠ ভ্ৰাতৃৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৷

Nani Gopal Mahanta
ড৹ ননীগোপাল মহন্ত (X/@ngmahanta)
author img

By ETV Bharat Assamese Team

Published : October 9, 2025 at 7:16 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: কনিষ্ঠ ভ্ৰাতৃৰ কৰ্মকাণ্ডই সমগ্ৰ অসম তোলপাৰ লগাই থকাৰ পিছতে এইবাৰ জ্যেষ্ঠ ভ্ৰাতৃৰ বিৰুদ্ধে উঠিছে কেতবোৰ গুৰুতৰ অভিযোগ ৷ বিভিন্ন পক্ষৰ পৰা এই অভিযোগ অহাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে এই অভিযোগ আনিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভ্ৰাতৃ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ননীগোপাল মহন্তক এইবাৰ উপাচাৰ্যৰ আসন এৰিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷

আনকি আজি যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বই ড৹ ননীগোপাল মহন্তক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰি তেওঁৰ হাতত এখন স্মাৰকপত্ৰ অৰ্পণ কৰে, য'ত স্পষ্ট ভাষাত এই সন্মানীয় আসনখনৰ পৰা অব্যাহতি ল'বলৈ তেওঁক আহ্বান জনোৱা হয় ৷

AJYCP submitted memorandum
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰকপত্ৰখন (ETV Bharat Assam)

স্মাৰকপত্ৰখনত কোৱা হয়- "বিভিন্ন ৰাজহুৱা মাধ্যমত আপোনাৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে ক্ষমতাৰ অপব্যৱহাৰ, নিবিদা আহ্বান নকৰি অনৈতিকভাবে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি নির্মাণ, বিশ্ববিদ্যালয়ৰ বিভিন্ন শিতানত ব্যাপক বিত্তীয় অনিয়ম, স্বজনতোষণ আৰু দুর্নীতিৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয় । ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ আসনখন পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ, ড° সূর্যকুমাৰ ভূঞাৰ দৰে মনিষী সকলে অলংকৃত কৰি থৈ গৈছে । ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়খন কেবল ভাৰতৰ এখন আগশাৰীৰ উচ্চশিক্ষাৰ অনুষ্ঠানেই নহয়, গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া ৰাইজৰ বাবে এক জাতীয় সম্পদ, জাতীয় স্বাভিমান । গতিকে আপোনাৰ বিৰুদ্ধে উত্থাপিত ৰাজহুৱা অভিযোগসমূহে জাতীয় অনুষ্ঠানটোৰ গৰিমা লাঘৱ কৰাৰ লগতে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ উপাচাৰ্যৰ আসনখনো কলংকিত কৰিছে । ইয়াৰ লগতে এনেবোৰ ঘটনাই অনাগত সময়ত বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক দিশটোত ব্যাপক নেতিবাচক প্রভাৱ পেলাব, লগতে আপোনাৰ কলংকিত এই অধ্যায়ে সমাজখনকো প্রভাবিত কৰিছে । এয়া অত্যন্ত দুর্ভাগ্যজনক আৰু ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত কেতিয়াও নোহোৱা নোপোজা ঘটনা ।"

AJYCP submitted memorandum
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰকপত্ৰখন (ETV Bharat Assam)

স্মাৰকপত্ৰখনত আৰু কোৱা হয়- "আপোনাৰ বিৰুদ্ধে ৰাজহুৱাকৈ কোনো পক্ষই যদি ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে, তেনেহলে আপুনি তেনে পক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে । কিন্তু কেৱল মানহানি গোচৰ দিয়াটোৱেই আপোনাৰ শেষ দায়িত্ব হব নোৱাৰে । প্ৰতিটো অভিযোগ ৰাজহুৱাকৈ তথ্য আৰু প্ৰমাণ সহকাৰে নস্যাৎ কৰাটোও আপোনাৰ নৈতিক কর্তব্য আৰু দায়িত্ব । তাৎপর্যপূর্ণ বিষয়টো হ'ল যে আপুনি আপোনাৰ বিৰুদ্ধে উত্থাপিত উপৰোক্ত ভয়াবহ দুর্নীতি আৰু স্বজন-তোষণৰ অভিযোগ সমূহ অদ্যপি যুক্তিনিষ্ঠ আৰু প্ৰমাণ সহকাৰে খণ্ডন কৰিব পৰা নাই অথবা আপোনাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বা ভিত্তিহীন বুলি প্ৰমাণ কৰিবলৈ আপুনি নিৰপেক্ষ তদন্তৰ আহ্বান জনোৱা নাই ।

অভিযোগ নস্যাৎ কৰিবলৈ তথ্য প্রমাণ দি ৰাইজক আশ্বস্ত কৰিবলৈ সামান্যতম চেষ্টা কৰাও আমাৰ দৃষ্টিগোচৰ হোৱা নাই । ইয়াৰ পৰিবৰ্তে আপুনি অভিযোগ উত্থাপনকাৰীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিবলৈ আইনগত ব্যবস্থা গ্রহণ কৰাৰ ভাবুকি দি দায়িত্ব সামৰিছে । সেয়া দৰাচলতে মুখ বন্ধ কৰাৰ এক কৌশল বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ । আপুনি ক্ষমতাশালী লোক, সেয়া সর্বজনবিদিত । কিন্তু আইনী ব্যবস্থা গ্রহণৰ ভাবুকি দি মুখ বন্ধ কৰাৰ ভাবুকি দিয়াতকৈ অসমৰ ৰাইজে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ সঠিক তদন্তৰে প্ৰকৃত সত্য উদ্‌ঘাটন হোৱাটো কামনা কৰে ।

গতিকে অসমৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ ওচৰত দায়বদ্ধ এক সংগঠন হিচাপে আমি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আপোনাৰ বিৰুদ্ধে উত্থাপিত ভয়াবহ দুর্নীতি আৰু স্বজনতোষণৰ অভিযোগ সমূহৰ প্ৰকৃত সত্য উন্মোচনৰ বাবে আপুনি সমগ্র বিষয়টোৰ নিৰপেক্ষ তদন্ত আহ্বান কৰি তদন্ত প্রক্রিয়া সম্পূর্ণ নোহোৱা পর্যন্ত নৈতিক দায়িত্ব পালন কৰি উপাচার্য পদৰ পৰা অব্যাহতি গ্রহণ কৰিবলৈ দাবী জনালোঁ । আশা কৰোঁ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সোণসেৰীয়া ইতিহাস আৰু বিদ্যায়তনিক দিশৰ গৰিমা ৰক্ষাৰ স্বার্থত বিষয়টোত গুৰুত্ব প্রদান কৰি আৰু নৈতিকতাৰ ওচৰত শিৰনত কৰি কাৰ্যকৰী পদক্ষেপ গ্রহণ কৰিব ।"

লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি আছুৰ