শামুকীয়া গতিত চলিছে ধেমাজি-ঢকুৱাখনা সংযোগী দুইলেনযুক্ত পথ নিৰ্মাণৰ কাম - Asom mala project
Dhemaji to Dhakuwakhana new road: লেহেমীয়া গতিত নিৰ্মাণকাৰ্য চলি থকা এটা দুইলেনযুক্ত পথৰ বাবে হাৰাশাস্তিত ভূগিছে সৰ্বসাধাৰণ ৷ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে ক্ষোভ স্থানীয় লোকৰ ৷ সমস্যা সমাধানৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৷

Published : June 28, 2024 at 1:57 PM IST
ধেমাজি, 28 জুন: নিৰ্মীয়মাণ অৱস্থাত থকা দুইলেনযুক্ত এটা পথে জ্বলা-কলা খুৱাইছে স্থানীয় লোকক ৷ এজাক বৰষুণ দিলেই পথচাৰীৰ লগতে বিভিন্ন আৰোহীসকলে যাতায়াতৰ সময়ত নৰক যন্ত্ৰণা ভূগিবলগীয়া হৈছে ।
জানিব পৰা মতে, ধেমাজিৰ তেলিজান তিনিআলিৰ পৰা মাছখোৱা হৈ ঢকুৱাখনালৈ যোৱা নৱনিৰ্মিত পথটো অসম মালা আঁচনিৰ অধীনত বিগত বছৰৰ পৰাই কাম আৰম্ভ হৈছে, যদিও পথটোৰ ঠায়ে ঠায়ে নিৰ্মাণ অসম্পূৰ্ণ হৈ ৰোৱাত ঢকুৱাখনা মাছখোৱা বৃহত্তৰ অঞ্চলবাসীয়ে ধেমাজি সদৰৰ সৈতে যাতায়াত কৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷

বিশেষকৈ বাৰিষা সময়ত এজাক বৰষুণতে কদৰ্য হৈ পৰিছে পথটোৰ নিৰ্মাণ নকৰাকৈ থকা অংশ ৷ ইয়াৰ লগতে ধেমাজিৰ আমুলগুৰি, হাতীগড় আৰু বুটিকোৰ অঞ্চলত অসম্পূৰ্ণ হৈ ৰোৱা তথা উন্মুক্ত হৈ থকা পকী কালভাৰ্ট কেইটাৰ বাবেও বিপদৰ আশংকাত ভূগিছে আৰোহীৰ লগতে পথচাৰীসকলক ৷
স্থানীয় লোকে জনোৱা অনুসৰি, পথটোৰ নিৰ্মাণকাৰ্যৰ দায়িত্ব লাভ কৰিছে শিৱম নামৰ এটা নিৰ্মাণকাৰী সংস্থাই ৷ লেহেমীয়া গতিৰে ৰাজহুৱা পথ এটি নিৰ্মাণ কৰি থকাক লৈ এতিয়া জাঙুৰ খাই উঠিছে জিলাখনৰ বিভিন্ন দল-সংগঠন ৷
লগতে পঢ়ক: অতি লেহেম গতিত চলিছে উজনি অসমৰ ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম
পথটো খৰতকীয়াকৈ নিৰ্মাণ কৰি যাতায়াতৰ সু-ব্যৱস্থা কৰি দিয়াৰ দাবী তুলি ধেমাজি জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ এই কথা জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই ৷ পথটোৰ নিৰ্মাণকাৰ্য খৰতকীয়াকৈ সমাপ্ত কৰি যাতায়তৰ সু-ব্যৱস্থা শীঘ্ৰে কৰি নিদিলে, স্থানীয় লোকসকলক লগত লৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে অনাগত সময়ত আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

