গোলাঘাট: গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হয় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ একবিংশতিতম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন । দেওবাৰে এই অধিৱেশনৰ সফল সামৰণি পৰে ।
অধিৱেশনৰ সামৰণি দিনাই গোলাঘাট নগৰৰ মহেশ্বৰী বিবাহ ভৱনত বিষয় বাচনি সভা অনুষ্ঠিত হয় । উক্ত বিষয় বাচনি সভাত বৰ্তমানৰ সংগঠনটোৰ সভাপতি পলাশ চাংমাই দ্বিতীয়টো কাৰ্যকালৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে পুনৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ।

চলিত কাৰ্যকালৰ বাবে সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু বজালীৰ বিজন বায়নৰ মাজত হোৱা ভোটযুদ্ধত বিজন বায়ন যুৱ ছাত্ৰ পৰিষদৰ আগন্তুক কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় । মুখ্য উপদেষ্টা হিচাপে ৰাণা প্ৰতাপ বৰুৱা, উপদেষ্টা ক্ৰমে কমল ভৰালী, পুলক বৰা, ৰঞ্জিত চাংমাই, ভৱেশ কাকতি নিৰ্বাচিত হয় ।

উপ-সভাপতি হিচাপে গোলাঘাটৰ জিতুল ৰাজখোৱা দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে যোৰহাটৰ শিৱ কলিতা, মায়াংৰাণী লাহন গগৈ আৰু দেৱজিৎ দাস উপ-সভাপতি হিচাপে নিৰ্বাচিত হয় । সহকাৰী সম্পাদক হিচাপে চাবিৰ আহমেদ, মৃদুল তালুকদাৰ, সুৰজিৎ মৰাণ, প্ৰণৱজিৎ কলিতা, প্ৰাগজ্যোতিয় বণিয়া নিৰ্বাচিত হয় ।

যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয়- আব্দুল হাচিম, অঞ্জুমণি দত্ত, দিগন্ত গগৈ আৰু কমল সিং দত্ত নিৰ্বাচিত হয় । সাংগঠনিক সম্পাদক হিচাপে ৰাজীৱ গগৈ, দীপমণি বৰা, মণ্টু কুমাৰ শৰ্মা, ইক্ৰামুল হক আৰু প্ৰদীপ শৰ্মা নিৰ্বাচিত হয় ।

গোলাঘাটৰ দিগন্ত চেতীয়া ক্ৰীড়া সম্পাদক হিচাপে নিৰ্বাচিত হয় । শিক্ষা সম্পাদক হিচাপে গীতাৰ্থ শইকীয়া, সাংস্কৃতিক সম্পাদক হিচাপে সুৰয কলিতা, বিত্ত সম্পাদক হিচাপে জ্ঞান শৰ্মা, সমাজসেৱা সম্পাদক হিচাপে কুশল চেতীয়া নিৰ্বাচিত হয় ।
আগন্তুক দুটা কাৰ্যকালৰ বাবে গঠন কৰা এই কেন্দ্ৰীয় সমিতিখনে সংগঠনটোৱে দীৰ্ঘদিনৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাই অহা অসমত দ্বি-নাগৰিকত্ব প্ৰদান আৰু ইনাৰ লাইন পাৰ্মিটৰ প্ৰৱৰ্তনৰ লগতে অসমৰ জ্বলন্ত সমস্যাসমূহ সামাধাণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি সকলোৱে আশাবাদী ।