ETV Bharat / state

কাজিৰঙাৰ কাৰ্বি পাহাৰত ভূ-মাফিয়াৰ হাতোৰা ! ক্ষোভিত দল-সংগঠন

কাজিৰঙাত কাৰ নিৰ্দেশত চলিছে পাহাৰ খনন কাৰ্য ? জড়িত নেকি বনবিভাগৰ কৰ্মচাৰী ? ভূ-মাফিয়াৰ বিৰুদ্ধে লোৱা হ'বনে ব্যৱস্থা ?

AJYCP opposes excavation in Karbi hills of Kaziranga
কাজিৰঙাৰ কাৰ্বি পাহাৰত ভূ-মাফিয়াৰ হাতোৰা ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 20, 2025 at 5:39 PM IST

6 Min Read
Choose ETV Bharat

কাজিৰঙা: ৰাজ্যৰ বনবিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ গোপন মিতিৰালিৰ বাবেই কাজিৰঙাৰ কাৰ্বি পাহাৰ নিঃশেষ হ’বলৈ ধৰাৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰে যদি এফালে সেউজীকৰণৰ দোহাই দি গছপুলি ৰোপণ কৰিছে আনফালে আকৌ ধাৰাবাহিকভাৱে চলি আছে প্ৰকৃতি ধ্বংসযজ্ঞ ।

একাংশ ৰাইজে জনোৱা মতে, একাংশ মাফিয়াই ‘‘চৰকাৰী পক্ষক মেনেজ’’ কৰি সেউজ কাৰ্বি পাহাৰ খহাই কাজিৰঙালৈ ভাবুকি কঢ়িয়াই আনিছে । কাৰ্বি আংলং জিলা বন বিভাগৰ লোকৰ লগতে আৰক্ষীৰ জ্ঞাতসাৰেই এফালৰ পৰা পাহাৰ আৰু মূল্যবান গছ-গছনি তহিলং কৰাৰ অভিযোগে সৃষ্টি কৰিছে চাঞ্চল্য । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰত একাংশ ভূ-মাফিয়াই অবাধ পাহাৰ খনন চলোৱাৰো অভিযোগ উঠিছে ।

কাজিৰঙাৰ কাৰ্বি পাহাৰত ভূ-মাফিয়াৰ হাতোৰা ! (ETV Bharat Assam)

আনকি, পাহাৰৰ প্ৰকাণ্ড শিল খহাই পুতি পেলোৱা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বৈ যোৱা কহৰা নৈ । পাহাৰ খননৰ বিৰুদ্ধে সর্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা থকাৰ পিছতো একাংশ ব্যৱসায়ীয়ে এফালৰ পৰা ধ্বংস কৰি পেলাইছে কার্বি আংলঙৰ সেউজীয়া পাহাৰ ।

শেহতীয়াকৈ গোলাঘাট আৰু কাৰ্বি আংলং সীমান্তৰ হাতীপাথৰ বনভোজথলীৰ কাষৰ সেউজীয়া পাহাৰৰ এফালৰ পৰা খনন চলাইছে ভূ-মাফিয়াই । কাটিছে বৃহৎ বৃহৎ গছ । কার্বি আংলঙৰ হাতীপাথৰ বনভোজস্থলীলৈ বিভিন্ন সময়ত বহু লোকৰ আগমন হয় ।

আনকি পর্যটকেও সেউজীয়া পৰিৱেশ উপভোগ কৰিবলৈ সেই ঠাইলৈ যায় । কিন্তু পাহাৰৰ বুকু ছিৰাছিৰ কৰি আছে । বন বিভাগৰ চকুৰ সমুখতে বন ধ্বংস অব্যাহত আছে যদিও চকু মুদা কুলিৰ ভাৱত কার্বি আংলং বন বিভাগ । কাজিৰঙাৰ অধিকাংশ পাহাৰতে ভূ-মাফিয়াৰ দদপনিৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ পৰা বন বিভাগ কিয় বিৰত আছে সেয়াহে ৰহস্যৰ কাৰণ ।

লগতে পঢ়ক: দিহিং পাটকাইৰ অবৈধ কয়লা খননৰ গোচৰক লৈ কঠোৰ উচ্চ ন্যায়ালয়

স্মৰ্তব্য যে, ২০১৯ বৰ্ষৰ ১২ এপ্ৰিলত ভাৰতৰ উচ্চতম ন্যায়ালয়ে কাজিৰঙা আৰু কাৰ্বি আংলঙত চলি থকা সকলোধৰণৰ খননকার্য বন্ধ কৰিবলৈ নির্দেশনা দিছিল । ইপিনে, কাজিৰঙাত ভয়াৱহ ৰূপত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতৰ অন্যতম কাৰণ অবাধ পাহাৰ খনন তথা বন ধ্বংস যদিও এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই কার্বি আংলং বন বিভাগে ।

আনহাতে, কেৱল অবৈধ পাহাৰ খনন কৰাই নহয়, এতিয়া কাঠৰ একাংশ চোৰাং ব্যৱসায়ীয়ে কাৰ্বি পাহাৰৰ মূল্যৱান গছ-গছনি কাটি এফালৰ পৰা তহিলং কৰিছে । দৈনিক কার্বি পাহাৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ কৰা হৈছে মূল্যৱান কাঠ । ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বিগত ১০ দিনত কেইবাখনো অবৈধভাৱে কাঠ কঢ়িয়াই অনা বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ।

ইফালে বৃহস্পতিবাৰে খননস্থলীত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এটা উচ্চস্তৰীয় দল । কেন্দ্রীয় উপ-সভাপতি বিপুল বৰাৰ নেতৃত্বত অহা দলটোৱে অবৈধ পাহাৰ খনন দেখি স্তম্ভিত হৈ পৰে । এই দুষ্কাৰ্যৰ বাবে কার্বি আংলং জিলা বন বিভাগৰ লগতে আৰক্ষীও দায়ী বুলি উল্লেখ কৰি শীঘ্ৰে অবৈধ খনন আৰু চোৰাং কাঠৰ ব্যৱসায় বন্ধ কৰিবলৈ দাবী জনায় ।

অন্যথা কাজিৰঙাৰ জনতাৰ সহযোগত তীব্র গণতান্ত্রিক আন্দোলন তথা ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ব বুলি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতিগৰাকীয়ে সকীয়াই দিয়ে ।

AJYCP ৰ কেন্দ্রীয় উপ-সভাপতি বিপুল বৰাই কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি আংলঙৰ পাহাৰ খনন কাৰ্য আমি প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছো । আমি আচলতে আচৰিত হৈছো যে যি চৰকাৰে বন সুৰক্ষাৰ নামত কোটি টকা খৰচ কৰিছে, ইয়াৰ বিপৰীতে ইয়াত বন ধ্বংস কৰি গছ-গছনি কাটি পৰিৱেশ ক্ষতিগ্ৰস্ত কৰিছে । আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হৈ আমি কেইবাবাৰো অবগত কৰিছো । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম আৰু দক্ষিণ দিশে অৱস্থিত পাহাৰসমূহ সংৰক্ষণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰক ।"

তেওঁ লগতে কয়, "সকলোতকৈ আচৰিত কথা দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে নিদৰ্শনা দিয়াৰ পাছতো কাৰ সাহসত এই খনন কাৰ্য চলাই থকা হৈছে ? আমি কঠোৰ ভাষাৰে গৰিহণা দিছো । মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি এই খননকাৰ্য বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ।‌ নহ'লে আমাৰ সংগঠনৰ লগতে কাজিৰঙা বাসী ৰাইজ একত্ৰিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম ।"

বৰাই লগতে কয়, "এই অবাধ বন ধ্বংসৰ লগতে পাহাৰ খননৰ ফলত জীৱ কুলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । প্ৰাকৃতিক দুৰ্যোগ বানপানীৰ সময়ত কাৰ্বি আংলঙৰ এই পাহাৰসমূহ জীৱ-জন্তুৰ বাবে আৱাসস্থলী হৈ পৰে, কিন্তু এই খননকাৰ্যৰ ফলত ওখ ঠাইৰ পৰিমাণ কম হৈ আহিছে ।"

লগতে পঢ়ক: অসমত হ'ব নেকি বৰভূঁইকঁপ ? কি কয় ভূতত্ত্ববিদে

আনহাতে, AJYCP ৰ আন এগৰাকী বিষয়ববীয়া নিলোৎপল খাউণ্ডে কয়, "আজি আমি এই ক্ষেত্ৰখন দেখিবলৈ পায় আচৰিত হৈছো যে প্ৰকৃতিৰ পৰা পোৱা এনে সম্পদসমূহ ধ্বংস কৰি যি দৰে বহিৰাগত পুঁজিপতি গোষ্ঠীয়ে, ব্যৱসায় গোষ্ঠীয়ে লুণ্ঠন চলাইছে, ই এক দুৰ্ভাগ্যজনক ঘটনা । আমি এই সময়ত কাৰ্বি আংলং প্ৰশাসন, বন বিভাগ, অসম চৰকাৰক সঁকিয়াই দিব বিচাৰিছোঁ যে প্ৰাকৃতিক সম্পদসমূহৰ ধ্বংসকাৰ্য বন্ধ কৰক, নহ'লে অনাগত দিনবোৰত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে চেষ্টা কৰক আৰু বিভিন্ন প্ৰচেষ্টা হাতত লওক ।"

তেওঁ লগতে কয়, "কাজিৰঙাৰ এই জীৱকুল তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়াত বসবাস কৰা লোকসকলৰ ৰক্ষাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । যদি গ্ৰহণ নকৰে তেতিয়া আমি সন্দেহ প্ৰকাশ কৰিম যে কাৰ্বি আংলং প্ৰশাসন, বন বিভাগ আৰু অসম চৰকাৰ প্ৰত্যক্ষভাৱে এই বিষয়টোৰ লগত জড়িত আছে ।’’

ইয়াৰোপৰি খাউণ্ডে কয়, "আমি পূৰ্বতেও কৈছো কাজিৰঙাৰ পৰা অবাধ হাৰত গছ-গছনিৰ ধ্বংসলীলা চলিছে । এই গছ-গছনি ধ্বংস কৰি ব্যৱসায়িক গোষ্ঠীয়ে মুনাফা অৰ্জন কৰিছে । অৰুণাচল প্ৰদেশ, নগাঁও হৈ কাঠবোৰ সৰবৰাহ হৈছে । এই বিষয়সমূহৰ বিষয়ে কাৰ্বি আংলং প্ৰশাসন, বন বিভাগ আৰু অসম চৰকাৰ অৱগত, লগতে আমি সন্দেহ প্ৰকাশ কৰো যে বিভিন্ন প্ৰশাসকৰ আৰু চৰকাৰে ইয়াৰ পৰা মুনাফা লাভ কৰে । সেইবাবে তেওঁলোক নিমাত ।"

লগতে পঢ়ক: যুৱ মহোৎসৱত উত্তেজনা, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ - KARBI YOUTH FESTIVAL

নাৰী সৰবৰাহ: অৰুণাচলত উদ্ধাৰ তিনিচুকীয়াৰ কিশোৰী - HUMAN TRAFFICKING IN TINSUKIA