ETV Bharat / state

বহুক্ষেত্ৰত হয়তো পাহৰি যোৱা যায় শিল্পীসকলক: জাহ্নু বৰুৱা

জাহ্নু বৰুৱাক প্ৰদান কৰা হ'ল পঞ্চদশ বাৰ্ষিক মঘাই ওজা বঁটা । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে যুৱ ছাত্র পৰিষদে ।

Filmmaker Jahnu Barua presented the 15th Annual Maghai Ojah Award
জাহ্নু বৰুৱালৈ মঘাই ওজা বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 9:10 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: জাতীয় জীৱনৰ বন্দিত সত্তা, অসমৰ চহকী লোকবাদ্য ঢোলৰ যাদুকৰ গণশিল্পী মঘাই ওজা জন্ম আৰু মৃত্যুবাৰ্ষিকী দুদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ মাধৱ চন্দ্ৰ চক্ৰৱৰ্তী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ।

দেওবাৰে দ্বিতীয় দিনা অনুষ্ঠিত হোৱা শেষৰ কাৰ্যসূচীত পঞ্চদশ গণশিল্পী মঘাই ওজা বঁটা প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাক প্ৰদান কৰা হয় । আজি গাম্ভীৰ্যপূণ অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাক এই বটা প্ৰদান কৰে যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইকে আদি কৰি যুৱ ছাত্র পৰিষদৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াই ।

জাহ্নু বৰুৱালৈ মঘাই ওজা বঁটা (ETV Bharat Assam)

এই বঁটাত আছে এখন মানপত্ৰ, গামোচা, চেলেং, জাপি, সঁফুৰা আৰু নগদ ২৫ হাজাৰ টকা । আনহাতে এই বঁটা প্ৰদান অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই কয়, "ৰজাঘৰে গণশিল্পীগৰাকীক যিদৰে সন্মান আৰু স্বীকৃতি দিব লাগিছিল সেয়া প্ৰদান নকৰিলে । কাৰণ মঘাই ওজাৰ সমাধিক্ষেত জিলা প্ৰশাসনে জন্ম আৰু মৃত্যু বাৰ্ষিকীত এগছিও বন্তি প্ৰজ্বলন নকৰিলে ।"

Filmmaker Jahnu Barua presented the 15th Annual Maghai Ojah Award
জাহ্নু বৰুৱালৈ মঘাই ওজা বঁটা (ETV Bharat Assam)

আনহাতে জাহ্নু বৰুৱাই কয়, "গনশিল্পী মঘাই ওজা বঁটা গ্ৰহণ কৰি মই সঁচাকৈ আপ্লুত । বহুক্ষেত্ৰত হয়তো পাহৰি যোৱা যায় শিল্পীসকলক ৷ কিন্তু ৰাজনৈতিক নেতাসকলে এইক্ষেত্ৰত সজাগ হৈ থকাটো উচিত আৰু মনত ৰখাটো প্ৰয়োজনীয় । জাতিৰ বাবে কাম কৰি যোৱা শিল্পীসকলৰ দিৱসসমূহ জাতিটোৰ কাৰণে খুব প্ৰয়োজন আৰু চৰকাৰখনৰ কাৰণেও প্ৰয়োজন । কিন্তু কেতিয়াবা কেতিয়াবা ই হৈ নুঠে ।"

Filmmaker Jahnu Barua presented the 15th Annual Maghai Oza Award
মঘাই ওজা দিৱস (ETV Bharat Assam)

আনহাতে জাহ্নু বৰুৱাই ২০২৫ বৰ্ষত অসমবাসীৰ কাৰণে এখন অসমীয়া চিনেমা কৰি থকাৰ কথা উল্লেখ কৰে আৰু সময়ত এই কথা অসমবাসীয়ে গ'ম পাব আৰু "এনে বিষয়সমুহ মই প্ৰচাৰ কৰি বেয়া পাও" বুলি মন্তব্য় কৰে । উল্লেখ্য, ১৯১৬ চনত যোৰহাট হাতীগড় মৌজাৰ নাওশলীয়া গাঁৱত জন্মগ্ৰহণ কৰা গণশিল্পী মঘাই ওজাই ঢোলৰ যাদুৰে অসমৰ স্বাভিমান ঢোলক বিশ্বদৰবাৰলৈ লৈ গৈছিল আৰু ১৯৭৮ চনৰ ১৫ মাচত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল ।

লগতে পঢ়ক: জাহ্নু বৰুৱালৈ পঞ্চদশ বাৰ্ষিক মঘাই ওজা বঁটা - MOGHAI OJAH DIWAS OBSERVES

৪২ বছৰে কেমেৰাৰ আঁৰত থকা জাহ্নু বৰুৱা এইবাৰ অভিনেতাৰ ৰূপত - FILMMAKER JAHNU BARUA PAATAL LOK 2