ETV Bharat / state

এপেক্স বেংকত কি চলিছিল, কি চলিছে ? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰক: দাবী অজাপৰ

এপেক্স বেংকৰ বিত্তীয় কেলেংকাৰীক লৈ সৰৱ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা । মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ।

AJP press conference on financial scam of Apex Bank Limited
অজাপৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 1, 2025 at 8:46 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম কো-অ’পাৰেটিভ এপেক্স বেংক লিমিটেডত সংঘটিত বিত্তীয় অনিয়মৰ অভিযোগৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অস্থিৰ হৈ পৰা বুলি অভিযোগ কৰিছে অসম জাতীয় পৰিষদে । মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এই অভিযোগ উত্থাপন কৰে ।

ভূঞাই কয়, "অসম কো-অ’পাৰেটিভ এপেক্স বেংক লিমিটেডত সংঘটিত বিত্তীয় অনিয়মৰ অভিযোগৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অস্থিৰ হৈ পৰিছে । এই অভিযোগৰ বিষয়ে প্ৰশ্ন কৰিবলৈ যোৱা সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে । এতিয়া আকৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পিছত আদালতৰ নিৰ্দেশত জামিন পোৱা সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আক্ৰোশমূলক মন্তব্য দিছে ।"

অজাপৰ সংবাদমেল (ETV Bharat Assam)

তেওঁ লগতে কয়, "মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৈছে যে দিলোৱাৰহঁতৰ দৰে মানুহক খতম কৰাৰ বাবে বি জে পিৰ জন্ম হৈছে । এই বক্তব্যই দুইধৰণৰ ইংগিত দিছে ।‌ এয়া এক সাম্প্ৰদায়িক মন্তব্য । আকৌ বেংকটোৰ দুৰ্নীতিক গাপ দিবলৈ কৰা বক্তব্য । মুখ্যমন্ত্ৰীয়ে‌ সাহস আছে যদি এপেক্স বেংক লিমিটেডত সংঘটিত বিত্তীয় অনিয়মৰ তদন্তৰ কৰক । এয়া আমাৰ দাবী । ‌কাৰণ ৰাইজ আৰু দল-সংগঠনৰ এনেধৰণৰ অনিয়ম দেখুৱাই দিয়াটো নৈতিক দায়িত্ব ।‌ তাক স্পষ্ট কৰাৰ দায়িত্ব চৰকাৰৰ ।"

ইয়াৰোপৰি সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "২০২৪ চনৰ জুন মাহৰ পৰা বেংকটো কোনো 'আই টি ভেণ্ডৰ'ৰ সৈতে আনুষ্ঠানিক চুক্তি নোহোৱাকৈ অট’-পাইলট মুডত চলি আছে । এই পৰিস্থিতিয়ে এক বৃহৎ বিত্তীয় সংকটৰ সম্ভাৱনা সৃষ্টি কৰিছে । অভিযোগ অনুসৰি, ২০১৮ চনত ২৮ কোটি আছিল বেংকটোৰ ডিজিটেল প্লেটফৰ্ম উন্নীতকৰণ খৰচ । কিন্তু ২০২৫ চনত ইয়াৰ ব্যয় অত্যধিক বৃদ্ধিহৈ প্ৰায় ৫০ কোটি পাইছে, য’ত কে পি এম জিক সন্দেহজনকভাৱে ১৪ কোটি টকা আদায় দিয়া হৈছে ।"

ভূঞাই লগতে কয়, "এই অভিযোগক গুৰুত্ব সহকাৰে লৈ অসম চৰকাৰৰ সমবায় বিভাগে বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছে যদিও এতিয়ালৈকে কোনো তদন্ত হোৱা নাই । বেংকটোত ৬০ কোটি ৩০ লাখ টকাৰ লুণ্ঠনো হৈছে । ‌এই লুণ্ঠনত ৰাজেশ বাজাজ নামৰ ব্যক্তিজন জড়িত আছে । অসম কো-অ’পাৰেটিভ এপেক্স বেংক লিমিটেড ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ বিত্তীয় প্ৰতিষ্ঠান । এই বিত্তীয় অনিয়ম সন্দৰ্ভত উদ্ভৱ হোৱা অভিযোগে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি কৰিছে ।" তেওঁ লগতে বেংকটোত সংঘটিত এই বৃহৎ পৰিমাণৰ বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰাৰ‌ বাবে এছ আই টি গঠন‌ কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰাৰো দাবী জনায় ।

লগতে পঢ়ক: মহাফেজখানাত হাতুৰীৰ কোব: ব্ৰিটিছে প্ৰতিষ্ঠা কৰা কটন কলেজো ভাঙি পেলাব নেকি ? প্ৰশ্ন জাতীয় পৰিষদৰ - JAGADISH BHUYAN CRITICIZED ASSAM CM

মহম্মদ ইউনুছৰ এনে উত্তেজক বক্তব্যক সহজভাৱে লোৱা উচিত নহয়: মুখ্যমন্ত্ৰী ড৹ শৰ্মা - CM HIMANTA REACTION ON YUNUS REMARK