অসমত পুলিচৰাজ-জংঘলৰাজ হ'বলৈ দিয়া নহ'ব: লুৰীণজ্যোতি গগৈ
শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ আহি বিমুখ হৈ উভতিল লুৰীণজ্যোতি গগৈ । সৈনিকক মোকলাই নিদিলে উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ ।

Published : May 23, 2025 at 8:20 PM IST
ডিব্ৰুগড়: আৰক্ষী প্ৰশাসনৰ কঠোৰ নিৰ্দেশৰ পাছতো শুকুৰবাৰে স্তব্ধ হৈ পৰিল তৈলনগৰী দুলীয়াজান । দিন-দুপৰতে পেট্ৰ'ল পাম্পত বৃহৎ গুণ্ডা বাহিনীৰ আক্ৰমণৰ ঘটনাক লৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ লগতে তেল ডিপো কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত কেইবাটাও দল-সংগঠনৰ আহ্বানত সৰ্বাত্মকভাৱে বন্ধ হৈ পৰিল দুলীয়াজান । এই বন্ধ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন জিলাৰ পৰা অহা বীৰ লাচিত সেনাকে ধৰি দল-সংগঠনৰ নেতাসকলক দুলীয়াজান পোৱাৰ পূৰ্বেই আটক কৰে আৰক্ষীয়ে ।
মৰাণৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক । ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰখা হৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ৷ কাৰ্যালয়লৰ চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ডিব্ৰুগড় আৰক্ষীৰ ৷ কাৰ্যালয়ত সাংবাদিকৰো প্ৰৱেশত দিলে বাধা ৷ শৃংখল চলিহাক আটক কৰা খবৰ লাভ কৰা পাছতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ আহিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ।
কিন্তু ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক সাক্ষাৎ কৰাত বাধা প্ৰদান কৰিলে আৰক্ষীয়ে । শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ আহি অসম আৰক্ষী আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰি বিমুখ হৈ উভতিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ।
অসমত পুলিচৰাজ , জংঘলৰাজ হ'বলৈ দিয়া নহ'ব:
শৃংখল চলিহাক সাক্ষাৎ কৰিব নোৱাৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "গণতান্ত্ৰিক অধিকাৰ এটা মষিমুৰ কৰিবলৈ বিজেপি চৰকাৰে আৰম্ভণিৰ পৰাই কুটকৌশল ৰচনা কৰি আহিছে । দুলীয়াজানৰ ঘটনাৰ পাছত বন্ধ কাৰ্যসূচী আজি লোৱা হৈছিল । কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা শৃংখল চলিহাকে ধৰি বিভিন্ন নেতাসকলক আটক কৰি চৰকাৰৰ স্বৈৰতান্ত্ৰিক আৰু গণতান্ত্ৰিক আন্দোলনৰ বিৰোধী তেওঁলোকৰ চৰিত্ৰ উদঙাই দেখুৱাইছে । যিসকল নেতাক আটক কৰিছে সকলোকে মুকলি কৰিবলৈ দাবী জনাইছোঁ ।"
শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ কৰি তেওঁ কয়, "হেণ্ডকাফ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লগোৱা হৈছিল । কিন্তু ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হোৱা পাছতে নিজৰ স্থিতি সলনি কৰি হেণ্ডকাফ নলগাবলৈ নিৰ্দেশ দিছে । দুলীয়াজানৰ ঘটনাত আমি ৰাজনৈতিক গোন্ধ পাইছোঁ । এই ঘটনাক লৈ কোনোবাই ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ চেষ্টা কৰি মানুহৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে । অসমত কিছুদিনৰ পৰা জংঘলৰাজৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে । অসমত পুলিচৰাজ, জংঘলৰাজ হ'বলৈ দিয়া নহ'ব । আমি কেৱল খবৰ ল'বলৈ আহিছিলো ৷ কিন্তু খবৰ ল'বলৈ অনুমতি দিয়া নাই ।"
স্তব্ধ কৰি দিয়া হ'ব উজনি অসম:
আৰক্ষীৰ বেৰিকেডত ধূলি দি গুৱাহাটীৰ পৰা আহি দুলীয়াজানত উপস্থিত হ'ল বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসম । দুলীয়াজানত প্ৰতিবাদ অব্যাহত থকা মাজতেই বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসম দুলীয়াজানত উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কয়, "অহা ২৪ ঘন্টাৰ ভিতৰত শৃংখল চলিহাসহ আজি আটক কৰা ২৫০ গৰাকী সৈনিকক মোকলাই নিদিলে স্তব্ধ কৰি দিয়া হ'ব উজনি অসম । দুলীয়াজানৰ ঘটনাত যে ৰাজনীতি জড়িত আছে সেই কথা নিশ্চিত হৈছে ।"

