ETV Bharat / state

লুৰীণজ্যোতি গগৈ-জগদীশ ভূঞাৰে নিশা কোন বিধায়ক পুত্ৰৰ গোপন আলোচনা ? - AJP leaders meet BJP MLA son

Khumtai Assembly constituency: খুমটাই সমষ্টিৰ বিধায়কৰ গৃহত অসম জাতীয় পৰিষদৰ নেতৃত্বৰে আলোচনা । এইবাৰ বিজেপি বিধায়কৰ নতুন সমীকৰণৰ ইংগিত । কি বিষয়কলৈ নিশা চলিছিল আলোচনা ?

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 1:23 PM IST

Khumtai Assembly constituency
লুৰীণজ্যোতি গগৈ-জগদীশ ভূঞাৰ সৈতে বব্ৰুবাহন শইকীয়া (ETV BHARAT ASSAM)

গোলাঘাট, ১৬ জুলাই: খুমটাই বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰই অচিৰেই যোগদান কৰিব আঞ্চলিক ৰাজনৈতিক দলত ! বিগত কিছুদিনৰ পৰা দলীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰা বিজেপিৰ বিধায়কগৰাকীৰ ৰাজনৈতিক ভৱিষ্য়তকলৈ চৰ্চা হৈ থকাৰ সময়তেই তেওঁৰ বৰপুত্ৰ বব্ৰুবাহন শইকীয়াই আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰাৰ বাবে যো-জা চলোৱাকলৈ ৰাজনৈতিক মহলত ব্য়াপক আলোচনা চলিছে । ইয়াৰ মাজতেই সোমবাৰে নিশা বিধায়ক পুত্ৰৰ সৈতে অসম জাতীয় পৰিষদৰ নেতৃত্বৰ মাজত হোৱা আলোচনাই বিশেষ গুৰুত্ব লাভ কৰিছে ।

এক সূত্ৰই উল্লেখ কৰা মতে, গোলাঘাটৰ যোগীবাৰীস্থিত বিধায়কগৰাকীৰ বাসগৃহত সোমবাৰে নিশা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভূঞা উপস্থিত হৈ মৃণাল শইকীয়া আৰু পুত্ৰ বব্ৰুবাহনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় । বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰই অসম জাতীয় পৰিষদত যোগদানৰ জৰিয়তে ৰাজনৈতিক পথাৰত আত্মপ্ৰকাশ কৰাৰ যো-জা ইতিমধ্যে আৰম্ভ কৰিছে বুলি বিভিন্ন মহলত বিশেষ চৰ্চা লাভ কৰিছে ।‌

ইয়াকে লৈ ভিন্ন মহলত ভিন্ন প্ৰশ্নৰো অৱতাৰণা হৈছে । কিয়নো ৰাজনৈতিক নেতা, মন্ত্ৰী, বিধায়ক বা নেতাৰ পুত্ৰ, পৰিয়ালে ৰাজনীতিত পদাৰ্পন কৰিলে সাধাৰণতে তেনে পদাংক অনুকৰণ কৰি পিতৃ,পৰিয়ালে জড়িত থকা ৰাজনৈতিক দলতে যোগদান কৰা দেখা যায় । কিন্তু মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়াই আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰাৰ বাতৰিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ।‌ আনহাতে, যোৱা ৬ জুনত সামাজিক মাধ্যমযোগে পুত্ৰক বিধায়ক মৃণাল শইকীয়াই ৰাইজৰ মাজত বিশেষভাৱে চিনাকীও কৰি দিছিল ।

ইফালে, শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মৃণাল শইকীয়াৰ সম্পৰ্কত ঘূণে ধৰাৰ বিষয়টোৱেও চৰ্চা লাভ কৰি আহিছে । লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাচত গৌৰৱ গগৈক সামাজিক মাধ্যমত অভিনন্দন জনোৱাকলৈয়ো আনকি মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । সাতে-পাঁচে মিলি বিধায়ক পুত্ৰৰ আঞ্চলিক ৰাজনৈতিক দল গমনৰ জৰিয়তে খুমটাই বিধানসভা সমষ্টিত এক নতুন ৰাজনৈতিক সমীকৰণৰ প্ৰকৃততে সৃষ্টি কৰিব বিচৰা হৈছে নেকি, ইয়াকলৈও সৰৱ আলোচনাই ঠাই পাইছে ।

লগতে পঢ়ক:বিদায় বিজেপি ! বিধায়কৰ পৰা বিদ্ৰোহী বিধায়কৰ পুত্ৰলৈ... - Assam politics

উল্লেখ্য যে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত খুমটাই সমষ্টিৰ বিজেপিৰ দলীয় টিকটৰ দাবীদাৰ হিচাপে সমাজকৰ্মী, সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিয়ে বিজেপিত যোগদান কৰি সমষ্টিটোত কুচকাৱাজ আৰম্ভ কৰিছে । সেইদৰে প্ৰাক্তন মন্ত্ৰী তথা খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়ক বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰি আৰু অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি পৰীক্ষিত দত্ত , বিজেপিৰ প্ৰবীণ নেতা মৃদুল দত্ত আদিয়েও নিজকে খুমটাইৰ দলীয় টিকটৰ দাবীদাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত ব্ৰতী হৈছে ।

এইবোৰ কাৰককলৈও বিধায়ক মৃণাল শইকীয়া বাৰুকৈয়ে খড়্গহস্ত হৈছে । যদিহে আগন্তুক বিধানসভা নিৰ্বাচনত খুমটাইৰ দলীয় টিকটৰ পৰা কিবা কাৰণত বিধায়ক মৃণাল শইকীয়াক দলে বঞ্চিত কৰে, বৰপুত্ৰ বব্ৰুবাহনক আঞ্চলিক ৰাজনৈতিক দলৰ পৰা সমষ্টিটোত প্ৰক্ষেপ কৰোৱাই সকলো নিৰ্বাচনী অংক ওলট-পালট কৰাৰ ৰণ কৌশলৰ ই এক পূৰ্বাভাষ নেকি বুলিও ৰাজনৈতিক মহলত চৰ্চা হৈছে । এই সম্পৰ্কে বিধায়ক পুত্ৰ বব্ৰুবাহন শইকীয়াক যোগাযোগ কৰাত তেওঁ সংবাদ মাধ্যমত বক্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক:কাৰ পৰা হিমন্ত বিশ্ব শৰ্মাক সাৱধান হ’বলৈ ক’লে মৃণাল শইকীয়াই ? - MLA Mrinal Saikia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.