হিমন্ত বিশ্ব শৰ্মাৰ আঢ়ৈটা দশকৰ ৰাজনৈতিক জীৱন ব্যৰ্থতাৰ দস্তাবেজ: জগদীশ ভূঞা
মুখ্যমন্ত্রীৰ পৰা গুৱাহাটীৰ উন্নয়ন আৰু সমস্যা সমাধানত হোৱা ব্যয়ৰ শ্বেতপত্ৰ প্ৰকাশৰ দাবী অসম জাতীয় পৰিষদৰ ।

Published : June 2, 2025 at 2:39 PM IST
গুৱাহাটী : "চলিত বৰ্ষতে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাত থকাৰ ২৫ বছৰ সম্পূৰ্ণ হ'ব । তেওঁ ২০০১ চনত প্ৰথম বিধায়ক হৈছিল । সেই বছৰ তৰুণ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হৈছিল । বিধায়ক নিৰ্বাচিত হোৱাৰ এবছৰৰ ভিতৰতে ২০০২ চনত তেওঁ মন্ত্ৰী হৈছিল । সেই তেতিয়াৰে পৰা ধাৰাবাহিকভাৱে বিগত আঢ়ৈটা দশকে তেওঁ ক্ষমতাত অধিষ্ঠিত হৈ আছে । একেৰাহে ইমান দিন ক্ষমতাত থকা তেওঁহে অসমৰ একমাত্ৰ ৰাজনৈতিক নেতা । ৰাজ্যৰ আন কোনো ৰাজনৈতিক নেতাই ইমান দীঘলীয়া সময়ৰ বাবে ক্ষমতাত অধিষ্ঠিত হৈ থকাৰ নজিৰ নাই । সেই হিচাপত এইটো বৰ্ষ তেওঁৰ ক্ষমতাত আৰোহণৰ ৰূপালী জয়ন্তী বৰ্ষ । কিন্তু বিগত আঢ়ৈটা দশকৰ তেওঁৰ এই ৰাজনৈতিক জীৱন ব্যৰ্থতাৰ এক জীৱন্ত দস্তাবেজ ।" এই বক্তব্য অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ।
দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি তেওঁ মুখ্যমন্ত্রীৰ ব্যৰ্থতাৰ খতিয়ান দাঙি ধৰে । তেওঁ কয়, "হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিধায়কৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈকে সকলো ক্ষমতাৰ সুখ ল'লে । দীঘলীয়া সময়ৰ বাবে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীও হ'ল । গুৱাহাটীত তেওঁ নিজৰ বাল্যকালৰ পৰা এই বয়সলৈকে সমগ্ৰ জীৱন কটালে । ইয়াতে তেওঁৰ পঢ়া-শুনা, ইয়াতে ৰাজনৈতিক জীৱনৰ আৰম্ভণি । তেওঁ নিজে গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা সমষ্টিৰ বিধায়ক । কিন্তু গুৱাহাটীবাসীৰ মৌলিক সমস্যাকনো তেওঁ সমাধান কৰিব নোৱাৰিলে । তেওঁৰ ৰাজনৈতিক জীৱনৰ ইয়াতকৈ ডাঙৰ ব্যৰ্থতা আন কি হ'ব পাৰে ।"
হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ ব্যৰ্থতাৰ দস্তাবেজ :
গুৱাহাটীৰ শেহতীয়া কৃত্ৰিম বানপানীয়ে সৃষ্টি কৰা দুৰ্যোগৰ প্ৰসংগত তেওঁ কয়, "২০০৯ চনৰ ৯ জুলাইত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ মুখপাত্ৰ হিচাপে এখন সংবাদমেলৰ আয়োজন কৰি ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগে 'গুৱাহাটী মাষ্টাৰপ্লেন ২০২৫' শীৰ্ষক এখনি উন্নয়নৰ ৰূপৰেখা প্ৰস্তুত কৰিছে । উক্ত মাষ্টাৰপ্লেনৰ অধীনত ২০২৫ চনৰ ভিতৰত গুৱাহাটীৰ কৃত্ৰিম বান, খোৱাপানী, বাট-পথ, নলা-নৰ্দমাকে ধৰি সকলো সমস্যা সমাধান হ'ব । এতিয়া আমি ২০২৫ চন পালোহি । হিমন্ত বিশ্ব শৰ্মাও গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ পৰা আহি অসমৰ মুখ্যমন্ত্ৰী হ'ল । কিন্তু গুৱাহাটী মহানগৰৰ সমস্যা সমাধান হোৱাৰ সলনি এইবাৰ আমি সমস্যাৰে ভাৰাক্ৰান্ত এখন গুৱাহাটী মহানগৰ দেখা পালো ।"
তেওঁ লগতে কয়, "এইবাৰৰ কৃত্ৰিম বানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে । এইবাৰ আমি নতুন নতুন এলেকাত কৃত্ৰিম বান হোৱা দেখিবলৈ পালো । ক'লা পানী, বগা পানী, ৰঙা পানী, গোবৰ পানী, বোকা পানী সকলো দেখিলো । কেনেকৈ সাধাৰণ মানুহ ফুটপাথৰ মেনহ'লত সোমাই মৃত্যুৰ দুৱাৰডলি পালেগৈ নিজ চকুৰে দেখিলো । চৰকাৰে পূৰ্বে গুৱাহাটীৰ মানুহক মেট্ৰ' ৰে'ল, বুলেট ট্ৰেইনৰ সপোন দেখুৱাইছিল । কিন্তু তাৰ সলনি আমি নাও আৰু কলগছৰ ভূৰ চলা দেখিলো । বিজেপি আমোলৰ তথাকথিত উন্নয়নৰ জহত একাংশ মন্ত্ৰী-বিধায়কে বিদেশী কোম্পানীৰ বিলাসী বাহন কিনি থকাৰ বিপৰীতে গুৱাহাটীৰ মানুহে ব্যক্তিগত নাও কিনাৰ বাতৰি আমি টিভিৰ স্ক্ৰীণত দেখা পালো । আনকি আমাৰ ইমানেই দুৰ্ভাগ্য যে কলগছৰ ভূৰত মৃতদেহ কঢ়িয়াই নি সৎকাৰ কৰিবলগীয়া এটা দুখঃজনক দৃশ্যও আমি প্ৰত্যক্ষ কৰিবলগীয়া হ'ল । এয়া বিকাশ নে পশ্চাদমুখী গতি সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব । কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ এয়া যে ব্যৰ্থতাৰ দস্তাবেজ, সেয়া নিশ্চিত ।"
শ্বেতপত্র প্ৰকাশৰ দাবী :
গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধান নোহোৱাৰ কাৰণ আৰু ইয়াৰ বাবে দায়ী কোন সেয়া নিৰ্ধাৰণ কৰাটো চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰি তেওঁ কয়, "গুৱাহাটীৰ উন্নয়ন আৰু সমস্যা সমাধানৰ বাবে বিগত আঢ়ৈ দশকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা কিমান টকা আৱণ্টিত হৈছিল আৰু সেই ধন ক'ত কেনেকৈ খৰচ কৰা হ'ল, সেইখিনি জনাটো ৰাইজৰ অধিকাৰ । উক্ত সমস্ত তথ্য বৰ্ণনা কৰি এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ আমি চৰকাৰক দাবী জনাইছো ।"
জগদীশ ভূঞাই চৰকাৰক প্ৰশ্ন কৰে, "যোৱা আঢ়ৈটা দশকত গুৱাহাটীৰ উন্নয়ন আৰু সমস্যা সমাধানৰ হেতু বহু আঁচনি গ্ৰহণ কৰা হ'ল, বহু হাজাৰ কোটি টকা খৰচ কৰা হ'ল ? গতিকে ৰাজ্য চৰকাৰে প্ৰস্তাৱিত শ্বেতপত্ৰত এই তথ্যকেইটাও উল্লেখ কৰা কৰা প্ৰয়োজন হ'ব যে স্মাৰ্ট চিটীৰ বাবে এতিয়ালৈকে কিমান টকাৰ আৱণ্টন হ'ল আৰু সেই টকা কি কি কামত ব্যৱহাৰ কৰা হ'ল ? জৱাহৰলাল নেহৰু নগৰীয় পুনৰ নৱীকৰণ আঁচনিৰ অধীনত এতিয়ালৈকে কিমান টকাৰ আৱণ্টন হৈছিল আৰু সেই ধন ক'ত কেনেকৈ খৰচ হ'ল ? জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাৰ পৰা কিমান টকাৰ আৱণ্টন হৈছিল আৰু সেই টকা ক'ত ব্যয় হ'ল ? এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কিমান টকা আৱণ্টন হৈছিল আৰু সেই টকা কি কি কামত ব্যয় হ'ল ? বানমুক্ত গুৱাহাটী অভিযানৰ বাবে কিমান টকা ব্যয় হ'ল ? জলাশয় পুনৰুদ্ধাৰ আঁচনিৰ বাবে কিমান টকা ব্যয় হ'ল ? প্ৰাৰম্ভিক বান সতৰ্কতা ব্যৱস্থাৰ বাবে কিমান টকা ব্যয় হ'ল ? কৃত্ৰিম বান প্ৰতিৰোধ ব্যৱস্থাপনা আঁচনিৰ বাবে কিমান টকা ব্যয় হ'ল ? ২০০৯ চনত ঘোষণা কৰা গুৱাহাটী মাষ্টাৰপ্লেন ২০২৫ৰ কি হ'ল আৰু কিমান টকা ব্যয় হ'ল ।"
উক্ত প্ৰশ্নকেইটাৰ উত্তৰ দিয়াৰ লগতে শেহতীয়া কৃত্ৰিম বানত আক্ৰান্ত তথা ক্ষতিগ্ৰস্ত লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবেও তেওঁ চৰকাৰৰ ওচৰত দাবী জনায় ।
লগতে পঢ়ক :ভূমিস্খলনত নিহতৰ আত্মীয়লৈ ৪ লাখ টকাৰ সাহায্য চৰকাৰৰ - GUWAHATI FLOOD REVIEW MEETING

