ETV Bharat / state

চাৰি দিনৰ আৰক্ষীৰ জিম্মাত বিধায়ক আমিনুল ইছলাম

কথাত কটা যায়, কথাত বঁটা পায় । পহলগামকাণ্ডক লৈ মন্তব্য় কৰি বহুবল্কী বিধায়কৰ বিপদ ।

Aminul Islam controversy
বিধায়ক আমিনুল ইছলাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 9:09 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : কাশ্মীৰৰ পহলগামত সংঘটিত নাৰকীয় ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক আমিনুল ইছলামক শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক চাৰি দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে । নগাঁও আৰক্ষীয়ে সাত দিনৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাই যদিও আদালতে চাৰি দিনৰ জিম্মা মঞ্জুৰ কৰা বুলি সদৰী কৰিছে নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাই ।

কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা নাৰকীয় ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক আজি হাজিৰ কৰোৱা হয় নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত । বুধবাৰে ধিং সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ এখন সভাত অংশগ্ৰহণ কৰি পহলগামকাণ্ডক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ ষড়যন্ত্ৰ আখ্যা দিয়াৰ লগতে পহলগামত হিন্দু-মুছলমান চিনাক্ত কৰি হত্যা কৰাৰ কথা মিছা বুলি স্পষ্ট মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে ।

বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম (ETV Bharat Assam)

পহলগামকাণ্ডক লৈ বিধায়ক আমিনুল ইছলামে কৰা এই মন্তব্যক লৈ বৃহস্পপতিবাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত কালিয়েই নগাঁও আৰক্ষীয়ে তেওঁৰ মন্তব্য সন্দৰ্ভত বিধায়কগৰাকীৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত 347/25 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ 152/196/197(1)/113(3)/352/353 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ।

বৃহস্পপতিবাৰে দুপৰীয়াই বিধায়ক ইছলামৰ পৰমাইভেটিস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি নিশা নগাঁও সদৰ আৰক্ষী থানাতেই শোধ পোচ কৰাৰ অন্তত শুকুৰবাৰে হাজিৰ কৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত । নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাই এই সন্দৰ্ভত কয়, "আৰক্ষীয়ে সাত দিনৰ জিম্মাত বিচাৰি আবেদন জনাইছিল যদিও আদালতে চাৰি দিনৰ জিম্মাহে মঞ্জুৰ কৰিছে ।"

আদালতত হাজিৰ কৰাৰ পূৰ্বে বিধায়কগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰা হয় । আদালতত হাজিৰ কৰা বিধায়ক আমিনুল ইছলামক অধিক জেৰাৰ বাবে পুনৰ সাত দিনৰ জিম্মাত বিচাৰি আদালতত নগাঁও আৰক্ষীয়ে আবেদন কৰিছিল যদিও চাৰি দিনৰহে জিম্মা মঞ্জুৰ কৰে ।

আনহাতে, বিধায়ক আমিনুল ইছলামৰ জামিন বিচাৰি বিধায়কগৰাকীৰ হৈ জামিন আবেদন দাখিল কৰাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক:শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰা হ'ব বিধায়ক আমিনুল ইছলামক - MLA AMINUL ISLAM ARRESTED

মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা ! দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ বহুবল্কী বিধায়ক আমিনুল - MLA AMINUL ISLAM ARRESTED