ৰূপসী বিমান বন্দৰটো কাৰ নামত নামাকৰণ কৰিলে ভাল হয়- ক'লে বদৰুদ্দিন আজমলে - AIUDF Chief Ajmal on rupsi airport
AIUDF Chief Badaruddin Ajmal : মিছাইল মেন তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ নামত নামকৰণ ধুবুৰীৰ ৰূপসী বিমান বন্দৰটো নামাকৰণ কৰিবলৈ চৰকাৰলৈ আহ্বান এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ ৷

Published : August 2, 2024 at 1:25 PM IST
গুৱাহাটী, 2 আগষ্ট : ধুবুৰীৰ ৰূপসী বিমান বন্দৰৰ নতুন নামাকৰণৰ ক্ষেত্রত পুনৰ বিবেচনা কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে । বিমান বন্দৰটোৰ নাম মিছাইল মেন তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ নামত নামকৰণ কৰাৰ বাবে এ আই ইউ ডি এফৰ সভাপতি আজমলে আহ্বান জনাইছে ।
উল্লেখ্য যে, শেহতীয়া ৰাজ্য চৰকাৰ সাপ্তাহিক কেবিনেট বৈঠকত ৰূপসী বিমান বন্দৰৰ নাম গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামেৰে নামাকৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । লগতে এইক্ষেত্রত বিধানসভাই অনুমোদন জনোৱাৰ বাবে বিধানসভাৰ অধিৱেশনত উত্থাপন কৰাৰ কথা সংবাদমেলযোগে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল । এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে ।
কেবিনেটত ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰি কালীচৰণ ব্ৰহ্ম দিয়াৰ বাবে লোৱা সিদ্ধান্ত সন্দৰ্ভত আজমলে কয়, "2009 চন অৰ্থাৎ সাংসদ হোৱাৰ পাচৰে পৰাই সংসদত ৰূপসী বিমানবন্দৰটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে যুঁজি আহিছিলো আৰু অৱশেষত বিমানবন্দৰটোৰে বিমান চলাচল আৰম্ভ হ'ল । চৰকাৰে এই বিমান বন্দৰটোৰ নাম মিছাইল মেন তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ নামত নামকৰণ কৰা হ'লে বি টি আৰ আৰু ধুবুৰীৰ জনগণ বেছি সুখী হ'লহেঁতেন । যাৰ বাবে চৰকাৰক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছো ।"
এই কেবিনেটত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মীয়মান দলঙৰ বাবে আৱণ্টিত ধন বৃদ্ধিৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

