ETV Bharat / state

এয়া আকাশবাণী তেজপুৰ... এক ৰূপোৱালী যাত্ৰা

২৫ বছৰ অতিক্ৰম কৰিলে বহু ইতিহাস সমৃদ্ধ আকাশবাণী তেজপুৰে । এতিয়া ডিজিটেল ৰূপতো উপলব্ধ আকাশবাণী তেজপুৰ ।

AIR Tezpur
২৫ বছৰীয়া আকাশবাণী তেজপুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 2:32 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ: এটা সময় আছিল পুৱা শুই উঠি ফিকা চাহ একাপ লৈ ৰেডিঅ'ৰ চুইছটোত আঙুলি বুলাই দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা । কিন্ত সময়ৰ লগে লগেই সেই ৰেডিঅ' এতিয়া ডিজিটেল ৰূপত শ্ৰোতা দৰ্শকে শুনিবলৈ আৰম্ভ কৰিছে । আকাশবাণী তেজপুৰ কেন্দ্ৰ, যি আজি ভৰি দিলে ২৫ বছৰত । ইফালে আকাশবাণী গুৱাহাটীৰো আজি প্ৰতিষ্ঠা দিৱস ।

ডিজিটেল মাধ্যমৰ সময়ত ৰেডিঅ'ৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰাটো এক গুৰুত্বপূৰ্ণ বিষয় । উত্তৰ অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ ৰেডিঅ' ষ্টেচন অৰ্থাৎ আকাশবাণী তেজপুৰে আজি প্ৰৱেশ কৰিলে ৰূপালী জয়ন্তী বৰ্ষত । বিগত সময়ছোৱাত ২৫ বছৰে বহুতো ঘাত-প্ৰতিঘাতৰ মাজেৰে আকাশবাণী তেজপুৰে কেনেদৰে ডিজিটেল ৰূপত প্ৰকাশ পাইছে সেই অৱকাশ বিচাৰি ই টিভি ভাৰত উপস্থিত হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ প্ৰগ্ৰেম আৰু সম্প্ৰসাৰণ বিভাগত ।

আকাশবাণী তেজপুৰৰ ২৫ বছৰ (ETV Bharat Assam)

সাম্প্ৰতিক ডিজিটেল মাধ্যমৰ সময়ত দৃশ্য-শ্ৰব্যৰ দৰে ব্যৱস্থা থকাৰ পিছতো অকল শ্ৰব্য মাধ্যমৰ যোগেদি ৰেডিঅ'ৰ ভূমিকা লক্ষণীয় । তেজপুৰৰ অল ইণ্ডিয়া ৰেডিঅ’ (AIR) ষ্টেচন আকাশবাণী তেজপুৰ নামেৰেও পৰিচিত ।

তেজপুৰ ৰেডিঅ’ ষ্টেচন অল ইণ্ডিয়া ৰেডিঅ'ৰ সম্প্ৰসাৰণৰ এক অংশ । মূলতঃ ভাৰতীয় ৰাজ্যিক সম্প্ৰচাৰ সেৱা এ আই আৰ ভাৰতৰ স্বাধীনতাৰ পিছত এটা প্ৰধান সম্প্ৰচাৰ নেটৱৰ্কলৈ বিকশিত হয় । তেজপুৰৰ ষ্টেচনটো সম্ভৱতঃ এই সম্প্ৰসাৰণৰ অংশ হৈ পৰিছিল ।

তেজপুৰৰ প্ৰাক্তন সাংসদ ড৹ পূৰ্ণনাৰায়ণ সিংহৰ অপ্ৰাণ চেষ্টাৰ ফলত বিগত ২০০০ চনত তেজপুৰ অনাতাঁৰ কেন্দ্ৰ অৰ্থাৎ আকাশবাণী তেজপুৰ স্থাপন হৈছিল । আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ৰূপান্ত কুমাৰ দাসে কয়, "বৰ্তমান এই কেন্দ্ৰৰ পৰা নিজাববীয়াকৈ অনুষ্ঠান পৰিৱেশন আৰু সম্প্ৰসাৰণ কৰা হয় ।"

তেওঁ লগতে কয়, "ৰেডিঅ'ত বৰ্তমান পৃথিৱীৰ যি কোনো ঠাইৰ পৰা নিজৰ হাতত থকা এটা স্মাৰ্ট ফোনৰ দ্বাৰা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানৰ লগতে যি কোনো অনুষ্ঠান শুনিবলৈ পোৱা যায় । এয়া একমাত্ৰ ডিজিটেলৰ দ্বাৰা সম্ভৱ হৈছে । বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে আকাশবাণী তেজপুৰে বিভিন্ন সংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা এখন সাংস্কৃতিক মঞ্চ দিয়াৰ প্ৰয়াস কৰিছে ।"

AIR Tezpur
ৰূপালী জয়ন্তী উদযাপনত বিধায়ক পৃথ্ৱীৰাজ ৰাভা (ETV Bharat Assam)

ইফালে অভিযন্তা হেমন্ত বৰা আৰু মঞ্জু বড়োৱে জনাই যে কিদৰে বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাৰ মাজলৈ প্ৰেৰণ কৰা হয় আৰু বিশেষ কাৰিকৰী ব্যৱস্থাৰ পিছত সেইসমূহ শ্ৰোতাই শ্ৰব্য মাধ্যমত কেনেদৰে লাভ কৰে ।

সাংস্কৃতিক তাৎপৰ্য:

তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ সৈতে আৰম্ভণিৰে পৰাই সম্পৰ্ক আছিল ড৹ ভূপেন হাজৰিকাৰ দৰে শিল্পীকে ধৰি বহু বৰেণ্য শিল্পীৰ ৷ আনহাতে বহু স্থানীয় শিল্পীৰ প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ হিচাপে পৰিগণিত হৈ আহিছে এই কেন্দ্ৰটো ।

সম্প্ৰদায়ৰ সংযোগ:

যুৱক-যুৱতীৰ বাবে যুৱবাণী অনুষ্ঠান সপ্তাহত দুদিন সম্প্ৰচাৰিত হয় আকাশবাণী তেজপুৰত । ইয়াৰ উপৰিও থাকে শিশুসকলৰ বাবে বিশেষ অনুষ্ঠান ৷ বিশেষকৈ শিক্ষাৰ্থীৰ বাবে লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে অনুষ্ঠান আৰু গাঁৱৰ বিদ্যালয়সমূহলৈ গৈ অনুষ্ঠান ৰেকৰ্ডিং কৰি সেইসমূহ ৰেডিঅ' যোগে পৰিৱেশন কৰা হয় বুলি জনাই ৰূপান্ত কুমাৰ দাসে । ইয়াৰ উপৰিও মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ পৰা কেম্পাছ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

১৯৬২ চনৰ যুদ্ধৰ সৈতে সংযোগ:

উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটীৰ এখন তথ্যচিত্ৰই ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধ আৰু তেজপুৰৰ প্ৰেক্ষাপটৰ বিষয়ত উল্লেখ কৰি সেই সময়ৰ উল্লেখযোগ্য পৰিঘটনাৰ বিষয়ে এক প্ৰতিবেদনত আকাশবাণী তেজপুৰৰ ভূমিকা ডাঙি ধৰিছিল ।

আধুনিকীকৰণ:

আকাশবাণী তেজপুৰত ২×১০ কিলোৱাটৰ মিডিয়াম ৱেভ আৰু ১ কিলোৱাট এফ এম ট্ৰেন্সমিটাৰ থকা বুলি বৰ্ণনা কৰা হৈছে, যাৰ ফলত ই উত্তৰ-পূবৰ এক শক্তিশালী ষ্টেচন হিচাপে পৰিগণিত হৈছে । ইয়াৰ দ্বাৰা সম্প্ৰচাৰ ক্ষমতা আধুনিকীকৰণ আৰু উন্নত কৰাৰ বাবে এক প্ৰচেষ্টা চলাই থকা হৈছে ।

প্ৰাসংগিকতা:

আকাশবাণী তেজপুৰে অনুষ্ঠানসমূহ এফ এম (১০২.৪)ত সম্প্ৰচাৰ কৰি অঞ্চলটোৰ বাবে তথ্য, মনোৰঞ্জন, আৰু সাংস্কৃতিক প্ৰকাশৰ উৎস হিচাপে উদগনি যোগাই আহিছে ।আকাশবাণী তেজপুৰ কেন্দ্ৰই ৩০ জুনৰ সন্ধিয়া বৰ্ণাঢ্য সংস্কৃতিক কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰে আৰু গুৱাহাটীৰ ৰেডিঅ' আৰু দূৰদৰ্শন কেন্দ্ৰৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশিস ভাটনাগৰে আকাশবাণী তেজপুৰ কেন্দ্ৰক এক বিশেষ সম্ভাষণ জ্ঞাপন কৰে ।

লগতে পঢ়ক: ৰাজ্যৰ নিবনুৱাৰ বাবে সু-খবৰ দিলে মুখ্যমন্ত্ৰীয়ে: অক্টোবৰত হ'ব বৃহৎ নিযুক্তি - ASSAM CM ON ADRE

গৰুক কাটি কাটি খোৱা মানুহে এতিয়া গৰুৰ বাবে আন্দোলন কৰে: মুখ্যমন্ত্ৰী - CM ON GIR COW CONTROVERSY