গুৱাহাটীৰ পৰা ঢাকা, কাঠমাণ্ডুলৈ চলিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান - Guwahati Airport
International flights from Assam : আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ সম্প্ৰসাৰণক লৈ গুৱাহাটীত পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰে বৈঠক এয়াৰ ইণ্ডিয়াৰ শীৰ্ষ কাৰ্যবাহীৰ ৷ গুৱাহাটীৰ পৰা শীঘ্ৰে আৰম্ভ হ'ব নতুন আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা ৷

Published : June 28, 2024 at 10:19 PM IST
গুৱাহাটী, 28 জুন : অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিমানযাত্ৰীসকলৰ বাবে সুখবৰ ৷ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা শীঘ্ৰেই সম্প্ৰসাৰণ ঘটিব আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ ৷ অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত গুৱাহাটীত আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত আৰু 'এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ'ৰ শীৰ্ষ কাৰ্যবাহী ৷

এই বৈঠকত টাটা গ্ৰুপৰ অধীনৰ এয়াৰ ইণ্ডিয়া লিমিটেড পৰিচালিত অসামৰিক বিমান পৰিবহণ সংস্থাটোৰ কৰ্পোৰেট এফেয়াৰ্ছৰ মুৰব্বী সুনীল যোশী আৰু নেটৱৰ্ক প্লেনিঙৰ মুৰব্বী শশী চেতিয়াই অংশগ্ৰহণ কৰে ৷ বৈঠকত অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বাবে ইচ্ছা প্ৰকাশ কৰি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ শীৰ্ষ কাৰ্যবাহী দুগৰাকীয়ে গুৱাহাটীৰ পৰা অতি শীঘ্ৰে ঢাকা আৰু কাঠমাণ্ডু সংযোগী নতুন আন্তঃৰাষ্ট্ৰীয় বিমান পথেৰে পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ৷
ইতিমধ্যে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ পৰা প্ৰাৰম্ভিক সেউজ সংকেত লাভ কৰা টাটা গ্ৰুপৰ অসামৰিক বিমান পৰিবাহী সংস্থাটোৱে ৰাজ্য চৰকাৰৰ পৰাও এইক্ষেত্ৰত সন্মতিৰ লগতে সহযোগিতা বিচাৰি আবেদন জনাইছে ৷
লগতে পঢ়ক : ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ'ব ৰাজ্যৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ - Under water Tunnel in Assam
এই সন্দৰ্ভত অতি শীঘ্ৰে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ফালৰ পৰা সম্ভাব্য বিমান ভাড়াকে ধৰি অন্যান্য কাৰিকৰী দিশসমূহ সামৰি যাৱতীয় প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিব বুলি বৈঠকত দুয়োগৰাকী কাৰ্যবাহীয়ে পৰিবহণ মন্ত্ৰীগৰাকীক অৱগত কৰে ৷ গুৱাহাটীৰ পৰা ঢাকা আৰু কাঠমাণ্ডুলৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানসেৱা যথাসম্ভৱ শীঘ্ৰে আৰম্ভ কৰিবলৈ অসামৰিক বিমান পৰিবহণ সংস্থাটোৱে ইতিমধ্যে সকলো প্ৰস্তুতিও সম্পূৰ্ণ কৰি তোলা বুলি আলোচনাকালত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ আগত প্ৰকাশ কৰে ৷

তদুপৰি, আগন্তুক দিনত গুৱাহাটী-ছিংগাপুৰ আৰু গুৱাহাটী-বেংকক সংযোগী বিমান সেৱা মুকলিৰ বাবেও এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ফালৰ পৰা বৈঠকত বিশেষ আগ্ৰহ দেখুৱায় সংস্থাটোৰ কৰ্পোৰেট এফেয়াৰ্ছৰ মুৰব্বী যোশী আৰু নেটৱৰ্ক প্লেনিঙৰ মুৰব্বী চেতিয়াই ৷

