ETV Bharat / state

জীয়া ভৰলীত সলিল সমাধি বায়ুসেনা বাহিনীৰ জোৱানৰ

তেজপুৰ বায়ুসেনা ছাউনিৰ ২৬৭ ছিগনেলৰ ১২ নং উইঙত কৰ্মৰত আছিল হাৰিয়ানাৰ শচীন ৰোহিত ৷

DEATH BY DROWNING IN JIYA BHARALI
সলিল সমাধি বায়ুসেনা বাহিনীৰ জোৱানৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 5:30 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: যোৱা সোমবাৰে ভালুকপুঙলৈ পিকনিক খাবলৈ গৈছিল চাৰিজন সেনা জোৱান । এই জোৱান কেইজনে দিনৰ ২ বজাত পানীত নামিছিল গা ধুবলৈ । জীয়া ভৰলী নদীত গা ধুবলৈ নমাৰ সময়তে হঠাতে ঘটিল অঘটনটো । এই চাৰি জোৱানৰ ভিতৰত শচীন ৰোহিত নামৰ জোৱানজনে পানীত নমাৰ পিছতেই তীব্ৰ সোঁতে উটুৱাই নিয়ে ।

আই টি বি পি ৰ ৫৯ নং বাহিনীৰ সহকাৰী বিষয়া গম্ভীৰ সিং চৌহানে সদৰী কৰা মতে,সন্ধানহীন জোৱান কৰ্প'ৰেল শচীন ৰোহিত তেজপুৰ শালনিবাৰী বায়ুসেনা চাউনীত কৰ্মৰত আছিল । অগ্নিবীৰত মকৰল হৈ তেজপুৰ বায়ুসেনা চাউনিৰ ২৬৭ চিগনেলৰ ১২ নং উইঙত কৰ্মৰত আছিল জোৱানজন । ইয়াৰ পিছতেই ঘটনাস্থলীত ৫৯ নং আই টি বি পিৰ এটা দলে জোৱানজনক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে । অৱশ্য়ে কালি জোৱানজনৰ কোনো সন্ধান উলিয়াব পৰা নাছিল । মঙলবাৰে পুৱা আই টি বি পিৰ দলটোৱে পুনৰ অভিযান চলাই দুপৰীয়া জোৱানজনৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আই টি বি পি ৰ ৫৯ নং বাহিনীৰ সহকাৰী বিষয়া গম্ভীৰ সিং চৌহানে এই বিষয়ে সদৰী কৰি কয়, "বাহিনীৰ তৎপৰতাত জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় । নদীৰ খৰস্ৰোতা পানীত গা ধুবলৈ নামি যাওঁতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । লগৰ চাৰি বন্ধু বায়ুসেনা ছাউনিত কৰ্মৰত আৰু সকলোৱে মিলি পিকনিক খাবলৈ গৈছিল ভালুকপঙলৈ । শচীন ৰোহিতৰ ঘৰ হাৰিয়ানাত আৰু বায়ুসেনাৰ অগ্নিবীৰত যোগদান কৰিছিল ।"

লগতে পঢ়ক:ফাকুৱা খেলি পুখুৰীত গা ধুবলৈ নমা ৰিম্পীৰ নিথৰ দেহাহে উঠি আহিল - TEENAGER DEATH BY DROWNING

কলঙে প্ৰাণ কাঢ়িলে দুই কন্যাসহ মাতৃৰ - DEATH BY DROWNING