ETV Bharat / state

হেণ্ডকাফ প্ৰসংগ: তদন্তৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ - HUMAN RIGHTS COMMISSION

ডিব্ৰুগড় জিলা আয়ুক্তক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মানৱ অধিকাৰ আয়োগে ।

Human Rights Commission on Shankarjyoti Baruahs handcuffing
শংকৰজ‍্যোতি বৰুৱাৰ হেণ্ডকাফ প্ৰসংগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2025 at 8:43 PM IST

2 Min Read

মৰাণ: সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গেপ্তাৰ কৰাক লৈ আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া । যোৱা ১৭ মে'ত দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ'ল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা । এই ঘটনাত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ । সোমবাৰে গ্ৰেপ্তাৰ কৰা শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই ডিব্ৰুগড়ৰ ন্যায়িক আদালতলৈ নিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই ডিব্ৰুগড়ৰ ন্যায়িক আদালতলৈ নিয়াক লৈ বিভিন্নজনে আৰক্ষীক সামাজিক মাধ্যমত সমালোচনা কৰাৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে এই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী দায়বদ্ধতা আয়োগত অভিযোগ দিছে ডিব্ৰুগড়ৰ অধিবক্তা বিজয় পাণ্ডেই । এই অভিযোগৰ পাছতে মানৱ অধিকাৰ আয়োগে সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছে । ডিব্ৰুগড় জিলা আয়ুক্তক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে অভিযোগকাৰী জ্যেষ্ঠ অধিবক্তা বিজয় পাণ্ডেই ।

শংকৰজ‍্যোতি বৰুৱাৰ হেণ্ডকাফ প্ৰসংগ (ETV Bharat Assam)

জিলা আয়ুক্তক ঘটনাৰ তদন্তৰ নিৰ্দেশ:

এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজয় পাণ্ডেই কয়, "মানৱ অধিকাৰ আয়োগে ডিব্ৰুগড় জিলা আয়ুক্তলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে । শংকৰজ‍্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক, দুলীয়াজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তদন্তকাৰী বিষয়াজনলৈ জাননী দিয়া হৈছে । সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত যি অধিকাৰ থাকিব লাগে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । শংকৰজ‍্যোতি বৰুৱাক উক্তদিনা বেআইনীভাৱে হেণ্ডকাফ লগাই অনা হৈছিল । আৰক্ষীয়ে তেনে কৰিব নালাগিছিল, এই ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয় । সেয়ে মই এই সন্দৰ্ভত অসম মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী দায়বদ্ধতা আয়োগত অভিযোগ দিছিলো । তাৰ ওপৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে মানৱ অধিকাৰ আয়োগক ধন্যবাদ জনাইছো । দুখ লগা কথা যি গোচৰত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে সেই গোচৰত গ্ৰেপ্তাৰ নকৰি জাননী দি তদন্ত কৰিব পাৰিলেহেতেন আৰক্ষীয়ে । এই ঘটনাত কাৰোবাৰ যদি ষড়যন্ত্ৰ আছিল আৰক্ষীয়ে এইক্ষেত্ৰত আগভাগ লৈছে ।"

লগতে পঢ়ক:হেণ্ডকাফ নহয় চিপজৰীলৈহে মনত পৰিছে আছুৰ: স্থিতি স্পষ্ট কৰি দিলে সদৌ অসম ছাত্ৰ সন্থাই - AASU ON SANKOR JYOTI BARUAH CASE

অসমত পুলিচৰাজ-জংঘলৰাজ হ'বলৈ দিয়া নহ'ব: লুৰীণজ্যোতি গগৈ - DULIAJAN TENSE SITUATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.