ETV Bharat / state

বোকাখাতৰ বংকোৱাল কৃষি বান্ধত ওলাইছে পাঁচটা উহ: শংকিত নৈপৰীয়া ৰাইজ - ASSAM FLOOD 2025

জেঠ মাহৰ বানৰ কৱলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল ৷ জিলাখনৰ ৬০ খনকৈ গাঁৱৰ ২০৯২২ গৰাকী লোক আৰু ১০৯৩.১১ হেক্টৰ কৃষিভূমি বানত প্ৰভাৱান্বিত হৈছে ৷

ASSAM FLOOD 2025
গোলাঘাটৰ বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 5, 2025 at 5:36 PM IST

8 Min Read

গোলাঘাট/বৰপেটা: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো জেঠ মাহৰ প্ৰথমটো বানে বিপন্ন কৰি তুলিছে জনজীৱন । জিলাখনৰ বোকাখাত আৰু দেৰগাঁও সমষ্টিৰ বিভিন্ন অঞ্চল এতিয়া পানীৰ তলত । বোকাখাত সমষ্টিত ব্ৰহ্মপুত্ৰ সংযোগী গেলাবিল, ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বংকোৱাল কৃষি বান্ধ নেঘেৰিটিং বংকোৱাল মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । বংকোৱাল কৃষি বান্ধত ওলাইছে পাঁচটা উহ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । মথাউৰিটোৰ নিৰাপত্তা ক্ষেত্ৰত মঙলবাৰৰ নিশাৰ পৰা গোলাঘাট জিলা প্ৰশাসন, জলসম্পদ বিভাগ, আৰক্ষী সকলোৱে তৎপৰ হৈ পৰিছে যদিও আশ্বস্ত হ’ব পৰা নাই নৈপৰীয়া ৰাইজে । কিয়নো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে যিকোনো মুহূৰ্তত মথাউৰিটো চিঙাৰ আশংকাত ভুগিছে ৰাইজ ।

অৱশ্যে যুদ্ধকালীন তৎপৰতাৰে জলসম্পদ বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ৰাজেশ বৰুৱা আৰু বোকাখাত উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰমেশ কলিতাৰ তত্বাৱধানত মথাউৰিৰ মেৰামতি কাম চলি আছে । ইপিনে গোলাঘাট জিলা আয়ুক্ত পুলক গোস্বামী, অতিৰিক্ত আয়ুক্ত জেমচ আইণ্ড, বোকাখাত ৰাজহ চক্ৰ বিষয়া দেৱাহুতি ডেকা আদিকে ধৰি একাধিক দণ্ডাধীশে বংকোৱাল কৃষি বান্ধ তথা নেঘেৰিটিং বংকোৱাল মথাউৰিটো স্ব-জমিন তদন্ত কৰি পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও সম্ভাব্য সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।

গোলাঘাটৰ বান পৰিস্থিতি (ETV BHARAT ASSAM)

ইপিনে গোলাঘাট জিলা আয়ুক্ত আৰু বোকাখাত চক্ৰ বিষয়াগৰাকীয়ে নেঘেৰিটিং-বংকোৱাল মথাউৰিৰ পৰা বৰবালি-কেমেৰি সংযোগী পথৰ ওপৰত থকা পকী দলংখনৰ এটা মূৰ মাটি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে খহাই নিয়া অংশ পৰিদৰ্শন কৰে আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড বিষয়াগৰাকীক তৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । ইপিনে ডিফলুৰ বানে সৃষ্টি কৰিছে বিভীষিকাৰ । দক্ষিণ কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ কলাখোৱাত বানে লয় ভয়াবহ ৰূপ । উদ্ধাৰ কাৰ্যত নামিব লগা হয় এছ ডি আৰ এফ বাহিনী । ঘৰৰ সকলো সা সম্পত্তি এতিয়া বানৰ কৱলত । ইতিমধ্যে ঘৰ-দুৱাৰ এৰি কলাখোৱা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈছে ১৭৫ টকা পৰিয়ালে । আশ্ৰয় শিবিৰৰূপে ঘোষণা কৰা হৈছে এই বিদ্যালয়খন । শিবিৰটোত আগবঢ়োৱা হৈছে চিকিৎসা সেৱা ।

ASSAM FLOOD 2025
গোলাঘাটৰ বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই (ETV BHARAT ASSAM)

ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ভঁৰালৰ ধান, হাঁহ-কুকুৰাৰ ব্যাপক হানি হৈছে । বৰ্তমানলৈ বোকাখাতৰ ৫১খনকৈ গাঁও আৰু ৯৫২ হেক্টৰ কৃষিভূমি বানত প্ৰভাৱান্বিত হৈছে । প্ৰায় ১৮ হাজাৰ লোক এই পৰিস্থিতিৰ সন্মুখীন হৈছে । বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় বোকাখাত সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা । পৰিস্থিতি বুজ লৈ মন্ত্ৰী অতুল বৰাই কয়, "জেঠ মাহৰ বান এইবাৰ অলপ আগতীয়াকৈ আহিছে ৷ আমাৰ সমষ্টিৰ দ অঞ্চলৰ বেছিভাগ ৰাইজে বড়ো খেতি কৰে, কিন্তু ধান পকিবলৈ ধৰা সময়তে বান অহাত ৰাইজে থৰকাছুটি হেৰুৱাইছে । কিছুমানে ধান কাটিলে আৰু কিছুমানৰ ধান পানীৰ তলত আছে । আমাৰ সকলো বিভাগৰ লোক আহি দুৰ্গত সকলক সহায় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।"

ASSAM FLOOD 2025
বহৰিৰ পৰা বাঘবৰ সংযোগী মথাউৰিত গৰাখহনীয়া (ETV BHARAT ASSAM)

মন্ত্ৰী বৰাই লগতে কয়, "সমগ্ৰ অসমত প্ৰায় ৫৫০০ হেক্টৰ কৃষিভূমি অনিষ্ট হৈছে, কিন্তু ক্ষয়-ক্ষতিৰ পৰিমাণ এনে অৱস্থাত নিৰ্ধাৰণ কৰা অলপ কঠিন । মই পূৰ্বৰ পৰা এটা কথা কৈ আহিছোঁ যে প্ৰধানমন্ত্ৰী ফচল যোজনা আমাৰ কৃষকসকলে ল'ব লাগে ৷ বহুতে লৈছে তথাপিও আমাৰ কৃষি বিভাগে যি ক্ষয়-ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব । এই ঠাইত প্ৰতিবছৰে বানপানী হয় যাৰ বাবে ৰাইজে কিছু ওখ ঠাইত অস্থায়ীভাৱে টিঙৰ চালি দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ৷ একেটা বৰ্ষত তিনিটা বানপানী হয় । বিগত বৰ্ষত বংকোৱালৰ মথাউৰি ছিগি গৈছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত ক্ষিপ্ৰতাৰে মথাউৰি নিৰ্মাণ কৰা হৈছিল আৰু বৰ্তমান সেই অঞ্চলত কোনোধৰণৰ সমস্যা হোৱা নাই ৷ বিভাগৰ লোকেও সকলো দিশতে চকু দি আছে ৷"

ASSAM FLOOD 2025
বোকাখাতৰ বংকোৱাল কৃষি বান্ধত ওলাইছে পাঁচটা উহ (ETV BHARAT ASSAM)

এই সম্পৰ্কে স্থানীয় এগৰাকী ভুক্তভোগী মহিলাই কয়, "বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত জানৰ পানী আহি পথাৰত ভৰি পৰিল, যাৰবাবে ধান এতিয়া পানীৰ তলত । গোটেই বছৰৰ বাবে বড়ো ধানৰ খেতি কৰিছিলোঁ, এতিয়া সকলো শেষ হৈ গ'ল । চৰকাৰে কিছু সহায় কৰিলে ধানখিনি কিছু পৰিমাণে শুকুৱাব পাৰিলোহেতেন ।"

ASSAM FLOOD 2025
বোকাখাতৰ বংকোৱাল কৃষি বান্ধত ওলাইছে উহ (ETV BHARAT ASSAM)

আন এজন ভুক্তভোগীয়ে কয়, "বৰ্তমান আমাৰ ভালেসংখ্যক গাঁও জলমগ্ন হৈ আছে আৰু পশুধন, খেতি পথাৰৰ বহু অনিষ্ট সাধন হৈছে । আমাৰ গৰু, ছাগলী ৰখাৰ বাবে অসুবিধা হৈছে ৷ মানুহৰ খাদ্য দোকানত পোৱা যায় কিন্তু পশুধনৰ খাদ্যৰ বাবে অসুবিধা হৈছে ৷ যাৰ বাবে চৰকাৰে প্ৰথমে পশুখাদ্য যোগান ধৰিব লাগে । আমি কৃষিজীৱী মানুহ, আমি কৰা খেতিৰ সকলো বৰ্তমান পানীৰ তলত । ইয়াৰ উপৰিও নিকৰিৰ পৰা ধানবাৰী মথাউৰি এটা ঠাইত বহি গৈছে ৷ সেই মথাউৰিটো নিৰাপদ নাথাকিলে বোকাখাত সমষ্টিৰ হাজাৰৰো অধিক গাঁৱৰ বাবে বিপজ্জনক হ'ব । বিভাগৰ লোক বানৰ সময়ত আহে, কিন্তু তাৰ আগত কোনোধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত নহয় ।"

ASSAM FLOOD 2025
বানৰ মাজতেই পথাৰৰ শস্য চপোৱাত ব্যস্ত (ETV BHARAT ASSAM)

আনহাতে দেৰগাঁও সমষ্টিৰ প্ৰায় ২০ খনৰো অধিক গাঁও বানৰ কৱলত । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ আবানি, চৰাই চাপৰি, শগুনপাৰা, চিৰিশটিকা, নতুন চাপৰিকে আদি কৰি প্ৰায় ২০ খনৰ অধিক গাঁও বানৰ কৱলত পৰিছে । চিৰিশটিকা-চৰাই চাপৰি সংযোগী মূল পথটো বানে ছিগি নিয়াৰ পাছত স্থানীয় লোকসকলৰ মাজত হাহাকাৰ লাগিছে । অঞ্চলসমূহত নামঘৰ, মন্দিৰ, স্কুল-কলেজত একঁকাল পৰ্যন্ত পানী । পশুধনৰ খাদ্যক লৈ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে । উপযুক্ত সুবিধাসমূহ প্ৰদান কৰিবলৈ স্থানীয় লোকে চৰকাৰলৈ আহ্বান জনাইছে ।

ASSAM FLOOD 2025
বানৰ মাজতেই পথাৰৰ শস্য চপোৱাত ব্যস্ত কৃষক (ETV BHARAT ASSAM)

এই সম্পৰ্কে স্থানীয় এজন ভুক্তভোগী যুৱকে কয়, "জেঠ মাহৰ বলিয়া বানে ব্ৰহ্মপুত্ৰ এলেকাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । আমাৰ যাতায়ত, পশুধনৰ খাদ্যৰ অভাৱ হৈছে ৷ ইয়াৰ উপৰিও বহু পৰিমাণৰ কৃষিভূমি বিনষ্ট হৈছে । প্ৰশাসনক আমাৰ লাগতিয়াল সামগ্ৰীসমূহ সোনকালে যোগান ধৰিবলৈ আহ্বান জনালোঁ । আনহাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল চিকাৰীঘাট বৰ্তমান বান আৰু গৰাখহনীয়াৰ কৱলত ৷ গতিকে চৰকাৰে নেউল গাঁৱৰ পৰা চৰাই চাপৰিলৈকে এটা কৃষি বান্ধ নিৰ্মাণ কৰি চিকাৰীঘাট পৰ্যটনস্থলী ৰক্ষা কৰিবলৈ অনুৰোধ কৰিছো ।

ইফালে বৰপেটা জিলাতো ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনদীসমূহৰ ভয়ংকৰ গৰাখহনীয়াই সংকটজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । শেহতীয়াকৈ জিলাখনৰ দক্ষিণ প্ৰান্তত অৱস্থিত চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাহাৰপুৰ আৰু হাবিদংৰা অঞ্চলত খহনীয়াৰ তীব্ৰতা অত্যন্ত বৃদ্ধি পাইছে । এই অঞ্চলসমূহ বৰপেটাৰ সুৰক্ষা কৱচ হিচাপে পৰিগণিত বহৰিৰ পৰা বাঘবৰ সংযোগী মথাউৰিটোত অৱস্থিত, য’ত বৰ্তমান ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

বিগত এমাহত প্ৰায় ৩০০ মিটাৰ অঞ্চলত খহনীয়া অভাৱনীয়ভাৱে বৃদ্ধি পোৱাত বহু পৰিয়ালে নিশাৰ ভিতৰতে ঘৰ-বাৰী হেৰুৱাইছে । এই পৰিয়ালসমূহ মথাউৰিটোতে অস্থায়ীভাৱে আশ্ৰয় লৈ জীৱন-নিৰ্বাহ কৰিছে । একেদৰে বিঘাই বিঘাই উৰ্বৰ কৃষিভূমি পানীৰ তলত বিলীন হৈ গৈছে । আন বহু পৰিয়ালৰ ঘৰো যিকোনো মুহূর্তত জাহ যোৱাৰ আশংকা কৰা হৈছে ৷ স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰি কয়, “মথাউৰিটো যদি ছিগি যায়, তেন্তে বৰপেটা চহৰ পৰ্যন্ত বুৰ যাব পাৰে । এতিয়া ঈদৰ পূৰ্বে বহু পৰিয়াল গৃহহীন হৈছে । এইধৰণৰ অৱস্থাত উৎসৱ পালন কৰাৰ মনোভাৱো নোহোৱা হৈ পৰিছে ।”

সম্প্ৰতি বৰপেটা জলসম্পদ সংমণ্ডলে জিঅ’ বেগৰ জৰিয়তে খহনীয়া ৰোধৰ বাবে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰি আছে যদিও সময়তহে দেখা যাব মথাউৰিটো ৰক্ষা কৰিব পাৰিবনে নাই । তথাপিও স্থানীয় ৰাইজে এই দীঘলীয়া সমস্যাটোৰ স্থায়ী সমাধান বিচাৰি চৰকাৰক তৎপৰ হোৱাৰ আহ্বান জনাইছে । উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ এই খহনীয়াই বছৰে বছৰে বৰপেটাৰ বিস্তীৰ্ণ অঞ্চলৰ ভূগোল, জনজীৱন আৰু অৰ্থনীতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাই আহিছে । এই সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত স্থায়ী, বৈজ্ঞানিক আৰু সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

লগতে পঢ়ক : ৰাজ্যৰ 21 খন জিলাত বানৰ তাণ্ডৱ, নিহতৰ সংখ্যা 14 গৰাকীলৈ বৃদ্ধি

কাজিৰঙাৰ মাজেৰে পাৰ হৈ যাওঁতে সাৱধান ! ইণ্টাৰচেপ্টৰৰ চকু আপোনাৰ ওপৰত

প্ৰথম ৰাজধানীত কৃত্ৰিম বান, দ্বিতীয় ৰাজধানী ডুবিছে বুঢ়ীদিহিঙৰ পানীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.