শ্যামকানুৰ ছিংগাপুৰৰ ফেষ্টিভেলত এটকাও দিয়া নাই কৃষি বিভাগে : অতুল বৰা
ছিংগাপুৰৰ নৰ্থ-ইষ্ট ফেষ্টিভেললৈ নিমন্ত্ৰণ আমি পাইছিলো । কিন্তু যোৱা নাই আৰু টকাও দিয়া নাই । ক'লে কৃষিমন্ত্ৰীয়ে ৷

Published : October 9, 2025 at 2:40 PM IST
যোৰহাট : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ৰাজ্যৰ উদ্যোগী শ্যামকানু মহন্ত । শ্যামকানু মহন্তই বিভিন্ন উৎসৱ পতাৰ নামত চৰকাৰী ধন লাভ কৰাৰ কথাও ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে । বিশেষকৈ ফেষ্টিভেল আৰু অন্যান্য অনুষ্ঠানৰ নামত কৃষি বিভাগে শ্যামকানু মহন্তক লাখ লাখ টকা দিয়াৰ তথ্যও ৰাজহুৱা হৈছে । অৱশ্যে এইবাৰ ছিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত এটকাও কৃষি বিভাগে দিয়া নাই বুলি স্পষ্ট কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই । অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ কৰাৰ কথাও স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে ।
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "ছিংগাপুৰৰ নৰ্থ-ইষ্ট ফেষ্টিভেললৈ নিমন্ত্ৰণ আমি পাইছিলো । কিন্তু যোৱা নাই আৰু টকাও দিয়া হোৱা নাই । এয়া সম্পূৰ্ণৰূপে মিছা । আগতে বেলেগ ক্ষেত্ৰত নোযোৱা নহয় । কাৰণ তাত কৃষি বিভাগৰ ষ্টল বা বৈঠক হৈছিল ।" যোৰহাটৰ এখন কৃষি ফাৰ্ম পৰিদৰ্শন কৰি এই মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ।
উল্লেখ্য যে কৃষি আৰু উন্নত ফাৰ্মৰ জৰিয়তে যোৰহাটৰ আনন্দ আগৰৱালা নামৰ এজন ব্যক্তিয়ে বিগত সময়ত এক সুকীয়া পৰিচয় লাভ কৰিছে । পশ্চিম যোৰহাটত আনন্দ আগৰৱালাই ৮ বিঘা ভূমি সামৰি গঢ়ি তুলিছে এখন ব্যতিক্ৰমী ফাৰ্ম । যাৰ নাম জানকী ফাৰ্ম । এই বৃহৎ ফাৰ্মখনত ৫ হাজাৰ প্ৰজাতিৰ বিভিন্ন ফুল, প্ৰায় ৫০০ বিধ দেশী-বিদেশী ফলৰ খেতি কৰাৰ লগতে ৬০ জনী উন্নত প্ৰজাতিৰ গৰু আছে । লগতে মৎস্য পালনো কৰিছে লোকজনে । এই ফাৰ্মখনত বহু নিবনুৱা যুৱক-যুৱতীয়েও সংস্থাপন লাভ কৰিছে । বুধবাৰে নিশা উক্ত ফাৰ্মখন পৰিদৰ্শন কৰে কৃষি মন্ত্ৰী অতুল বৰাই । ফাৰ্মখন পৰিদৰ্শন কৰি উল্লাসিত হৈ পৰে মন্ত্ৰীগৰাকী ।
ফাৰ্মখন পৰিদৰ্শন কৰি মন্ত্ৰী অতুল বৰাই কয়, "পশ্চিম যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩০০ মিটাৰ আঁতৰত থকা জানকী নামৰ ফাৰ্মখন চোৱাৰ হেঁপাহ বহু আগৰে পৰাই আছিল । আজি আহিলো আনন্দ আগৰৱালাৰ ফাৰ্মখনলৈ । তেখেতক আমি প্ৰকৃতিপ্ৰেমী বুলিও জানো । ৮ বিঘা মাটিত ৫ হাজাৰ প্ৰজাতিৰ বিভিন্ন ফুল, প্ৰায় ৫০০ টা প্ৰজাতিৰ দেশী-বিদেশী ফলৰ লগতে ৬০ জনী উন্নত প্ৰজাতিৰ গৰুসহ মৎস্য পালনৰো সুকীয়া ব্যৱস্থা আছে । আমাৰ ৰাজ্যখন এখন কৃষি প্ৰধান ৰাজ্য । বাণিজ্যিক দিশত গুৰুত্ব থকা কৃষিহে বিশেষকৈ কৰাটো প্ৰয়োজন । তেতিয়াহে কৃষকসকল লাভৱান হোৱাত যথেষ্ট সহায়ক হয় ।"
মন্ত্ৰীগৰাকীয়ে লগতে কয়, "এটা সময়ত কৃষকসকলৰ উৎপাদিত ফচল কাষৰীয়া বজাৰতে সীমাবদ্ধ আছিল । কিন্তু এতিয়া কৃষকৰ উৎপাদিত ফচল বিদেশৰ বজাৰলৈ ৰপ্তানি কৰা হৈছে । ২০২২-২৩ বৰ্ষত আমাৰ ৰাজ্যত উৎপাদিত ৪০০০ হাজাৰ কোটি টকাৰ ফচল বিদেশলৈ গৈছে । ইয়াৰ ভিতৰত চাহো আছে । ২০২৬ -২৭ বৰ্ষত ইয়াৰ পৰিমাণ বৃদ্ধি হৈ ১০ হাজাৰ কোটি টকা হ'বগৈ । ৰাজ্যৰ কৃষিক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত মই ভাবোঁ এনে ব্যক্তিৰ অৱদান উল্লেখনীয় । কৃষি ক্ষেত্ৰখনত পৰিৱৰ্তন আনিব পাৰিলেই আমি কৃষি ক্ষেত্ৰত জি ডি পি বৃদ্ধি কৰিব পাৰিম ।"
লগতে পঢ়ক :শ্যামকানু মহন্তক কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা বহিষ্কাৰ

