ETV Bharat / state

নেতৃত্বত এগৰাকী মহিলা: একেডৰা মাটিত তিনিটাকৈ খেতিৰে অপূৰ্ব নিদৰ্শন ৰঙিয়াৰ এইসকল কৃষকৰ - AGRI REVOLUTION IN RANGIA

ৰঙিয়াৰ গোঁসাই শ’লমাৰী গাঁৱৰ কৃষকৰ জৈৱিক কৃষিৰ সফলতা । একেখিনি মাটিতে তিনিটাকৈ খেতিৰ নিদৰ্শন ।

Agri revolution in Rangia
একেডৰা মাটিত তিনিটাকৈ খেতিৰে অপূৰ্ব নিদৰ্শন ৰঙিয়াৰ এইসকল কৃষকৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 2:57 PM IST

4 Min Read

ৰঙিয়া: অসমৰ কামৰূপ জিলাৰ ৰঙিয়াৰ গোঁসাই শ’লমাৰী নামৰ এখন সৰু গাঁৱে কৃষিৰ ক্ষেত্ৰত এক অনন্য নিদৰ্শন দাঙি ধৰিছে । যিয়ে নিবনুৱা সমস্যাৰ দৰে সামাজিক ব্যাধিৰ মাজতো সমাজৰ বাবে এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে ।

গাঁওখনৰ কৃষক ৰাইজে একেডৰা মাটিত বছৰত তিনিটাকৈ ভিন্ন শস্যৰ খেতি কৰি যথেষ্ট লাভৱান হৈছে । এই পদ্ধতিৰ জৰিয়তে তেওঁলোকে কেৱল নিজৰ অৰ্থনৈতিক স্থিতি সুদৃঢ় কৰাই নহয়, জৈৱিক কৃষিৰ মাধ্যমেৰে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো এক বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে ।

একেডৰা মাটিত তিনিটাকৈ খেতিৰে অপূৰ্ব নিদৰ্শন ৰঙিয়াৰ এইসকল কৃষকৰ (ETV Bharat Assam)

গাঁৱৰ কৃষকৰ সাফল্যৰ কাহিনী

ৰঙিয়াৰ গোঁসাই শ’লমাৰী গাঁৱৰ প্ৰায় ২৫ গৰাকী কৃষকে ডেৰশ বিঘা মাটিত বড়োধানৰ খেতি কৰি বৰ্তমান চপোৱাৰ কামত ব্যস্ত হৈ আছে । একেসময়তে বড়োধান চপোৱাৰ পিছত তেওঁলোকে একেখিনি মাটিতে শালিধানৰ খেতিৰ বাবে কঠিয়া ৰোপণৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

ইয়াৰ পূৰ্বে ৰবিশস্যৰ সময়ত এই মাটিখিনিত তেওঁলোকে সৰিয়হৰ খেতি কৰিছিল । এই তিনিমহীয়া শস্যচক্ৰৰ জৰিয়তে কৃষকসকলে মাটিৰ উৰ্বৰতা বজাই ৰাখি উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ।

এই কৃষি পদ্ধতিৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল জৈৱিক সাৰৰ ব্যৱহাৰ । গাঁৱৰ কৃষকসকলে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে স্থানীয়ভাৱে উৎপাদিত কেঁচুসাৰ ব্যৱহাৰ কৰি খেতি কৰি আহিছে । ইয়াৰ ফলস্বৰূপে গাঁৱৰ খেতিপথাৰৰ মাটিৰ মান ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা মাটিতকৈ যথেষ্ট উন্নত হৈছে বুলি স্থানীয় কৃষি বিভাগৰ উন্নয়ন বিষয়া স্মিতা শৰ্মাই জনায় ।

জৈৱিক কৃষি বিপ্লৱৰ আৰম্ভণি

এই জৈৱিক কৃষি বিপ্লৱৰ নেপথ্যত আছে গাঁওখনৰ এগৰাকী বঁটাপ্ৰাপক মহিলা কৃষক ঊষা নাথ আৰু তেওঁৰ স্বামী হেমন্ত নাথৰ প্ৰেৰণাদায়ী পদক্ষেপ । কেইবছৰমানৰ পূৰ্বে তেওঁলোকে গাঁৱত জৈৱিক কৃষিৰ সূচনা কৰিছিল । তেওঁলোকৰ প্ৰচেষ্টাৰ ফলত আজি গাঁৱৰ প্ৰায় প্ৰতিঘৰ লোকে নিজৰ ঘৰত কেঁচুসাৰ উৎপাদন কৰে আৰু এই সাৰ ব্যৱহাৰ কৰি গাঁওখনৰ কৃষকসকলে খেতি কৰি আহিছে ।

এই পদ্ধতিয়ে কেৱল খেতিৰ খৰচ কমোৱাই নহয়, মাটিৰ উৰ্বৰতা বজাই ৰাখি উৎপাদনৰ পৰিমাণো বৃদ্ধি কৰিছে ।

কৃষকৰ মুখত সাফল্যৰ কাহিনী

ঊষা নাথৰ কৃষি পদ্ধতিৰ বিষয়ে জানিবলৈ আমি গাঁওখনত উপস্থিত হৈ তেওঁৰ সৈতে কথা পাতো । তেওঁ আমাক জনায় যে তেওঁলোকে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে উন্নত জাতৰ বীজ ব্যৱহাৰ কৰি খেতি কৰি আহিছে ।

তেওঁ কয়, “আমি প্ৰথমে পথাৰত সৰিয়হৰ খেতি কৰিছিলোঁ । সৰিয়হ চপোৱাৰ পিছত একেখিনি মাটিত বড়োধানৰ খেতি আৰম্ভ কৰিলোঁ । আমি ব্যৱহাৰ কৰা বড়োধানৰ বীজ আছিল ‘আহানা-পান ৮৪৯’ । এতিয়া বড়োধান চপাই আমি শালিধানৰ কঠিয়া ৰোৱাৰ প্ৰস্তুতি চলাইছোঁ । এনেদৰে বিজ্ঞানসন্মতভাৱে একেডৰা মাটিত কেইবাটাও খেতি কৰিলে কৃষকসকল যথেষ্ট লাভৱান হ’ব পাৰে ।”

আনহাতে, ঊষা নাথৰ স্বামী হেমন্ত নাথে জনায় যে তেওঁলোকে ব্যৱহাৰ কৰা বড়োধানৰ জাতটো উন্নতমানৰ হোৱাৰ ফলত মাত্ৰ ১২০ দিনৰ ভিতৰতে চপোৱাৰ বাবে সাজু হৈ উঠে ।

তেওঁ কয়, “এই সময়ত বড়োধান চপাই শালিখেতিৰ বাবে পথাৰখন সঠিক সময়ত সাজু হৈ উঠে । ফলত আমি আমাৰ মূল শস্য শালিধানৰ খেতি সুন্দৰকৈ কৰিব পাৰোঁ ।”

কৃষি বিভাগৰ সহায়

আনহাতে, এইক্ষেত্ৰত হেমন্ত নাথে কৃষি বিভাগৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁ জনাই যে বিভাগৰ তৰফৰ পৰা কৃষকসকলক সময়ে সময়ে প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ লগতে বিনামূলীয়া বা ৰেহাই মূল্যত উন্নত জাতৰ বীজ যোগান ধৰা হয় । এই সহায়ৰ ফলত কৃষকসকলৰ উৎপাদন খৰচ হ্ৰাস হৈ লাভৰ পৰিমাণ বৃদ্ধি পাইছে ।

অসমৰ কৃষিৰ সম্ভাৱনা

গোঁসাই শ’লমাৰীৰ এই কৃষি মডেলে প্ৰমাণ কৰিছে যে অসমৰ উৰ্বৰা মাটিত সঠিক পদ্ধতি আৰু বিজ্ঞানসন্মত প্ৰশিক্ষণৰ জৰিয়তে কৃষকসকল যথেষ্ট লাভৱান হ’ব পাৰে । ঊষা নাথ আৰু হেমন্ত নাথৰ দৰে কৃষকৰ কঠোৰ পৰিশ্ৰম আৰু জৈৱিক কৃষিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাই এই গাঁৱৰ কৃষিৰ ছবিখন সলনি কৰি তুলিছে ।

এই নিদৰ্শন কেৱল গাঁৱৰ কৃষকৰ বাবেই নহয়, সমগ্ৰ অসমৰ কৃষকৰ বাবে এক প্ৰেৰণাৰ উৎস । এই গাঁৱৰ সাফল্যৰ কাহিনীয়ে এটা কথাই প্ৰমাণ কৰে— প্ৰয়োজন মাথোঁ সময়োপযোগী প্ৰশিক্ষণ, উন্নত পদ্ধতিৰ ব্যৱহাৰ আৰু কঠোৰ পৰিশ্ৰমৰ মানসিকতা । গোঁসাই শ’লমাৰীৰ কৃষকৰ এই পদক্ষেপ অসমৰ কৃষিৰ ভৱিষ্যতৰ বাবে এক উজ্জ্বল সম্ভাৱনাৰ দিশলৈ আঙুলিয়াইছে ।

লগতে পঢ়ক :বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ চিন্তা: প্ৰকৃতিৰ সৈতে সমিলমিলেৰে জীয়াই থাকো আহক - WORLD BIODIVERSITY DAY 2025
লগতে পঢ়ক :পুনৰ নতুনত্বৰ মাজেৰে হেঙুল হাইতাল বুলাবলৈ আহি আছে হেঙুল থিয়েটাৰ - HENGOOL THEATRE PLAYS FOR 2025 26

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.