মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা - MATAK DEMAND ST STATUS
Demand for ST status : অসমৰ আদিম জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম জনগোষ্ঠী হ'ল মটক জনগোষ্ঠী । মটক জনগোষ্ঠীৰ নিজৰ পৰম্পৰা আৰু সাংস্কৃতিক মৰ্যাদা জীয়াই ৰাখি নিজৰ সংস্কৃতিৰ ধাৰা অব্যাহত ৰাখি বৰ অসম গঢ়াত অৰিহণা আগবঢ়াইছে । এই মটক জনগোষ্ঠীৰ ৰাইজে দীৰ্ঘদিনৰ পৰা জনগোষ্ঠীটোক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰিবলৈ দাবী জনাই আহিছে ।

Published : August 10, 2024 at 10:26 PM IST
মৰাণ, ১০ আগষ্ট: কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰাৰ বাবে সাজু হৈছে মটক জনগোষ্ঠীৰ সংগঠনৰসমূহ । চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত কৰা চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ যৌথ সংগঠনে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে । সদৌ মটক সন্মিলন, সদৌ অসম যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ বাণীপুৰস্থিত মটক ভৱনত সংবাদমেল অনুষ্ঠিত কৰি শনিবাৰে এই কথা ঘোষণা কৰে ।
১৬ আগষ্টত ৫ ঘণ্টীয়া অৱস্থান ধৰ্মঘট:
মটক জনগোষ্ঠীৰ যৌথ সংগঠনে আয়োজন কৰা এই সংবাদমেলত নেতাসকলে উল্লেখ কৰা অনুসৰি অহা ১৬ আগষ্টত জিলাই জিলাই ৫ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিব । তদুপৰি অহা ২২ আগষ্টত গুৱাহাটীৰ চচলত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব । আনহাতে, অহা ২৬ আগষ্টত প্ৰতিখন জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা, ৬ ছেপ্টেম্বৰত নতুন দিল্লীত ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।
১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ :
সদৌ মটক মটক সন্মিলন, সদৌ অসম যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ নেতাসকলে পুনৰ কয়," ১৩ ছেপ্তেম্বৰত ৰে'ল অৱৰোধ, ২৭ ছেপ্তেম্বৰত বিমান অৱৰোধ, ৪ অক্টোবৰত ১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।"
তদুপৰি ৰাজ্য চৰকাৰে জনগোষ্ঠীসমূহৰ লগত বহুবাৰ জনজাতিকৰণক লৈ আলোচনাত বহি জনজাতিকৰণক লৈ দিয়া প্ৰতিশ্ৰুতিৰ কাৰ্যকৰী নকৰাৰ অভিযোগ উত্থাপন কৰে মটক জনগোষ্ঠীৰ সংগঠনকেইটাই ।

