লাঠীৰে ছত্ৰভংগ দিছিল প্ৰতিবাদী সমদল ; দুদিন পিছতে এতিয়া আৰক্ষী বিষয়াৰ ব্যাপক ৰদ-বদল
ধুবুৰী আৰক্ষীত ব্যাপক ৰদ-বদল । বৃহস্পতিবাৰৰ ঘটনাক কেন্দ্ৰ কৰি কৰা হৈছে এই ৰদ-বদল ।

Published : September 12, 2025 at 4:37 PM IST
ধুবুৰী: বৰ্তমানো চেপা উত্তেজনা বিৰাজ কৰিছে ধুবুৰীৰ গোলকগঞ্জত । বৃহস্পতিবাৰে চিলাৰায় মহাবিদ্যালয়ৰ পৰা গোলকগঞ্জ টাউন অভিমুখে উলিওৱা এক জোৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হয় । বিশেষকৈ জিলা আৰক্ষীয়ে জোৰ সমদল বিফল কৰিবলৈ আৰক্ষী, চি আৰ পি এফ বাহিনী আৰু কমাণ্ডোসকলক নিয়োগ কৰিছিল বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে ৷
ইয়াৰ পিছতে জ্বলিব ধৰিছে নামনি অসমৰ অন্যতম প্ৰসিদ্ধ চহৰ ধুবুৰী ৷ পৰিস্থিতিৰ অৱনতি ঘটা ধুবুৰীত তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা শীৰ্ষ আৰক্ষী বিষয়া ৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ঘটনাৰ বুজ লৈ লাঠীচালনাৰ নিৰ্দেশ দিয়া গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বনৰ নিৰ্দেশ দিছিল ৷ দেৱজিৎ কলিতাৰ লগতে গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীব লাহনকো ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ দিছিল মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ মাজত ব্যাপক ৰদ-বদল কৰা হৈছে ধুবুৰীৰ কেইবাখনো আৰক্ষী থানাৰ আৰক্ষী বিষয়াক । বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ক গোলকগঞ্জৰ চক্ৰ পৰিদৰ্শক হিচাপে বদলি । অতিৰিক্তভাৱে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দাায়িত্ব প্ৰদান ।

ইফালে গোলকগঞ্জৰ আৰক্ষী চক্ৰ পৰিদৰ্শক ৰাতুল হালৈক বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে বদলি । তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে বদলি । গৌৰীপুৰ চহৰৰ উপ-পৰিদৰ্শক কপিল বৰাক তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে বদলি ।
বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম ৰায়ক হালাকুৰা আৰক্ষী চকীৰ IC হিচাপে বদলি । গৌৰীপুৰ থানাৰ SI দেভাষ মেলছোধাক বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি । হালাকুৰা আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া SI নয়নজ্যোতি পাটোৱাৰীক গোলকগঞ্জ থানাৰ Attached Officer হিচাপে বদলি ।
উল্লেখ্য যে শেহতীয়াকৈ ধুবুৰীত আক্ৰছুৰ নেতা কৰ্মীক লাঠি চালনা আৰু দুৰ্ব্যৱহাৰ কৰাৰ বাবে এই ৰদ-বদল কৰা হৈছে বুলি জানিব পৰা গৈছে ।

