Bihar Election Results 2025

ETV Bharat / state

চোৰাং চিকাৰী নহয়, অসমৰ গঁড়ৰ সমুখত আহিছে আন এক ভয়ংকৰ বিপদ - Assam famed one horned rhinos

One horned rhinos in Assam : গঁড় আৰু অসম, যি গঁড়ৰ বাবে সেউজী অসমখন বিশ্ব প্ৰখ্যাত ৷ অসমৰ ৰাজ্যিক প্ৰাণী এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ২২ ছেপ্টেম্বৰৰ দিনটো গঁড় দিৱস হিচাপে পালন কৰা হয় ৷ আজি বিশ্ব গঁড় দিৱসৰ দিনটোত অসমৰ বিখ্যাত এশিঙীয়া গঁড় আৰু গঁড়ৰ বাসস্থানৰ ওপৰত ইটিভি ভাৰতৰ সহকাৰী সম্পাদক অনুপ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন ৷

One horned rhinos in Assam
অসমৰ গঁড় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 22, 2024 at 7:14 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : দশক দশক ধৰি অবৈধ চোৰাং চিকাৰৰ বিৰুদ্ধে যুঁজ দি অসমৰ এশিঙীয়া গঁড়ে এতিয়া আন এক অদ্ভুত-আক্ৰমণাত্মক আৰু অপতৃণৰ বিৰুদ্ধে যুঁজিছে । হয়, অসমত এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ হ্ৰাস পোৱাৰ সময়তে অসমৰ প্ৰায়বোৰ গঁড়ৰ বাসস্থানত ডাঙৰ চিন্তাৰ বিষয় হৈ উঠিছে আগ্ৰাসী ৰূপ লোৱা এক বিশেষ প্ৰজাতিৰ অপতৃণ ৷ এই মাৰাত্মক অপতৃণৰ বিৰুদ্ধে এতিয়া নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আন এক যুদ্ধত লিপ্ত হ'বলগীয়া হৈছে অসম গৌৰৱ এশিঙীয়া গঁড়ে ।

অসম চৰকাৰৰ ওচৰত উপলব্ধ পৰিসংখ্যা অনুসৰি যোৱা কেইবছৰমানৰ পৰা গঁড়ৰ চোৰাং চিকাৰৰ হাৰ হ্ৰাস পাইছে । ২০১৩ আৰু ২০১৪ চনত গঁড়ৰ চোৰাং চিকাৰ সৰ্বাধিক হোৱাৰ লগতে প্ৰতি বছৰে ২৭টা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল ৷ ২০২২ চনত ৪৫ বছৰৰ ব্যৱধানৰ অন্তত অসমত গঁড়ৰ চোৰাং চিকাৰ শূন্য হৈছিল । ২০২০ আৰু ২০২১ চনত দুটাকৈ গঁড় হত্যা কৰা হৈছিল অসমত ।

invasive plants in Assam
নিলাজী বন, অসমৰ গঁড়ৰ বাসস্থান আগ্ৰাসন কৰা এখন ঘাঁহনি (Aaranyak)

"এই অপতৃণ বিধে গঁড়ৰ প্ৰয়োজনীয় খাদ্যৰ উৎস ধ্বংস কৰে । অসমৰ গঁড়ৰ বাসস্থানৰ অধিকাংশতে এই মাৰাত্মক অপতৃণ বৃদ্ধি হোৱাটোএটা ডাঙৰ চিন্তাৰ বিষয় ।" - এইদৰে কয় আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘৰ (আই ইউ চি এন) এছিয়ান গঁড় বিশেষজ্ঞ গোটৰ অধ্যক্ষ তথা প্ৰকৃতি সংৰক্ষণবিদ ড৹ বিভৱ তালুকদাৰে ৷

invasive plants in Assam
পাৰ্থেনিয়াম, অসমৰ পবিতৰাৰ ঘাঁহনিত পোৱা এবিধ অপতৃণ (Aaranyak)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি অসমৰ গঁড়ৰ সকলো প্ৰধান বাসস্থানত বিভিন্ন মাত্ৰাত মিমোছা, ক্ৰ’ম’লেনা অড’ৰাটা, মিকানিয়া মাইক্ৰন্থা আৰু পাৰ্থেনিয়াম আদি বিদেশী অপতৃণ বৃদ্ধি হোৱা দেখা গৈছে বুলিও তেওঁ কয় ৷ এনে অপতৃণই ঘাঁহনিবোৰ শ্বাসৰুদ্ধ কৰি পেলায় ৷ যাৰ ফলত গঁড়বোৰে ওচৰৰ কৃষিভূমিলৈ খাদ্য বিচাৰি ওলাই যায় আৰু তেতিয়াই মানুহৰ সৈতে সংঘাতৰ সৃষ্টি হয় ।

আনহাতে, এনেবোৰ অপতৃণ বৃদ্ধিৰ বিষয়ে সবিশেষ জনাই 'আৰণ্যক'ৰ জ্যেষ্ঠ বিজ্ঞানী ড৹ বিভুতি প্ৰসাদ লহকৰে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩০ শতাংশ ঘাঁহনিত এইধৰণৰ অপতৃণই আক্ৰমণ কৰি গঁড়ৰ বাসস্থানত প্ৰভাৱ পেলাইছে ।

invasive plants in Assam
পাৰ্থেনিয়াম, অসমৰ পবিতৰাৰ ঘাঁহনিত পোৱা এবিধ অপতৃণ (Aaranyak)

“পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত ৪০ শতাংশ ঘাঁহনিত এনে অপতৃণই আক্ৰমণ কৰিছে । বৰ্তমান সময়ত সমগ্ৰ বন্যপ্ৰাণীৰ বাসস্থানত অপতৃণবোৰ এক ডাঙৰ চিন্তাৰ বিষয় ।’’ - এইদৰে কয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত সংৰক্ষণবিদ আৰু পৰিৱেশবিদ আৰু ২০১৬ চনত আই ইউ চি এন বিশ্ব ঐতিহ্য নায়ক বঁটা লাভ কৰা লহকৰে ।

invasive plants in Assam
অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানত আক্ৰমণাত্মক উদ্ভিদৰ উপস্থিতি দেখুওৱা এখন মানচিত্ৰ (Map Courtesy Aaranyak)

‘‘আগতে অসমৰ এশিঙীয়া গঁড়ৰ বাবে চোৰাং চিকাৰ এটা ডাঙৰ চিন্তাৰ বিষয় আছিল । কিন্তু অসম চৰকাৰে গ্ৰহণ কৰা বহুমুখী কৌশলৰ বাবে যোৱা কিছু বছৰত চোৰাং চিকাৰ হ্ৰাস পাইছে । কিন্তু এই অপতৃণই এতিয়া সকলো গঁড়ৰ বাসস্থানৰ বাবে ডাঙৰ চিন্তাৰ সৃষ্টি কৰিছে, যাৰ বাবে গঁড়ৰ বাসস্থান সুৰক্ষিত কৰিবলৈ নিয়মীয়াকৈ নিৰীক্ষণ আৰু ফলপ্ৰসূ বন ব্যৱস্থাপনা কৌশলৰ প্ৰয়োজন ।’’ লহকৰে কয় ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘই (IUCN) নিজৰ ৰঙা তালিকাত দুৰ্বল হিচাপে তালিকাভুক্ত কৰা এশিঙীয়া গঁড়ৰ সংখ্যা প্ৰায় ৪,০০০ বুলি অনুমান কৰিছে । ইয়াৰে ৪০০০ গঁড়ৰ ভিতৰত ৯০ শতাংশ গঁড় অসমৰ বিভিন্ন সংৰক্ষিত অঞ্চলত পোৱা যায় ৷

One horned rhinos in Assam
অসমৰ গঁড় (ETV Bharat Assam)
  • ২০২২ চনৰ গঁড়ৰ পিয়ল অনুসৰি মুঠ গঁড়ৰ সংখ্যা তলত উল্লেখ কৰা হ’ল -
  1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬১৩ টা,
  2. ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ১২৫ টা,
  3. পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত ১০৭ টা আৰু
  4. মানস ৰাষ্ট্ৰীয় উদ্যানত ৪০ টা ৷
লগতে পঢ়ক : গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ লক্ষ্যৰে বিশ্ব গঁড় দিৱস - World Rhino Day 2024