ETV Bharat / state

প্ৰথমে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, তাৰ পিছত ৰাজপথত মটক জনগোষ্ঠীৰ প্ৰতিবাদ

ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক । মৰাণ জনগোষ্ঠীৰ পিছত মটকসকলেও জনজাতিকৰণৰ দাবীত উলিয়ালে জোঁৰ সমদল ।

matak community protest
জনজাতিকৰণৰ দাবীত মটক জনগোষ্ঠীৰ প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 10:53 AM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই । কোনেও যেন এই কথা বিশ্বাস কৰিব পৰা নাই । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়াৰ বৰগুৰিস্থিত আই টি আই খেলপথাৰত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মটক জনগোষ্ঠীয়ে । মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই তিনিচুকীয়া চহৰলৈ মটক জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য বিচাৰি এক বিশাল জোঁৰ সমদলৰ আয়োজন কৰে ।

বহু পূৰ্বৰে পৰা প্ৰস্তুতি চলোৱা হৈছিল এই জোঁৰ সমদলৰ । যাৰ বাবে অনিচ্ছা স্বত্বেও মটক জনগোষ্ঠীয়ে এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি জনাইছে । সদৌ অসম মটক সন্মিলন, সদৌ অসম যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদকে ধৰি মটক জনগোষ্ঠীৰ সকলো সংগঠনে একত্ৰিত হৈ মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰা আৰু ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণ আৰু সৌন্দযবৰ্ধনৰ দাবীৰে বৰগুৰিৰ পৰা থানা চাৰিআলিলৈকে হাজাৰ হাজাৰ মটক জনগোষ্ঠীৰ লোকে বিশাল জোঁৰ সমদলত অংশগ্ৰহণ কৰে ।

মটক জনগোষ্ঠীৰ প্ৰতিবাদ (ETV Bharat)

মটক জনগোষ্ঠীৰ আন্দোলনৰ পৰা এটা কথাই অনুমান কৰিব পাৰি যে উজনি অসমত এতিয়া জনজাতিকৰণৰ দাবীৰে কৰা আন্দোলনত স্তব্ধ হোৱাৰ দিশে গতি কৰিছে । ইতিমধ্যে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তাৰ পাছতে শুকুৰবাৰে মটক জনগোষ্ঠীৰ হাজাৰ হাজাৰ জনগণে একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

matak community protest
জনজাতিকৰণৰ দাবীত মটকসকলৰ প্ৰতিবাদ (ETV Bharat)

পৰৱৰ্তী সময়ত চহৰখনৰ থানা চাৰিআলিত এখন প্ৰতিবাদী সভাৰ আয়োজন কৰি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোঁহাই কয়, "ইতিমধ্যে মটক জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈছে আৰু বিভিন্ন স্থানৰ পৰা জোঁৰ সমদলৰ বাবে হাজাৰ হাজাৰ লোক ওলাই আহিছে ৷ এতিয়া মটকসকল সজাগ হৈছে ৷ মটক জনগোষ্ঠীৰ প্ৰাপ্য জনজাতিকৰণ শীঘ্ৰে প্ৰদান কৰক অন্যথা প্ৰাপ্য লাভ নকৰা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব ৷ আমি অকৰা মটক, আমাক জনজাতিকৰণ প্ৰদান নকৰা পৰ্যন্ত আমাৰ ধাৰাবাহিক আন্দোলন চলিব ।" যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিয়োগক লৈ ৰাজ্যবাসী শোকস্তব্ধ হৈ থকাৰ সময়তে এনেদৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিবলগীয়া হোৱাৰ বাবে সংগঠনটোৱে ক্ষমাও বিচাৰিছে ।

matak community protest
তিনিচুকীয়াত মটকসকলৰ জোঁৰ সমদল (ETV Bharat)

সমান্তৰালভাৱে মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ নেতৃত্বই মটক জনগোষ্ঠীক প্ৰাপ্য বিচাৰি ৰাজপথলৈ ওলাই অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু যেতিয়ালৈকে মটক জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান নকৰে তেতিয়ালৈ প্ৰতিবাদ বন্ধ নহয় বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক :জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন নোহোৱালৈকে স্থগিত ছমহীয়া পৰীক্ষা