বৰ্তমান সময়ত গুৱাহাটীৰ বাদে প্ৰথমবাৰৰ বাবে চিটী বাছ চলিব অসমৰ আন এখন চহৰত
চহৰ এলেকাৰ যানজঁটৰ অন্যতম কাৰণ ই-ৰিক্সা । ই-ৰিক্সাৰ বিপৰীতে চিটী বাছ সেৱা আৰম্ভ কৰিবলৈ চিন্তা চৰ্চা এখন চহৰত ।

Published : August 9, 2025 at 2:24 PM IST
নগাঁও: চিটী বাছ সেৱাৰে নাগৰিকৰ যাতায়ত সুচল কৰা ৰাজ্যৰ একমাত্ৰ স্থানেই হৈছে গুৱাহাটী মহানগৰ । ইয়াৰ পূৰ্বে ডিব্ৰুগড় চহৰত চিটী বাছৰ সুবিধা আছিল যদিও বৰ্তমান কেৱল গুৱাহাটী মহানগৰীতহে পোৱা যায় চিটী বাছ সেৱা । কিন্তু গুৱাহাটী মহানগৰৰ বাহিৰেও ৰাজ্যৰ এখন চহৰত চিটী বাছ সেৱা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে প্ৰশাসন আৰু পৰিবহন বিভাগে । চিটী বাছ সেৱা আৰম্ভ কৰিলে বৰ্তমান গুৱাহাটীৰ বাহিৰে এইখনেই হ’ব চিটী বাছ সেৱা প্ৰৱৰ্তন কৰা প্ৰথমখন চহৰ ।
চহৰখন হৈছে মধ্য অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ নগাঁও । দীৰ্ঘদিনৰ পৰাই নগাঁও চহৰত সৃষ্টি হোৱা এটা মূল সমস্যা হৈছে যানজঁটৰ সমস্যা । যানজঁটৰ এই সমস্যাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈ আহিছে অনিয়ন্ত্ৰিত ই-ৰিক্সা । কোনো নীতি-নিয়ম নামানি নগাঁও চহৰৰ মাজমজিয়াতে যানজঁটৰ সৃষ্টি কৰি অহা ই-ৰিক্সাসমূহ নিয়ন্ত্ৰণ কৰাৰ লগতে যানজঁটৰ সমস্যা সমাধানৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে ।
জিলা পৰিবহন বিভাগৰ সহযোগত নগাঁও জিলা প্ৰশাসনে চহৰখনৰ যানজঁট ৰোধৰ লগতে ই-ৰিক্সাৰে অনিয়ন্ত্ৰিত ভাৰাৰ সমস্যা হ্ৰাস কৰাৰ বাবে পদক্ষেপ সিদ্ধান্ত গ্ৰহণ কৰিছে । নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জানিবলৈ দিয়া মতে নগাঁও চহৰত কেবাটাও পইণ্টত চিটী বাছ সেৱাৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এই সন্দৰ্ভত ই টিভি ভাৰতৰ সন্মুখত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়,"চহৰখনৰ মূল পথৰ বাহিৰে নিৰ্দিষ্ট পথেৰে নীতি-নিয়মৰ মাজেৰে ই-ৰিক্সাসমূহো চলিবলৈ দিয়া হ’ব যদিও যাত্ৰীৰ সুবিধাৰ্থে নগাঁও চহৰত চিটী বাছ সেৱা আৰম্ভ কৰা হ’ব । বিশেষকৈ ম’হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ অহা যোৱা কৰা ৰোগী অথবা আত্মীয়ৰ বাবে নগাঁও চহৰৰ হয়বৰগাঁৱৰ পৰা ম’হখুলি হৈ ৰূপহীহাটলৈ থাকিব চিটী বাছ সেৱা । ননৈৰ পৰা মৰিকলঙলৈয়ো প্ৰদান কৰা হ’ব চিটী বাছ সেৱা । ইয়াৰোপৰি নগাঁও চহৰৰ গুৰুত্বপূৰ্ণ স্থানসমূহলৈ প্ৰথম পৰ্যায়ত পৰীক্ষামূলকভাৱে চিটী বাছ সেৱা আৰম্ভ কৰা হ’ব ।”
প্ৰথমাৱস্থাত ৬ খন বাছেৰে সেৱা আৰম্ভ কৰাৰ কথাও উল্লেখ কৰি নগাঁও চহৰত আৰম্ভ কৰিবলগীয়া চিটী বাছ সেৱা জ্যেষ্ঠ নাগৰিকৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ’ব বুলিও জানিবলৈ দিয়ে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । নগাঁৱত চিটী বাছ সেৱা আৰম্ভ কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে ছাত্ৰ সংগঠনকে ধৰি নগঞা ৰাইজে । জিলা প্ৰশাসনৰ এই সিদ্ধান্তক আদৰণি জনাই চিটী বাছ সেৱাই নগাঁও চহৰৰ যানজঁট ৰোধৰ লগতে যাত্ৰীসকলৰ যাত্ৰা নিৰাপদ হ’ব বুলি মন্তব্য কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই ।
চিটী বাছ সেৱা প্ৰৱৰ্তনৰ এই সিদ্ধান্ত সন্দৰ্ভত স্থানীয় সচেতন লোকে কয়,"ই-ৰিক্সাই বহু সময়ত অধিক ভাৰা সংগ্ৰহ কৰাৰ উপৰিও কোনো নীতি-নিয়ম নামনি নগাঁও চহৰত যানজঁটৰ সৃষ্টি কৰি আহিছে । আনকি একাংশ ই-ৰিক্সা চালকে নিচাসক্ত হৈ মহিলা যাত্ৰীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে । এনে অৱস্থাত প্ৰথমবাৰৰ বাবে চিটী বাছ সেৱা প্ৰৱৰ্তন কৰিলে যানজঁটৰ লগতে নিৰপাত্তাৰ ক্ষেত্ৰতো সকাহ পোৱা যাব ।” উল্লেখযোগ্য যে, নগাঁও চহৰত চিটী বাছ সেৱা প্ৰৱৰ্তন হলে বৰ্তমান সময়ত গুৱাহাটীৰ বাহিৰে চিটী বাছ সেৱা প্ৰৱৰ্তন হোৱা নগাঁও চহৰেই হয়তো হ’ব প্ৰথম চহৰ ।

