ETV Bharat / state

নতুন বছৰৰ অংগীকাৰ: ৩৯ বছৰ পিছত আকৌ গাঁৱে চহৰে যাব অগপ

৩৯বছৰ পূৰ্বে ছবছৰজোৰা গণ আন্দোলনৰ মাজেৰে গঠন‌ হোৱা তথা দুবাৰকৈ ৰাজ্যৰ শাসন ক্ষমতাত থকা অগপ-এ গাঁৱে গাঁৱে আৰু চহৰে-নগৰে দলক শক্তিশালী কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

After 39 years AGP will go to villages and towns again says Minister Atul Bora
গাঁৱে চহৰে যাব অগপ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 30, 2024 at 9:09 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম আন্দোলনৰ দৰে এক ঐতিহাসিক গণ সংগ্ৰামৰ‌ মাজেৰে জন্ম লাভ কৰা অগ‌প দলটো সুদীৰ্ঘ ৩৯ বছৰ পিছত জন বিচ্ছিন্ন হৈ পৰিছে নেকি ? কাৰণ অহা ২০২৫ বৰ্ষত "গাঁৱে গাঁৱে অগপ, চহৰে নগৰে অগপ” - শীর্ষক কাৰ্যসূচীৰে অগপ দলৰ সংগঠন শক্তিশালী কৰাৰ বাবে নতুন বছৰৰ অংগীকাৰ লোৱা বুলি অগপৰ সভাপতি অতুল‌ বৰাই সদৰী কৰিছে ।

গুৱাহাটীত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত অতুল বৰাই কয়, ‘‘আমাৰ লক্ষ্য ২০২৫ বৰ্ষৰ আৰম্ভণিৰে পৰা ব্যাপক কর্মসূচীৰে ৰাজ্যখনত প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰাটোক অধিক সবল ৰূপ প্ৰদান কৰা । গাঁৱে গাঁৱে অগপ, চহৰে নগৰে অগপ- শীৰ্ষক বছৰজোৰা এক অভিযানৰ আমি পৰিকল্পনা কৰিছো । উদ্দেশ্যে এটাই - অসমৰ সকলো ৰাইজৰ কাষলৈ গৈ আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলক অধিক শক্তি প্ৰদান কৰা ।’’

AGP ৰ নতুন বছৰৰ অংগীকাৰ (ETV Bharat)

উল্লেখ্য যে, ২০০১ চনত ৰাজ্যৰ শাসন ক্ষমতাৰ পৰা ক্ষমতাচ্যুত হোৱা অগপ দল বিভিন্ন নিৰ্বাচনত পৰাজয়ৰ গ্লানি লাভ কৰাৰ পিছত ২০১৭ চনত বিজেপিৰ হাতত ধৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ সহযোগী দল হৈ আহিছে । কিন্তু এতিয়াও অগপই দলটো এফালে শক্তিশালী বুলি দাবী কৰিও বিজেপিৰ হাত এৰিব বিচৰা নাই ।

সংবাদমেলত অতুল বৰাই কয়, ‘‘অসমবাসীৰ ছবছৰজোৰা ঐক্যবদ্ধ গণ সংগ্ৰামৰ স্বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ অসম গণ পৰিষদ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল যাৰ শিপাৰ বিস্তৃতি সমগ্ৰ ৰাজ্যব্যাপি ।’’ ইপিনে তেওঁ লগতে কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বত আজি ৰাজ্যখনে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে ।"

তেওঁ কয়, ‘‘অসমত আঞ্চলিকবাদ সদায় প্ৰাসংগিক । অসম গণ পৰিষদ দল, আঞ্চলিকতাবাদৰ ধ্বজাবাহী হিচাপে অসমৰ ৰাইজৰ কাষত থাকি কাম কৰি যাবলৈ বদ্ধপৰিকৰ । ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ এই যাত্ৰা অধিক ত্বৰান্বিত কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব অগপই ।’’

লগতে পঢ়ক : ৰাজ্যৰ ২৭খন জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ইপিনে সংবাদমেলত অগপ দল যদি শক্তিশালী হৈছে তেনেহ’লে বিজেপিৰ লগত মিত্ৰতা ত্যাগ কৰি অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'বনে, ভৱিষ্যতে অকলে অগপ দলে চৰকাৰৰ গঠন কৰাৰ পৰিকল্পনা কৰিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ পোনোপটীয়া উত্তৰ পৰা আঁতৰি অগপৰ সভাপতিগৰাকীয়ে কয়, ‘‘বৰ্তমান‌ আমি বিজেপিৰ লগত মিত্ৰতা আছো । মিত্ৰতা ত্যাগৰ কোনো আলোচনা হোৱা নাই ।"

উল্লেখ্য যে, অসম গণ পৰিষদ দলে আগন্তুক বছৰটোক “মাতৃভাষা বর্ষ” হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সন্দৰ্ভত অতুল বৰাই কয়, ‘‘এই সময়ছোৱাত ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতিজনগোষ্ঠীৰ মাতৃভাষাৰ বিকাশৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়, একতা আৰু সদভাৱ ৰক্ষা কৰাটো অসম গণ পৰিষদ দলৰ মূল লক্ষ্য হ'ব ।’’

অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত তেওঁ কয়, ‘‘অসম চৰকাৰে ইতিমধ্যে অসম চুক্তি ৰূপায়ণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ২০২৫ বৰ্ষটো আমাৰ ৰাজ্যবাসীৰ বাবে আৰু আমাৰ দলৰ বাবেও বিশেষভাৱে গুৰুত্বপূৰ্ণ । কিয়নো এই বছৰটোতে মুখ্যমন্ত্ৰীৰ তৎপৰতাত চৰকাৰে ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ কাম হাতে কামে আগুৱাই নিয়াৰ প্ৰস্তুতি চলাইছে । বিশেষকৈ চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শাৱলীৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়সমূহ ক্ষীপ্ৰ গতিৰে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’’

লগতে পঢ়ক : এৰাতিৰ ভিতৰতে থান-বান এটি সুখৰ সংসাৰ; প্ৰকৃততে ভুল কাৰ !

লগতে পঢ়ক : কিয় গণকবৰ দিয়া হৈছিল আটাছুৰ প্ৰথম জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈক ?