ETV Bharat / state

২১ দিনৰ অন্তত সুকলমে উদ্ধাৰ অৰুণাচললৈ কামৰ বাবে যোৱা শ্ৰমিক

অতি দুৰ্গম পাহাৰীয়া পথেৰে চিমেণ্ট কঢ়িয়াই তিনিদিন খোজকাঢ়ি আপাৰ ছিয়াং জিলাৰ জৰ্জিঙৰ দিশে গৈ থকা অৱস্থাৰ পৰা নিৰুদ্দেশ হৈছিল উন্নত টায়ে নামৰ লোকজন ৷

LABOUR RESCUED FROM ARUNACHAL
শ্ৰমিকজনৰ সৈতে উদ্ধাৰকাৰী দলটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 4:06 PM IST

3 Min Read
Choose ETV Bharat

জোনাই: সংস্থাপনৰ বাবে অৰুণাচলৰ টুটিঙলৈ গৈ দুৰ্গম পাহাৰৰ মাজত প্ৰায় ২১ দিন ধৰি সন্ধানহীন হৈ আছিল চিলাপথাৰ লক্ষীপুৰৰ নিবাসী উন্নত টায়ে ৷ টায়েক শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬ বজাত সংকটজনক অৱস্থাত অৰুণাচলৰ টুটিং আৰক্ষী-প্ৰশাসন, চিকিৎসক আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰে ৷

অতি দুৰ্গম পাহাৰীয়া পথেৰে চিমেণ্ট কঢ়িয়াই তিনিদিন খোজকাঢ়ি আপাৰ ছিয়াং জিলাৰ জৰ্জিঙৰ দিশে গৈ থকা অৱস্থাৰ পৰা নিৰুদ্দেশ হৈছিল উন্নত টায়ে ৷ ধাৰাবাহিকভাৱে চলোৱা অনুসন্ধানৰ পিছত টায়েক উদ্ধাৰ কৰিবলৈ সক্ষম হয় টুটিং আৰক্ষী-প্ৰশাসন তথা অৰুণাচলৰ টায়ে অপৗন কৗবাং আৰু জেৰাং ইৰাঙৰ লোকসকল ৷

অৰুণাচলত নিৰুদ্দিষ্ট অসমৰ শ্ৰমিক উদ্ধাৰ (ETV Bharat Assam)

লোকজনক উদ্ধাৰৰ পিছত এক শিবিৰ স্থাপন কৰি আৰক্ষী-প্ৰশাসনৰ লগতে চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰে । ইয়াৰ পিছতে স্থানীয় ৰাইজে পিঠিত বান্ধি, আন একাংশ স্থানত জে চি বিৰ সহায়ত উন্নত টায়েক লৈ আহে টুটিঙলৈ । অৱশ্যে ইমান দিনৰ পিছত ক’ত, কেনেকৈ উন্নত টায়েৰ সন্ধান ওলাল সেই সন্দৰ্ভত কোনো বিতং তথ্য লাভ কৰিব পৰা নাই ৷

কেনেদৰে সংঘটিত হৈছিল এই ঘটনা

তথ্য অনুসৰি, ধেমাজিৰ অন্তৰ্গত চিলাপথাৰ লক্ষীপুৰ গাঁও নিবাসী উন্নত টায়ে নামৰ প্ৰায় ৪১ বছৰীয়া লোকজনে যোৱা ২০ ছেপ্টেম্বৰত ১২ গৰাকী সতীৰ্থৰ সৈতে কৰ্মসংস্থাপনৰ বাবে এগৰাকী অৰুণাচলী ঠিকাদাৰৰ অধীনত পূব ছিয়াং জিলাৰ পাছিঘাটলৈ গৈছিল ৷ কিন্তু পাছিঘাটত বিশেষ কাৰণবশতঃ কামতো নোহোৱাত অৰুণাচলী ঠিকাদাৰগৰাকীয়ে ১২ গৰাকী শ্ৰমিকক অন্য কামত নিয়োগৰ বাবে আপাৰ ছিয়াং জিলাৰ টুটিঙলৈ নিয়ে ৷

ঠিকাদাৰগৰাকীয়ে ভাৰত-চীনৰ সীমান্তৱৰ্তী অঞ্চল টুটিঙৰ পৰা টেংগ’ ওৱান নামৰ এখন ঠাইলৈ প’ৰ্টাৰ অৰ্থাৎ চিমেণ্ট কঢ়িয়াই নিয়াৰ কামত নিয়োগ কৰিছিল শ্ৰমিক কেইজনক ৷ অতি দুৰ্গম পাহাৰীয়া পথ আৰু প্ৰতিকূল বতৰৰ মাজেৰে চিমেণ্ট কঢ়িয়াই একেৰাহে তিনিদিন ভোকে-পিঁয়াহে খোজকাঢ়ি যোৱাৰ পিছতে মিদাব নামৰ এখন ঠাইত শ্ৰমিকৰ দলটোৱে শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিছিল ৷ কিন্তু আৰু আগলৈ আগবাঢ়ি যোৱাৰ শক্তি হেৰুওৱা শ্ৰমিকসকলে টুটিঙলৈ ঘূৰি যোৱাৰ বাবে ঠিকাদাৰক অনুৰোধ জনায় ৷

জানিব পৰা মতে, ঠিকাদাৰগৰাকীয়ে শ্ৰমিকসকলক ভয়-ভাবুকি প্ৰদান কৰি আগধন হিচাপে লোৱা টকাবোৰ ঘূৰাই দিবলৈ কয় ৷ ইয়াৰ পিছতে মিদাব নামৰ ঠাইখনত থকা শিবিৰৰ পৰা ঘূৰি অহাৰ পথত উন্নত টায়ে নামৰ লোকজন আকস্মিকভাৱে সন্ধানহীন হৈ পৰে ৷ সতীৰ্থসকলে বিচাৰ-খোঁচাৰ কৰাৰ পাছতো কোনো সন্ধান নোপোৱাত টুটিঙলৈ আহি উন্নত টায়েৰ নিৰুদ্দেশ সম্পৰ্কত দাখিল কৰে এজাহাৰ ৷

অৱশেষত টুটিং আৰক্ষীৰ সমান্তৰালভাৱে Jering Metkir Society অৰ্থাৎ অৰুণাচলৰ টায়ে অপৌন কৌবাং, অসম-অৰুণাচলৰ আদি-মিচিং পৰিণ কৌবাঙৰ নেতা-কৰ্মী আৰু জেৰাং ইৰাঙৰ লোকসকলে আৰক্ষী-প্ৰশাসনৰ সহায়ত উন্নত টায়েক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে-জুবিন গাৰ্গ মন্তব্য উদ্ধৃতি দি গ্ৰন্থ উন্মোচন সোণোৱালৰ