তেজপুৰ: শোণিতপুৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশে আফ্ৰিকান ছোৱাইন ফ্লু যাতে বিভিন্ন প্ৰান্তলৈ বিয়পিব নোৱাৰে তাৰ বাবে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।শোণিতপুৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা এক আবেদনৰ ভিত্তিত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বি এন এছ এছ) ২০২৩ ৰ ধাৰা ১৬৩ ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে ৷ জিলাখনৰ বালিপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ২নং পানীপটা চাহ বাগিচাৰ নিকটৱৰ্তী ৪ নং গড়মাৰা গাঁৱৰ এজন ব্যক্তিৰ গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন ফ্লু জ্বৰত আক্ৰান্ত গাহৰি চিনাক্ত হোৱাৰ পিছতে জাৰি কৰা হৈছে এই নিৰ্দেশনা ৷
এই সন্দৰ্ভত বালিপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪ নং গড়মাৰা গাঁৱৰ সংক্ৰমিত ফাৰ্মখনক কেন্দ্ৰবিন্দু হিচাপে চিনাক্ত কৰা হৈছে আৰু এই কেন্দ্ৰবিন্দুৰ পৰা ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চলটো “সংক্ৰমিত অঞ্চল” হিচাপে চিনাক্ত কৰাৰ লগতে সংক্ৰমিত কেন্দ্ৰবিন্দুৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা গাঁওসমূহক "নিৰীক্ষিত অঞ্চল" হিচাপে চিহ্নিত কৰা হৈছে ।

এই নিৰ্দেশ অনুসৰি, "সংক্ৰমিত অঞ্চল” হিচাপে চিনাক্ত কৰা এলেকাত কোনো জীৱিত গাহৰি, গাহৰিৰ খাদ্য, গাহৰিৰ মাংস বা গাহৰিৰ মাংসৰ সামগ্ৰী সংক্ৰমিত অঞ্চলটোৰ ভিতৰলৈ বা ইয়াৰ পৰা উলিয়াই নিবলৈ অনুমতি দিয়া নহ’ব, কোনো সামগ্ৰী বা জীৱ-জন্তুৰ বাহনত সংক্ৰমিত অঞ্চলৰ পৰা কোনো জীৱ-জন্তু কঢ়িয়াই নিব নোৱাৰিব, ঘোষিত সংক্ৰমিত অঞ্চলৰ মাজেৰে পথ বা ৰে’লপথেদি জীৱ-জন্তু (গাহৰি) কঢ়িয়াই নিয়াৰ বাবে পশু চিকিৎসা কৰ্তৃপক্ষৰ পৰা বিশেষ অনুমতি লব লাগিব; কোনো ব্যক্তিয়ে আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত বা সম্ভাৱনীয়তা থকা জীৱিত বা মৃত গাহৰিৰ কঢ়িওৱাত বাধা আৰোপ কৰা হৈছে; কোনো ব্যক্তিয়ে গাহৰিৰ খাদ্য বা বিচনাৰ সামগ্ৰী বা অন্যান্য সামগ্ৰী সৰবৰাহ লগতে আফ্ৰিকান ছোৱাইন জ্বৰৰ দ্বাৰা আক্ৰান্ত বা আক্ৰান্ত বুলি সন্দেহ কৰা কোনো গাহৰিৰ সংস্পৰ্শলৈ অহা পশুৰ মৃতদেহ, ছাল বা অন্যান্য অংশ বা সামগ্ৰী কঢ়িয়াই নিয়াত বাধা আৰোপ কৰা হৈছে; কোনো ব্যক্তি, সংস্থা বা প্ৰতিষ্ঠানে কোনো পশু বজাৰ, পশু মেলা, পশু প্ৰদৰ্শনী অনুষ্ঠিত কৰিব নোৱাৰিব আৰু সংক্ৰমিত এলেকাৰ ভিতৰত গাহৰিৰ গোট বা সংগ্ৰহৰ সৈতে জড়িত কোনো কাৰ্য্যকলাপ চলাব নোৱাৰিব; কোনো ব্যক্তিয়ে আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত বা সংক্ৰমিত হোৱাৰ সন্দেহ কৰা কোনো গাহৰি বজাৰ, মেলা, প্ৰদৰ্শনী বা অন্য মণ্ডলী বা কোনো ৰাজহুৱা স্থানলৈ আনিব নোৱাৰিব ।

তদুপৰি, যদি কোনো গাহৰি আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত হৈছে বুলি নিশ্চিত হয় আৰু অঞ্চলটোৰ আন গাহৰিলৈ যাতে এই ৰোগ বিয়পিব নোৱাৰে, সেইক্ষেত্ৰত মুখ্য পশু চিকিৎসা বিষয়া বা বিভাগীয় সংশ্লিষ্ট বিষয়াই উক্ত পশুটোৰ ইউথেনেচিয়াৰ বাবে লিখিত নিৰ্দেশনা জাৰি কৰাৰ লগতে জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখি মৃতদেহ নিষ্কাশন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিব পাৰিব ।
এই নিৰ্দেশমতে সংক্ৰমিত গাহৰি বা আন পশুৰ মৃতদেহ নদী বা অন্য কোনো জলপৃষ্ঠত পেলাব নোৱাৰিব আৰু দোষী সাব্যস্ত হোৱা কোনো ব্যক্তিক কাৰাদণ্ড, জৰিমনা বা দুয়োটা শাস্তি প্ৰদান কৰা হ’ব ।
একেদৰে “নিৰীক্ষিত অঞ্চল” ত লোৱা ব্যৱস্থাসমূহৰ ভিতৰত আছে, সংক্ৰমণ কেন্দ্ৰবিন্দুৰ ১০ (দহ) কিলোমিটাৰ ব্যাসাৰ্ধৰ অন্তৰ্গত সকলো গাঁৱক “নিৰীক্ষিত অঞ্চল” হিচাপে চিহ্নিত কৰা হ’ব । ইউথেনাচিয়াৰ বাহিৰে “সংক্ৰমিত অঞ্চলত” প্ৰযোজ্য সকলো নিষেধাজ্ঞা “নিৰীক্ষিত অঞ্চলৰ” ক্ষেত্ৰতো প্ৰযোজ্য হ’ব । “নিৰীক্ষিত অঞ্চলৰ” ৰ অধীনত থকা সকলো গাহৰিৰ ওপৰত নিবিড় নিৰীক্ষণ কৰা হ’ব, য’ত ক্লিনিকেল নিৰীক্ষণ, জৈৱিক নিৰীক্ষণ আৰু চেৰ’লজিকেল নিৰীক্ষণ আদি অন্তৰ্ভুক্ত কৰা হ’ব । বন বিভাগৰ লগত আলোচনা কৰি বনাঞ্চলৰ কাষৰীয়া ঘৰচীয়া গাহৰিৰ সংখ্যাৰ ওপৰত তীব্ৰ দৃষ্টি ৰখা হ'ব ।
ৰাজহুৱা শান্তি-শৃংখলা অটুট ৰখাৰ স্বাৰ্থত তৎকালীনভাৱে জাৰি কৰা এই নিষেধাজ্ঞা পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব । কোনো লোকে এই আদেশ অমান্য কৰিলে ভাৰতীয় ন্যায় সংহিতা (বি এন এচ) ২০২৩ ৰ ২২৩ ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব ।
লগতে পঢ়ক: অৱশেষত মুকলি আকাশৰ তললৈ ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হক - USTM CHANCELLOR MAHBUBUL HOQUE