নৱ কুমাৰ শৰণীয়াক অবৈধভাৱে নিৰ্বাচন খেলাৰ পৰা বঞ্চিত কৰিলে প্ৰত্যাহ্বান জনাম : অধিবক্তা - Naba Sarania St certificate
St certificate controversy: নৱ কুমাৰ শৰণীয়াই এইবাৰ মনোনয়নৰ স'তে দাখিল কৰিলে ৰাভা জনগোষ্ঠীৰ অনুসূচিত জনজাতিৰ প্ৰমানপত্ৰ ৷ নিৰ্বাচনী বিষয়াই বিষয়টোৰ ওপৰত সন্দেহ প্ৰকাশ কৰি 'এনকুৱেৰী ৰিপ'ৰ্ট' জমা দিব দিয়া বিষয়ত মন্তব্য় কৰিলে নৱ কুমাৰ শৰণীয়াৰ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে ।

Published : April 20, 2024 at 9:53 PM IST
কোকৰাঝাৰ, ২০ এপ্ৰিল : কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া বড়ো-কছাৰী মূলৰ অনুসূচিত জনজাতিৰ লোক নহয় বুলি ৰায়দানৰ পিচত এইবাৰ ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়নৰ সৈতে শৰণীয়াই ৰাভা জনগোষ্ঠীৰ বুলি অনুসূচিত জনজাতিৰ প্ৰমানপত্ৰ দাখিল কৰিছে । তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টিকাৰী উক্ত বিষয়টোক লৈ শনিবাৰে কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াৰ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে এই সন্দৰ্ভত কয় যে নিৰ্বাচনী বিষয়াই বিষয়টোৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে আৰু আজিৰ ভিতৰতে 'এনকুৱেৰী ৰিপ'ৰ্ট' জমা দিব দিছে । তেওঁ কয়,"নৱ কুমাৰ শৰণীয়াক অবৈধভাৱে নিৰ্বাচন খেলাৰ পৰা বঞ্চিত কৰিলে আমি প্ৰত্যাহ্বান জনাম ।"
- " class="align-text-top noRightClick twitterSection" data="">
অধিবক্তাগৰাকীয়ে কয়,"আমি সকলোৱে জানো যে নৱ কুমাৰ শৰণীয়া ২০১১ৰ আগলৈ "আণ্ডাৰগ্ৰাউণ্ড" হৈ আছিল । ২০১১ ত 'অভাৰগ্ৰাউণ্ড' হোৱাৰ পিচতে তেওঁ প্ৰমাণপত্ৰ লাভ কৰে । সেই সময়ত কোনো সমস্যা হোৱা নাছিল, কিন্তু এতিয়া সমস্যা হৈছে । "এজনীয়া বিচাৰপীঠৰ ৰায়দানক লৈ কোনোবা অসন্তুষ্ট হ'লে খণ্ড বিচাৰপীঠত আবেদন জনাব পাৰে আৰু তাতেও সন্তুষ্ট নহ'লে উচ্চতম ন্যায়ালয়ত আবেদন জনাব পাৰে বুলি মন্তব্য কৰি অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰ কয়," এইক্ষেত্ৰত আমাৰ প্ৰক্ৰিয়া অব্যাহত আছে ।"
তেওঁ কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে নৱ কুমাৰ শৰণীয়াৰ "বড়ো-কছাৰী"ৰ অনুসূচিত জনজাতিৰ প্ৰমানপত্ৰক লৈহে ৰায়দান কৰিছিল ৷ কিন্তু এইবাৰ মনোনয়নৰ সময়ত দাখিল কৰা অনুসূচিত জনজাতিৰ প্ৰমানপত্ৰখন ৰাভা জনগোষ্ঠীৰ ।
আনহাতে, এজন মানুহে কেনেকৈ দুটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাৰে বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত ভাস্কৰ দেৱ কোঁৱৰে কয় ," সেয়া আপোনালোকে ৰায়দান কৰিব নোৱাৰে । তাৰ বাবে আইন আছে, আদালত আছে । বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত যিখন প্ৰমানপত্ৰৰে "স্কলাৰশ্বিপ" পাইছিল সেইখন এতিয়াহে বিচাৰি পোৱা গৈছে আৰু সেয়া মনোনয়নৰ সতে দাখিল কৰা হৈছে । তৎসত্বেও যদি নৱ কুমাৰ শৰণীয়াক অবৈধভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব নিদিয়ে তেতিয়াহলে আমি প্ৰত্যাহ্বান জনাম ।"
লগতে পঢ়ক:আদালতৰ ৰায়ৰ পিচতো মনোনয়ন দিব সাংসদ নৱ শৰণীয়াই - Lok Sabha Election 2024

