ETV Bharat / state

আমাৰ ছোৱালীক বংগমূলীয়লৈ বিয়া দিয়াটো বন্ধ কৰিব লাগে: খোলাখুলি কথা কৈ দিলে নেকিবুৰ জামানে

ইছলাম ধৰ্মৰ মানুহ সন্দেহযুক্ত বাংলাদেশীৰ সমৰ্থক নহয় । চৰকাৰে লোকপিয়ল কৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ অভিযোগ ৷

Advocate Nekibur Zaman Press Meet
সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নেকিবুৰ জামানৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 9, 2025 at 8:18 PM IST

3 Min Read
Choose ETV Bharat

শিৱসাগৰ: শেহতীয়াভাৱে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশ প্ৰশমিত কৰিবলৈ আহ্বান জনাইছে জ্য়েষ্ঠ অধিবক্তা নেকিবুৰ জামানে । বিশেষকৈ খিলঞ্জীয়া মুছলমান সকলক এই উত্তেজনাময় পৰিৱেশৰ পৰা নিজক বিৰত ৰাখিবলৈ মুকলিকৈ আহ্বান জনালে জ্য়েষ্ঠ অধিবক্তাগৰাকীয়ে ।

শনিবাৰে শিৱসাগৰত জ্য়েষ্ঠ অধিবক্তাগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি বহুকেইটা বিষয় উত্থাপন কৰে । বৰ্তমানৰ পৰিৱেশৰ পৰা খিলঞ্জীয়া মুছলমানসকলক আঁতৰি থাকিবলৈ আহ্বান জনাই কয়,"বৃহত্তৰ অসমীয়া জাতি গঠনৰ লগত জড়িত থকা আমাৰ জনগোষ্ঠীৰ ব্য়ক্তিসকলে এই পৰিৱেশত যাতে কাকো কোনো প্ৰশ্ৰয় নিদিয়ে সেই কথাখিনি ক'বলৈ আহিছো । কালি শিৱসাগৰত অনুষ্ঠিত নাগৰিক সভাৰ যোগাত্মক ভূমিকাক পূৰ্ণ সমৰ্থন জনাই যিটো বাৰ্তা ইতিমধ্য়ে অসমৰ বিভিন্ন ঠাইলৈ গৈছে, ই শক্তিশালীভাৱে প্ৰতিষ্ঠা হ'বলৈ গৈ আছে । শিৱসাগৰত পৰিৱেশ বিনষ্ট নিয়ন্ত্ৰণ হ'লেও বৰপেটা আৰু ৰহাত নহয় । গতিকে গোটেই দিশটো চাব লাগিব ।"

সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নেকিবুৰ জামানৰ সংবাদমেল (ETV Bharat Assam)

শৃংখলক বুজনি দিব নেকিবুৰ জামানে :

আনহাতে, সাম্প্ৰতিক পৰিস্থিতিত শৃংখল চলিহাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাক লৈ তেওঁ কয়, "ৰমু চলিহাই মৃত্যুৰ পূৰ্বেও মোৰ সৈতে কথা পাতি গৈছে । মই শৃংখলক ফোন কৰি লগ পাম বুলি কৈছিলো; কিন্তু তেওঁৰ ফোন বন্ধ আছে । লগ পোৱা হ'লে মই তেওঁক বুজালোহেঁতেন ।"

আনহাতে ইউনিছ তামুলী সন্দৰ্ভত তেওঁ কয়, "ইউনিছ তামুলী এজন ব্য়ক্তি ,তেওঁ কাকো প্ৰতিনিধিত্ব কৰা নাই । তেওঁৰ বক্তব্য় ইছলামিক সমাজৰ বক্তব্য় নহয় ।" সংবাদমেলত তেওঁ খিলঞ্জীয়া মুছলমান লোকৰ স্থিতি স্পষ্ট কৰি কয়- "আমি ইছলাম ধৰ্মৰ মানুহ সন্দেহযুক্ত বাংলাদেশীৰ সমৰ্থক নহয় ।" লগতে তেওঁ অবৈধ নাগৰিকৰ লগতে সন্দেহযুক্ত নাগৰিকৰ সন্দৰ্ভত চৰকাৰৰ স্থিতিক সমালোচনা কৰি কয়, "এইসকল লোকক লৈ চৰকাৰৰ সৱল কাৰ্যপন্থা নাই । সেইসকলক আজি ইয়াৰ পৰা খেদিলে তালৈ যাব, তাৰ পৰা খেদিলে ইয়ালৈ আহিব । গতিকে সন্দেহযুক্ত বাংলাদেশীক চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াব লাগে । দৰকাৰ হ'লে সীমান্তত দেখিলেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে ।"

লগতে তেওঁ কয়, "মই ভাবিছিলো যে এই পৰিস্থিতিবোৰ কেৱল নগাঁৱলৈকেহে সীমাবদ্ধ আছে ৷ কিন্তু মই আচৰিত সোণাৰিতো এনে ঘটনা ঘটিল ।" সেইদৰে তেওঁ অসমীয়া মুছলমানৰ সাংস্কৃতিক আভাসৰ ওপৰত কয়, "আমাৰ মানুহে অবৈধ বাংলাদেশীক প্রশ্ৰয় নিদিব । বোৰ্খা পিন্ধা প্ৰথা আমাৰ অসমীয়া মুছলমান মানুহৰ মাজত নাছিল । এতিয়া হৈ গ'ল । আমাৰ ল'ৰাই মছজিদে মছজিদে গৈ ধৰ্মীয় শিক্ষা লোৱা দেখা নাছিলো; কিন্তু এতিয়া এইবোৰ হ'ল । আমাৰ ছোৱালীক বংগমূলীয়লৈ বিয়া দিয়াটো বন্ধ কৰিব লাগে ।"

উৰিয়ামঘাটৰ উচ্ছেদ সন্দৰ্ভত তেওঁ কয়, "উৰিয়ামঘাটত কেৱল মুছলমান সকলকহে উচ্ছেদৰ জাননী দিয়া হৈছে বুলি ভুল তথ্য দিয়া হৈছে । এইবোৰ ভুল তথ্য ।" এইক্ষেত্ৰত তেওঁ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহে নিজাববীয়াকৈ তদন্ত কৰাৰ আহবান জনায় । আনহাতে ২০১১ চনৰ পাছত লোকপিয়ল সম্পন্ন নকৰাক লৈ ক্ষোভ উজাৰে নেকিবুৰ জামানে ।

চৰকাৰে লোকপিয়ল কৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে যাৰ বাবে সন্দেহজনক নাগৰিক অথবা বাংলাদেশী এতিয়া অসমত কিমান আছে সেই তথ্যও চৰকাৰৰ হাতত নাই । সেইদৰে তেওঁ চৰকাৰে হাতত লোৱা উচ্ছেদক সমৰ্থন জনায় । লগতে তেওঁ "আমাৰ ধৰ্মহে মুছলমান কিন্তু আমি অসমীয়া" এই কথা সকলোৱে মনত ৰাখিব লাগিব বুলি আহবান জনায় ।

লগতে পঢ়ক: প্ৰথমে উচ্ছেদ হ’ল, এইবাৰ উৰিয়ামঘাটৰ সেউজী ধৰণী ধুনীয়া হ’ব