এডভান্টেজ আছাম : বিনিয়োগকাৰী বিচাৰি বিদেশলৈ ওলাল মুখ্যমন্ত্ৰীও
বিনিয়োগকাৰীৰ সন্ধানত মন্ত্ৰী বিমল বড়াৰ ডুবাই-লণ্ডনত প্ৰচাৰ । বিনিয়োগকাৰীৰ সন্মিলনত অংশগ্ৰহণ ।

Published : January 17, 2025 at 10:46 PM IST
গুৱাহাটী: এডভাণ্টেজ আছাম ২.০ক লৈ বিদেশত বিনিয়োগকাৰীৰ সন্ধানত ব্যস্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী ৷ শুকুৰবাৰে সন্ধিয়া জাপান, দক্ষিণ কোৰিয়া আদি কেইবাখনো দেশলৈ ৮ দিনীয়া ভ্ৰমণসূচীৰে যাত্ৰা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । একেই লক্ষ্য-এডভাণ্টেজ আছাম ২.০লৈ বিদেশৰ বিনিয়োগকাৰীক আমন্ত্ৰণ ।
ইতিমধ্যে মন্ত্ৰী কেশৱ মহন্তই মালয়েছিয়া, মন্ত্ৰী বিমল বড়াই ডুবাইত এডভাণ্টেজ আছাম ২.০ক লৈ চলাইছে প্ৰচাৰ অভিযান ৷ দুয়ো মন্ত্ৰীয়ে দুয়োখন দেশতেই বিনিয়োগকাৰীক এডভাণ্টেজ আছাম 2.0লৈ আমন্ত্ৰণ জনাই বিনিয়োগৰ বাবে আহ্বান জনাইছে ।
লণ্ডনত মন্ত্ৰী বিমল বড়া :
ডুবাইত এডভান্টেজ আছাম ২.০ ৰ ৰোড শ্ব'ৰ পিছত বিনিয়োগকাৰীৰ সন্ধানত লণ্ডনত উপস্থিত হয়গৈ ৰাজ্যৰ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰী বিমল বড়া । 'এডভেন্টেজ অসম ২.০'ৰ প্ৰচাৰৰ উদ্দেশ্যে ডুবাইৰ পৰা গৈ বৃহস্পতিবাৰে লণ্ডনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে এই প্ৰচাৰ যাত্ৰাৰ অংশ স্বৰূপে বৃহস্পতিবাৰে নিশা ব্ৰিটিছ সাংসদ তথা ভাৰত-প্ৰশান্ত মহাসাগৰ বিষয়ক মন্ত্ৰী কেথেৰিন ৱেষ্টক সাক্ষাৎ কৰে । এই সাক্ষাৎকালত অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ অসম-২.০ সন্দৰ্ভত আলোচনা কৰে ।

ব্ৰিটিছ বিনিয়োগকাৰীক আমন্ত্ৰণ:
মন্ত্ৰী বিমল বড়াৰ লণ্ডন ভ্ৰমণ প্ৰসংগত মন্ত্ৰীগৰাকীৰ জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠকে কয়, “ অসমক আৰ্থিক শক্তি কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও মন্ত্রী বিমল বড়াই ব্ৰিটিছ সাংসদ তথা ভাৰত -প্ৰশান্ত মহাসাগৰ বিষয়ক মন্ত্ৰী কেথেৰিন ৱেষ্টৰ সৈতে হোৱা মত-বিনিময়ত অৱগত কৰে । এই বৈঠকত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ সাংস্কৃতিক মৈত্রী শক্তিশালী কৰাৰ ওপৰতো আলোচনা হয় । বৈঠকত অসমক বাণিজ্য আৰু বিনিয়োগৰ এক লক্ষ্য স্থান হিচাপে গঢ় দিয়া আৰু ব্ৰিটিছ বিনিয়োগকাৰী সকলক অসমত সম্ভাব্য ক্ষেত্রসমূহত বিনিয়োগৰ বাবে উৎসাহিত কৰাৰ বাবেও কেথেৰিনক বড়াই আহ্বান জনায়।”

অসমৰ পেট্ৰলিয়াম,পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে আহ্বান:
মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে লগতে জনাই যে ইযাৰ উপৰি উদ্যোগ মন্ত্ৰী বড়াই বৃহস্পতিবাৰে পিছবেলা লণ্ডনৰ বাকিংহাম গেটৰ হোটেল চেন্ট জেমছত আয়োজিত বিনিয়োগকাৰীৰ সন্মিলন এখনত অংশগ্ৰহণ কৰে । এই সন্মিলনৰ বাবে ব্ৰিটিছ বিনিয়োগকাৰীসকলক অসমৰ পেট্ৰলিয়াম,পৰ্যটন আদি সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহত বিনিয়োগৰ বাবে আহ্বান জনায় । ইয়াত কিছুসংখ্যক বিনিয়োগকাৰীৰে মন্ত্ৰী বড়াই পৃথকভাৱেও অসমত বিনিয়োগৰ সন্দৰ্ভত আলোচনা কৰে । বিনিয়োগকাৰী সন্মিলনৰ পূৰ্বে মন্ত্ৰী বড়াই পাৰ্লিয়ামেন্ট স্কোৱেৰ গাৰ্ডেনত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰে । বিনিয়োগকাৰীৰে বাৰ্তালাপ কৰাৰ পিছত বিমল বড়াই ১০ কিং হেনৰিছ পথৰ আম্বেদকাৰ হাউছো পৰিদৰ্শন কৰে ।

