ETV Bharat / state

ADREৰ চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা মুখ্যমন্ত্ৰীৰ

২০২৬ৰ নিৰ্বাচনৰ আগে আগে আহি আছে ADRE 3.0 ৷ নৱেম্বৰ-জানুৱাৰীত প্ৰকাশ কৰিব নতুন বিজ্ঞাপন ৷ গৌৰৱ গগৈকো কটাক্ষ মুখ্যমন্ত্ৰীৰ ৷

CM HIMANTA BISWA SARMA
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 7:31 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম চৰকাৰৰ চাকৰিৰ বাবে নতুন বিজ্ঞাপন ঘোষণা, ADREৰ চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণাৰ পৰা আৰম্ভ কৰি অহা বছৰ হোলী গীতৰ অভিলেখৰ বৃহৎ অনুষ্ঠানৰ ঘোষণা, কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক গ্ৰেপ্তাৰলৈকে একাধিক গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সোমবাৰে বিয়লি ফেচবুকযোগে এইলানি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

নিৰ্বাচনৰ আগতেই হ’ব ADRE 3.0:

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আকৌ ADRE পাতিব অসম চৰকাৰ । এই বছৰৰ শেষলৈ অনুষ্ঠিত হ’ব ADRE 3.0 । ফেচবুক লাইভত সোমবাৰে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা, “জুন মাহত ADREৰ চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিম । লগে লগে তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণৰ স্কিল টেষ্ট হ’ব ৷ সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আৰম্ভ কৰিম ৷ আমাৰ লক্ষ্য হৈছে যাতে আমি ১০ অক্টোবৰৰ ভিতৰত ADRE নিযুক্তি দিব পাৰো, নৱেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত যাতে আমি ADRE ৰ নিযুক্তি দিব পাৰো ।” লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা, অহা মে'ৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফলো ৷

আনহাতে, ফেচবুক লাইভযোগে প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰক লৈয়ো পুনৰবাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, “অহা ১৯ মাৰ্চত আমাৰ চৰকাৰে ৩ লাখ ৮০ হাজাৰ লোকক ঘৰ আগবঢ়াম । যদিহে কোনো পাব নলগীয়া লোকে এই ঘৰ লাভ কৰে, পকী ঘৰ থকা কোনো লোকে ঘৰ পালে আপুনি দিব পাৰিব অভিযোগ । মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ ৷”

অহা বছৰ হ’ব হোলী গীতৰ অভিলেখ :

ফেচবুক লাইভৰ আৰম্ভণিতেই হোলীৰ প্ৰসংগ উল্লেখ কৰি অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে, “অহাবাৰ দৌলোৎসৱত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আমি চেষ্টা কৰিম যাতে একেলগে ৫ হাজাৰ যুৱক-যুৱতীয়ে একেলগে হোলী গীত গাব পাৰে আৰু ই যাতে হোলী গীতৰ পৰিৱেশনৰ এক অভিলেখ হ’ব পাৰে । ৫ হাজাৰ যুৱক-যুৱতীয়ে একেলগে পৰিৱেশন কৰিব হোলী গীত ৷ এইবাৰ বৰপেটা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বৰদোৱা গৈ মই সকলোৰে লগত একেলগে হোলীত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ’লো । বৰপেটাত এইবাৰ এজন যুৱকে মোক প্ৰস্তাৱ দিছিল যে আমি একেলগে ৫০০০ লোকে হোলীগীত গোৱাৰ ব্যৱস্থা কৰিব পৰা যায় নেকি ? আইডিয়াটো মোৰ ভাল লাগিল ৷ অহাবাৰ আমি চেষ্টা কৰিম যাতে একেলগে ৫০০০ লোকে হোলীগীত গাই এক অভিলেখ সৃষ্টি কৰিব পাৰি ৷”

কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক গ্ৰেপ্তাৰ: গৌৰৱ গগৈক কটাক্ষ

আনহাতে, কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক বিজেপিৰ বিধায়কৰ বিৰুদ্ধে টুইট দিয়া বাবে গ্ৰেপ্তাৰ কৰা প্ৰসংগতো প্ৰতিক্ৰেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এই প্ৰসংগত সৰৱ হৈ পৰি সাংসদ গৌৰৱ গগৈকো কটাক্ষ মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীৰ মন্তব্য যে সমালোচনাৰ অধিকাৰ সকলোৰে আছে । কিন্তু লক্ষ্মণৰেখা অতিক্ৰম কৰিলে আইনগত ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয় ৷ মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ যোগে ক’লে, “সমালোচনা কৰাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে । কিন্তু কোনোবা আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ’ল বুলিয়েই তেওঁক আমি ৰেপিষ্ট বুলি ক’ম ! তেওঁক আমি ঘৰজোঁৱাই বুলি ক’ম, তেওঁৰ মৃত শহুৰেককো আমি বিতৰ্কলৈ আমি টানি আনিম ! আৰু এনেবোৰ উতনুৱা যুৱকক সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি নীতি জ্ঞান দিবলৈ যোৱা সাংসদে সমৰ্থন দিব ই কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে । আমি অসম এখন সংস্কৃতিবান সমাজ ।”

লগতে পঢ়ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ'ৰ গোচৰত গ্ৰেপ্তাৰ এজন - Amit Shah fake video case