অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা কিয় জঁপিয়ালে অতিৰিক্ত আয়ুক্তই ?
হেদায়েৎপুৰৰ মেজিষ্ট্ৰেট ক'লনীত অঘটন ।

Published : July 11, 2025 at 9:01 PM IST
গুৱাহাটী: মহানগৰীৰ সদাব্য়স্ত অঞ্চল এটাত হঠাতে লাগিল হুৱা-দুৱা । সকলোৱে লৰালৰিকৈ দৌৰিছে এটা আৱাসলৈ । কি হৈছে কোনোৱে ধৰিব পৰা নাই । তাৰ মাজতেই কোনোবা এজনে অট্টালিকাৰ পৰা জঁপিয়ালে বুলি ক'লে । কোনে জঁপিয়ালে ? কি কাৰণে এনে কাৰ্য কৰিলে সেয়া কিন্তু কোনোৱেই জানিব পৰা নাই ।
এই ঘটনাটো ঘটিছে মহানগৰীৰ গুৱাহাটী ক্লাবত । হেদায়েৎপুৰৰ মেজিষ্ট্ৰেট ক'লনীৰ চৰকাৰী আৱাসৰ চতুৰ্থ মহলাৰ পৰা এগৰাকী অতিৰিক্ত আয়ুক্তই জঁপিয়াই জীৱন শেষ কৰাৰ অপচেষ্টা চলোৱা ঘটনাক লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ ।
কামৰূপ মহানগৰ জিলা আযুক্ত কার্যালয়ত কৰ্মৰত কোঁৱৰ উপাধিৰ অতিৰিক্ত আয়ুক্তগৰাকীয়ে বৃহস্পতিবাৰে বিয়লি প্রায় ৩.৩০ বজাত হেদায়েৎপুৰৰ চৰকাৰী আৱাসৰ চতুৰ্থ মহলাৰ পৰা জঁপিয়ায় ৷ ইয়াৰ পিচতেই অতিৰিক্ত আয়ুক্তগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
অতিৰিক্ত আয়ুক্তগৰাকীৰ পকেটৰ পৰা এই ঘটনা সম্পৰ্কীয় এটা নোট উদ্ধাৰ কৰা হৈছে । সম্প্রতি সংকটজনক অৱস্থাত চিকিৎসালয়ৰ আই চি ইউত অতিৰিক্ত আয়ুক্তগৰাকী চিকিৎসাধীন হৈ আছে । আজি আবেলিলৈকে তেওঁৰ অৱস্থা অতি সংকটজনক বুলি হাস্পতাল কৰ্তৃপক্ষই অৱগত কৰিছে ।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, অতিৰিক্ত আয়ুক্তগৰাকীয়ে লিখা টোকাত এই ঘটনাৰ বাবে কোনো জগৰীয়া নহয় বুলি উল্লেখ কৰিছে । তদন্তৰ খাতিৰত এই টোকাটোত কি আছে সেইবিষয়ে সবিশেষ ৰাজহুৱা কৰা নাই মহানগৰ আৰক্ষীয়ে ।
(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

