মৰাণ: ৰাজ্য জোকাৰি যোৱা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযুক্ত চুমী বৰা অৱশেষত ওলাল মুকলি আকাশৰ তললৈ ৷ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত হৈ ৮ মাহৰ পাছত মুকলি আকাশৰ তললৈ আহিল অভিনেত্ৰীগৰাকী ।
সুদীৰ্ঘ ৮ মাহ সময় ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত দিন কটোৱাৰ পিছত বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই আহে ৷
দুলীয়াজান থানাৰ ১৯৮/২৪ আৰু বৰবৰুৱা থানাৰ ৮৫/২৪ দুয়োটা গোচৰৰ bail bond জমা দিয়াৰ প্ৰক্ৰিয়া সমাপন হোৱাৰ লগে লগে ন্যায়ালয়ে সেয়া মঞ্জুৰ কৰাৰ পাছতে ৮ মাহৰ পাছত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় চুমী বৰা ।

চুমী বৰাৰ বিৰুদ্ধে থকা তিনিটা গোচৰৰ ভিতৰত ডিব্ৰুগড় সদৰ থানাৰ গোচৰ ৩৫২/২৪ নম্বৰৰ জামিন প্ৰক্ৰিয়া পূৰ্বেই সম্পূর্ণ হৈ আছিল । মুখত ক’লা মাস্ক, ক’লা টুপী আৰু ক’লা টি-চাৰ্ট পিন্ধি সন্ধিয়া আন্ধাৰ ফালি কাৰাগাৰৰ পৰা ওলাই আহিল অভিনেত্ৰী বৰা । কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই অহা চুমীক পৰিয়ালৰ সদস্য তথা যথেষ্টসংখ্যক সমৰ্থকে সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখি এখন ক’লা স্ক’ৰপিঅ’ বাহনত উঠাই পিতৃগৃহ বাণীপুৰলৈ নিয়ে ৷

উল্লেখ্য যে, ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত বিশাল ফুকন আৰু চুমী বৰাৰ স্বামী তাৰ্কিক বৰাই কিছুদিন পূৰ্বে লাভ কৰিছিল জামিন । যোৱা বছৰৰ ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত ডিব্ৰুগড় সদৰ আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি তদন্তও কৰিছিল ।

সেই সময়ত ডিব্ৰুগড় সদৰ থানাত 352/24 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Act ৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷
ইয়াৰ পাছতে বিশাল ফুকনৰ সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰা, তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক আৰু অম্লান বৰাক গ্ৰেপ্তাৰ কৰি কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ।
কেতিয়া আৰক্ষীৰ জালত পৰিছিল চুমী
অনলাইন ট্ৰেডিং কেলেংকাৰী সংঘটিত কৰাৰ গোচৰত ২০২৪ চনৰ ২ ছেপ্টেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি কৰোৱাইছিল ২২ বছৰীয়া বিশাল ফুকনক ।
বিশালৰ মূল সহযোগী অভিনেত্ৰী চুমী বৰা আৰু ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা বিশালক গ্ৰেপ্তাৰ কৰা পাছৰে পৰা পলায়ন কৰিছিল । অসম চৰকাৰে গঠন কৰিছিল এছ টি এফ । ইয়াৰ পাছতে ১২ ছেপ্টেম্বৰত এছ টি এফে আটক কৰি ডিব্ৰুগড় সদৰ আৰক্ষীক গতাই দিছিল অভিনেত্ৰী চুমী বৰা আৰু ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাক ।
লগতে পঢ়ক: আহিনতে সজাত সোমোৱা মইনা কলিজা জেঠত মুকলি আকাশৰ তললৈ - SUMI BORAH GETS BAIL