৮৫ বাৰ কংসৰ চৰিত্ৰক অভিনয় কৰা কেশৱ হাজৰিকাৰ বিয়োগ
Veteran actor keshav hazarika :৯৪ বছৰীয়া বৰ্ষীয়ান কেশৱ হাজৰিকা সকলোৰে মাজত পৰিচিত আছিল মামা হিচাপে । আধুনিক যুগৰ ভাগৰুৱা কংসই সোমবাৰে পুৱতি নিশা সামৰিলে জীৱন নাট ।

Published : February 12, 2024 at 2:24 PM IST
কাজিৰঙা, ১২ ফেব্ৰুৱাৰী: দ্বাপৰ যুগৰ কংস নহয়, আধুনিক সময়ৰ এগৰাকী কংস ৷ এই গৰাকী কংসই এবাৰ দুবাৰ নহয়, ৮৫ বাৰকৈ যুদ্ধত অৱতীৰ্ণ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে ৷ অৱশেষত আধুনিক যুগৰ ভাগৰুৱা কংসই চিৰদিনৰ সামৰিলে জীৱন নাট । মহাভাৰতৰ শকুনিও আছিল মামা ৷ আনহাতে, দ্বাপৰ যুগত আন এগৰাকী মামা আছিল ৷ ভগৱান শ্ৰীকৃষ্ণৰ মোমায়েক কংস ৷ দ্বাপৰ যুগৰ কংস নহয়, আধুনিক সময়ৰ এগৰাকী কংস যিয়ে নেকি বোকাখাতৰ সাংস্কৃতিক জগতত এক বিৰল প্ৰতিভা দাঙি ধৰিছে বিভিন্ন সময়ত ৷
অৱশেষত সাংস্কৃতিক কৰ্মী হিচাপে সকলোৰে মাজত চিনাকি আধুনিক যুগৰ ভাগৰুৱা কংস কেশৱ হাজৰিকাই সামৰিলে জীৱন নাট । সোমবাৰে পুৱতি নিশা সাহসিকতাৰে জীৱন অতিবাহিত কৰা ব্য়ক্তিগৰাকীয়ে হাৰ মানিলে নিয়তিৰ ওচৰত ।
৯৪ বছৰীয়া কেশৱ হাজৰিকাৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধৰ সমাবেশ ঘটে । এসময়ত কংসৰ চৰিত্ৰ ৰূপায়ণেৰে মঞ্চ কঁপোৱা কংস কেশৱ হাজৰিকাৰ নশ্বৰ দেহ চোতালত দেখি প্ৰতিগৰাকী গুণগ্ৰাহী হৈ পৰে বেদনাহত । বিগত শতিকাৰ অৰ্ধশতক, এই শতিকাৰো প্ৰথম দশক মঞ্চ কঁপাই ৮৫ বাৰকৈ কংসৰ চৰিত্ৰ ৰূপায়ণেৰে খলকনি লগোৱা বিশিষ্ট অভিনেতা, শিল্পী পেঞ্চনাৰ, বান নিয়ন্ত্ৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বোকাখাতৰ ধোদাং গাঁৱৰ কেশৱ হাজৰিকা আৰু নাই ।
এই খবৰ যেন সকলোৰে বাবে হৃদয় বিদাৰক । তেওঁ মিচিং আৰু চাহ জনগোষ্ঠী লোকৰ মাজত ভাওনা শিকাই এক ব্যতিক্ৰমী প্ৰয়াস চলাইছিল । ৰাসৰ কংসবধ নাটকত ৮৫ বাৰ কংসৰ অভিনয় কৰাৰ লগতে অন্যান্য ঐতিহাসিক সামাজিক নাটক, অৰ্ধশতাধিক ভাওনাত ভাও দি এক ব্যতিক্ৰমী অভিনয়শৈলীৰ সৃষ্টি কৰি যোৱাকেশৱ হাজৰিকাৰ মৃত্যত সমগ্ৰ বোকাখাত উপ জিলাৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক:শংকৰ সংঘৰ মঞ্চলৈ আজমলক নিমন্ত্ৰণ নজনাবলৈ কৰযোৰে অনুৰোধ মুখ্যমন্ত্ৰীৰ

