ETV Bharat / state

ৰঙিয়াৰ তুলসীবাৰী আৰক্ষী চকীৰ লকআপৰ ভিতৰৰ পৰা ফেচবুক লাইভ আচামীৰ - Facebook live from the locked up

Facebook live : থানাৰ লকআপৰ ভিতৰৰ পৰা ফেচবুক লাইভ আচামীৰ ৷ আৰক্ষীয়ে টকা লৈ পত্নীৰ অপৰাধৰ বাবে স্বামীক শাস্তি বিহাৰ অভিযোগ আচামীৰ । ফেচবুক লাইভত আৰক্ষীৰ দুৰ্নীতিৰ তথ্য দাঙি ধৰিলে আচামীয়ে ।

Facebook live from the locked up
লকআপৰ ভিতৰৰ পৰা ফেচবুক লাইভ আচামীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 30, 2024 at 1:36 PM IST

2 Min Read
Choose ETV Bharat

ৰঙিয়া, ৩০ জুলাই: ৰঙিয়াৰ তুলসীবাৰী আৰক্ষী চকীৰ লকআপৰ ভিতৰৰ পৰা ফেচবুক লাইভ আচামীৰ । আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আচামী সোণজ্যোতি দাসৰ । লকআপৰ ভিতৰৰ পৰা আচামীয়ে ফেচবুক লাইভযোগে তুলসীবাৰী আৰক্ষীক ধিক্কাৰ দিয়াৰ লগতে তুলসীবাৰী আৰক্ষীৰ দুৰ্নীতিৰ তথ্য দাঙি ধৰিলে ।

লকআপৰ ভিতৰৰ পৰা ফেচবুক লাইভ আচামীৰ (ETV Bharat Assam)

পত্নীৰ অপৰাধৰ শাস্তি বিহিছে স্বামীক :

সোণজ্যোতি দাসে ফেচবুক লাইভত উল্লেখ কৰা মতে, "আৰক্ষীয়ে টকা লৈ পত্নীৰ অপৰাধৰ বাবে তেওঁক শাস্তি বিহিছে ।" ঘটনা অনুসৰি, ৰঙিয়াৰ সমীপৰ তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাহতলি গাঁৱত সীমা বিবাদক লৈ এখন কাজিয়াৰ সূত্ৰপাত হৈছিল । সেই কাজিয়াৰ সময়ছোৱাত সোণজ্যোতি দাস নাছিল ঘৰত ।

পিচত গাঁৱৰ ৰাইজৰ তৎপৰতাত কাজিয়াৰ শাম কাটে । কিন্তু সন্ধিয়া তুলসীবাৰী আৰক্ষীয়ে সোণজ্যোতি দাসক আটক কৰি লকআপত ৰাখে । তাৰ পিচতে লকআপত ভিতৰতে সোণজ্যোতি দাসে নিজৰ ফেচবুক একাউণ্টৰ পৰা লাইভ কৰি তুলসীবাৰী আৰক্ষীৰ কু-কৰ্মৰ তথ্য দাঙি ধৰে ।

আৰক্ষীৰ বিৰুদ্ধে ঘোচ লোৱাৰ অভিযোগ সোণজ্যোতিৰ :

কিদৰে নিৰ্দোষী মানুহক তুলসীবাৰী আৰক্ষীয়ে মিছা গোচৰ জাপি দিয়ে আৰু কিদৰে আৰক্ষীয়ে গোচৰ সংক্ৰান্তীয় লোকৰ পৰা টকা লয় আদি তথ্য ফেচবুক লাইভৰ জৰিয়তে দাঙি ধৰে সোণজ্যোতি দাসে । তেওঁ লগতে আৰক্ষী থানাৰ বিষয়াই ঘোচ লোৱা সংক্ৰান্তত ইতিপূৰ্বে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অভিযোগ দিয়া বুলি ফেচবুক লাইভত উল্লেখ কৰে । দাসে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ।

কি দৰে লকআপৰ ভিতৰৰ পৰা আচামীয়ে কৰিলে ফেচবুক লাইভ :

ইফালে লকআপৰ ভিতৰৰ পৰা আচামীয়ে ফেচবুক লাইভ কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ সাংবাদিককো কেমেৰা বাহিৰত ৰাখি থানাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া তুলসীবাৰী আৰক্ষী চকীৰ লকআপৰ ভিতৰত আচামীৰ হাতত কেনেদৰে আহিল ফোন, ইয়াকে লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত ৷

লগতে পঢ়ক: ফেচবুক লাইভত চৰম সিদ্ধান্ত গ্ৰহণ ফটোগ্রাফাৰৰ - Suicide during FB live