সাংসদ হুছেইনক আক্ৰমণ কৰি আজি ৰঙাঘৰ পালেহি অভিযুক্ত ৰচিদুল
প্ৰসংগ শতাংশ ৰকিবুল হুছেইন আক্ৰমণ । কাছেম আলীৰ পাছত আৰক্ষীৰ জালত ৰচিদুল হক ।

Published : April 19, 2025 at 11:26 PM IST
চামগুৰি : ধুবুৰী লোকসভা সমষ্টিৰ সংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ওপৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাত জড়িত আন এটা অভিযুক্ত আৰক্ষীৰ জালত পৰিছে । সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত ৰচিদুল হক নামৰ অভিযুক্তটোক আটক কৰে কলিয়াবৰ মহকুমা আৰক্ষীয়ে ।
শনিবাৰে কলিয়াবৰ মহকুমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰূপহীহাট আৰক্ষীৰ সহযোগত অভিযান চলাই ৰূপহীহাটৰ কাৱৈমাৰীৰ পৰা আটক কৰে ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ অন্যতম অভিযুক্ত ৰচিদুল হকক ।
শনিবাৰে দুপৰীয়া কাৱৈমাৰীৰ পৰা আটক কৰা অভিযুক্ত ৰচিদুল হকক কলিয়াবৰ মহকুমা আৰক্ষীয়ে কলিয়াবৰ আৰক্ষী নিৱেশত হাজিৰ কৰি সোধ পোচ অব্যাহত ৰাখিছে । এই কথা উল্লেখ কৰিছে কলিয়াবৰ মহকুমা আৰক্ষীয়ে ।
উল্লেখ্য যে, বিগত 20 ফেব্ৰুৱাৰীত নগাঁৱৰ ৰূপহীহাট নতুন বজাৰত এখনি দলীয় সভাত অংশগ্ৰহণৰ গৈ থকা অৱস্থাত পুত্ৰ তাঞ্জিল হুছেইনৰ লগতে সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ কৰিছিল । কেৱল ৰকিবুল হুছেইনকে নহয় সাংসদগৰাকীৰ দেহৰক্ষীৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিছিল দুৰ্বৃত্তৰ দলটোৱে ।
সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাক লৈ ৰাজ্যজুৰি কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদ । আনকি ঘটনা সন্দৰ্ভত ৰকিবুল হুছেইনৰ লগতে দেহৰক্ষীয়েও আৰক্ষী থানাত পৃথকে পৃথকে দাখিল কৰিছিল এজাহাৰ ।
ৰূপহী নতুন বজাৰত 20 ফেব্ৰুৱাৰীত সংঘটিত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাত ৰচিদুল হক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল । এই অভিযোগৰ ভিত্তিতেই শনিবাৰে কলিয়াবৰ মহকুমা আৰক্ষীয়ে আটক কৰে অভিযুক্ত ৰচিদুল হকক ।
মাত্ৰ কেইদিনমান পূৰ্বে সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাত জড়িত কাছেম আলী নামৰ আন এজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী । তাৰ পাছত শনিবাৰে আন এজন অভিযুক্ত ৰচিদুল হকক আটক কৰে আৰক্ষীয়ে ।

