ETV Bharat / state

এজনৰ আত্মসমৰ্পণ ; মোহখুলীৰ ডকাইতিকাণ্ডৰ মূল অভিযুক্তৰ বহিঃৰাজ্য়ত আত্মগোপন

কেনেদৰে সংঘটিত হৈছিল ডকাইতিৰ ঘটনা ? কিয় মৃন্ময় বেজবৰুৱাৰ প্ৰেমিকাই বিপথে পৰিচালিত কৰিছিল আৰক্ষীক ?

NALBARI HORRIBLE ROBBERY
নলবাৰীত লোমহৰ্ষক ডকাইতিকাণ্ডত হত্যাৰ বলি হোৱা অৱসৰী কৰ্মচাৰীক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 12, 2025 at 6:54 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী : নলবাৰী জিলাৰ মোহখুলী গাঁৱত সংঘটিত ভয়ংকৰ ডকাইতিৰ ঘটনাত জড়িত অভিযুক্ত আৰক্ষীৰ জালত পৰাত ঘটনাই লৈছে নতুন মোৰ । কালি আন এটা অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিচতেই আজি ডিআইজি ইন্দ্ৰানী বৰুৱাই সদৰী কৰিলে এই কাণ্ডৰ কথা ।

ডিআইজি ইন্দ্ৰানী বৰুৱাই এই সন্দৰ্ভত কয় যে ভাস্কৰজ্যোতি ডেকা, নিজ বাঁহজানীৰ মৃন্ময় বেজবৰুৱা আৰু কালিৰ দিনটোত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা নিজ বাঁহজানীৰেই ৰূপম বেজবৰুৱাৰ লগতে যুৱতীগৰাকীৰ পৰা আৰক্ষীয়ে ইতিমধ্যে বহু তথ্য লাভ কৰিছে । আনহাতে এই ঘটনাৰ মূল মাষ্টৰমাইণ্ডজন এতিয়াও পলাতক বুলি সংবাদমেলত সদৰী কৰে ডিআইজি ইন্দ্ৰানী বৰুৱাই ।

মোহখুলী ডকাইতি-কাণ্ড সন্দৰ্ভত ডিআইজি ইন্দ্ৰানী বৰুৱা (ETV Bharat Assam)

এই সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে পুনৰ কয়, "ডকাইতৰ দলটোৱে নগদ ১৫ হাজাৰ টকা, আঙুঠি, হাতৰ খাৰু, আ-অলংকাৰো লুটি নিছিল ।"

আনহাতে এই সমগ্ৰ ঘটনাটোত যুৱতীগৰাকী কিদৰে গ্ৰেপ্তাৰ হ'ল সেয়া উল্লেখ কৰি কয়, "প্ৰমোদ বৰ্মনৰ পত্নীৰ মোবাইল ফোনটো নি প্ৰেমিক ডকাইত ধৃত মৃন্ময় বেজবৰুৱাই উপহাৰ দিছিল গুৱাহাটীৰ যুৱতীগৰাকীক । আৰক্ষীয়ে তদন্ত চলাওঁতে যুৱতীগৰাকীয়ে প্ৰথম অৱস্থাত কোনো সহায় কৰা নাছিল আৰক্ষীক । তাৰ পিছত আৰক্ষীয়ে টেকনিকেল তদন্ত কৰি মোবাইল ফোনটো যুৱতীগৰাকীৰ তাত উদ্ধাৰ কৰি যুৱতী গৰাকীক গ্ৰেপ্তাৰ কৰে ।"

আনহাতে যিজন পলাতক অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে তেওঁৰ পৰিচয় তদন্তৰ খাতিৰত প্ৰকাশ কৰা হোৱা নাই । অৱশ্য়ে বহিঃৰাজ্যত এই অভিযুক্তজন লুকাই থকাৰ খবৰ লাভ কৰিছে আৰক্ষীয়ে । উক্ত ঘটনাৰ ইতিমধ্যে তিনিজনক জেললৈ প্ৰেৰণ কৰা হৈছে ।

Press Meet of DIG Indrani Baruah in Nalbari
মোহখুলী ডকাইতি-কাণ্ড সন্দৰ্ভত ডিআইজি ইন্দ্ৰানী বৰুৱা (ETV Bharat Assam)

উল্লেখ্য় যে যোৱা ২৯ আগষ্টত নলবাৰীৰ মোহখুলীত বৃদ্ধ দম্পত্তি ঘৰত অকলে থকা অৱস্থাত ডকাইতৰ দল এটাই প্ৰৱেশ কৰি হত্যা কৰিছিল প্ৰমোদ বৰ্মন নামৰ এজন অৱসৰী কৰ্মচাৰীক । নিশাৰ আহাৰ গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত প্ৰমোদ বৰ্মন আৰু তেওঁৰ পত্নী মীৰা তালুকদাৰ বৰ্মনক আক্ৰমণ চলাইছিল ডকাইতৰ দলটোৱে ।

সৌভাগ্যবশতঃ অচেতনৰ ভাও জুৰি ডকাইতৰ কবলৰ পৰা ৰক্ষা পৰিছিল পত্নী মীৰা তালুকদাৰ বৰ্মন; কিন্তু কাপোৰেৰে ডিঙি চেপি অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল প্ৰমোদ বৰ্মনক । তাৰ পিচতে স্থানীয় বেলশৰ আৰক্ষী আৰু নলবাৰী আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই আছিল । ঘটনাৰ ১০ দিন পিছত ডকাইতৰ এটি দুজনীয়া দলক প্ৰথমে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত উক্ত ঘটনাৰে সৈতে গুৱাহাটী মহানগৰীৰ জু-ৰোডৰ পৰা এগৰাকী যুৱতীকো আটক কৰিছিল নলবাৰী আৰক্ষীয়ে । ইতিমধ্যে এই ঘটনাটোত যুৱতীসহ ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

লগতে পঢ়ক: কাঁহীতে থাকিল বঢ়া ভাত ! লোমহৰ্ষক ডকাইতিকাণ্ডত হত্যা অৱসৰী কৰ্মচাৰীক

ৰাজ্য কঁপোৱা হত্য়াকাণ্ডত জড়িত দুই ডকাইতক গ্ৰেপ্তাৰ, যুৱতীকো আটক