ETV Bharat / state

উদ্বেগজনক খবৰ, এইবাৰৰ বাৰিষাত কমকৈ বৰষুণ হ’ব অসমত - IMD MONSOON FORECAST

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে এক বিশেষ খবৰ । এইবাৰ বাৰিষাত অসমত বৰষুণৰ মাত্ৰ অতি কম হ'ব । চিন্তিত চহা কৃষক ।

normal rainfall in Assam
বাৰিষাত এইবাৰ অসমত কমকৈ বৰষুণ হ'ব (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 4:11 PM IST

2 Min Read

গুৱাহাটী: এক চিন্তনীয় খবৰ । বাৰিষাত এইবাৰ অসমত কমকৈ হ'ব বৰষুণ । এই তথ্য দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এই তথ্যই দুঃচিন্তাত পেলাইছে ৰাজ্যবাসীক ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তেওঁলোকৰ চলিত বৰ্ষৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ‘‘লং ৰেঞ্জ ফৰকাষ্ট'' অনুসৰি অসমকে ধৰি সমগ্ৰ উত্তৰপূৰ্বাঞ্চলত বাৰিষা কালত (জুনৰ পৰা ছেপ্টেম্বৰলৈ) স্বাভাৱিক পৰিমাণতকৈ কমকৈ বৰষুণ হ'ব বুলি বতৰৰ বতৰা দিছে ।

normal rainfall in Assam
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য (ETV Bharat)

অহা ১৫ মে'ত দিবলগীয়া চূড়ান্ত আগজাননীত সকলো কথা স্পষ্ট হ'ব যদিও বতৰ বিজ্ঞান বিভাগৰ আগতীয়া পূর্বানুমান অসম তথা উত্তৰ-পূবৰ বাবে উদ্বেগৰ কাৰণৰূপে বিবেচিত হৈছে । উত্তৰ-পূবত দেশৰ ভিতৰতে বেছি বৰষুণ হয় আৰু থাৰ মৰুভূমি অঞ্চলত কম বৰষুণ হয় যদিও বিগত প্রায় এটা দশক ধৰি বৰষুণৰ এই চৰিত্ৰ সলনি হৈ বাৰিষা কালত উত্তৰ-পূবত কমকৈ বৰষুণ হ'বলৈ ধৰাটো উদ্বেগৰ কাৰণ হৈ পৰিছে ।

normal rainfall in Assam
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান (ETV Bharat)

মাত্র ৬% কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা থকা কৃষিপ্রধান ৰাজ্য অসমত এইবাৰ বাৰিষা কমকৈ বৰষুণ হ'ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননীয়ে চিন্তিত কৰি তুলিছে ৰাজ্যৰ ২৬ লাখ কৃষক পৰিয়ালক ।

normal rainfall in Assam
বাৰিষাত কমকৈ বৰষুণ হ’ব অসমত (ETV Bharat)

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, যোৱা বাৰিষাত অসমত ১৯% কম বৰষুণ হৈছিল । উল্লেখ্য যে, বাৰিষা কালৰ বৰষুণ অসমৰ কৃষকৰ বাবে প্ৰাণসঞ্চাৰী । কাৰণ অসমৰ প্ৰধান শস্য শালি ধানৰ খেতি এই সময়ছোৱাতেই কৰা হয় ।

বাৰিষা কালতেই মাথোঁ নহয়, এইবাৰ মাৰ্চ মাহৰ পৰা এতিয়ালৈকে অসমত প্রয়োজতকৈ কম বৰষুণ হৈছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা ১ মাৰ্চৰ পৰা ১৬ এপ্ৰিললৈ অসমত স্বাভাৱিক পৰিমাণতকৈ ৫৬% কমকৈ বৰষুণ হৈছে ।

লগতে পঢ়ক : ভাৰতৰ অধিকাংশ অঞ্চলেই গ্ৰীষ্মপ্ৰবাহৰ কবলত, দেশজুৰি সতৰ্কতা বতৰ বিজ্ঞান বিভাগৰ

লগতে পঢ়ক : বাহিৰলৈ যোৱাৰ পূৰ্বে ভালকৈ ভাবক, পৰৱৰ্তী ৪৮ ঘণ্টাত ৰাজ্য়ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.