ETV Bharat / state

NCRB-ৰ এক ভয়াৱহ তথ্য; শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধত দেশৰ ভিতৰত পঞ্চম স্থানত অসম

দেশৰ ভিতৰতে শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ভিতৰত পঞ্চম স্থানত আছে অসম ।

CRIMES IN ASSAM
প্ৰতিকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 11:28 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধত দেশৰ ভিতৰত শীর্ষ পঞ্চম স্থানত উপনীত হৈছে অসম । নেশ্যনেল ক্রাইম ৰেকৰ্ড ব্যুৰ' (NCRB)-এ শেহতীয়াকৈ প্ৰকাশ কৰা ২০২৩ বৰ্ষৰ দেশৰ অপৰাধৰ এই তথ্য প্রকাশ পাইছে । ২০২৩ চনত ৰাজ্যত শিশুৰ বিৰুদ্ধে ১০,১৭৪টা অপৰাধ সংঘটিত হৈছে ।

ইয়াৰ পূর্বে অর্থাৎ ২০২২ চনত ৰাজ্যখনত ৪,০৮৪টা আৰু ২০২১ চনত শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা আছিল ৫,২৮২টা । অর্থাৎ বিগত দুটা বর্ষত, অর্থাৎ ২০২১-২০২২ চনৰ তুলনাত ২০২৩ চনত ৰাজ্যত শিশুৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা দুগুণ বৃদ্ধি পোৱাৰ তথ্য NCRB ৰ প্রতিবেদনত পোহৰলৈ আহিছে ।

CRIMES IN ASSAM
NCRB-ৰ এক ভয়াৱহ তথ্য (ETV Bharat)

২০২৩ চনত শিশুৰ বিৰুদ্ধে সংঘটিত উল্লিখিত অপৰাধৰ সংখ্যাৰ ভিতৰত আছে ৩৪টা হত্যাকাণ্ড, য'ত ৫৬ জন শিশু ভুক্তভোগী হৈছিল । ইয়াৰে দুটা ঘটনাত ধর্ষণ কৰি দুটি শিশুক হত্যা কৰা হৈছিল ।

ইয়াৰ উপৰিও উল্লেখিত বৰ্ষটোত ১১টা শিশুৰ আত্মহত্যাৰ ঘটনা সংঘটিত হয়, ভুক্তভোগী শিশুৰ সংখ্যা আছিল ১৩জন । সমান্তৰালভাৱে ২২টা হত্যাৰ অপচেষ্টা, আক্রমণ কৰি গুৰুতৰ আঘাত ৩৮টা ঘটনা উল্লেখিত বর্ষটোত ৰাজ্যত সংঘটিত হয় ।

সেই বর্ষটোেত সংঘটিত হৈছিল ১,৭৭২টা শিশু অপহৰণৰ ঘটনা, য'ত ভুক্তভোগীৰ সংখ্যা ১,৭৮৭জন । ইয়াৰে ৩৭১টা ঘটনা নিৰুদ্দেশৰ আছিল, যি অপহৰণ বুলি দাবী কৰা হৈছে । লগতে ৩৯টা অপহৰণৰ ঘটনা শিশুক ভিক্ষা বৃত্তিত নিয়োজিত কৰিবলৈ সংঘটিত কৰা হৈছিল বুলি প্রতিবেদনত প্রকাশ পাইছে ।

CRIMES IN ASSAM
NCRB-ৰ এক ভয়াৱহ তথ্য (ETV Bharat)

ইয়াৰ উপৰি ৩৭১টা অপহৰণৰ ঘটনাত ভুক্তভোগী হৈছে কিশোৰী, যিসকলক বিবাহৰ বাবে অপহৰণ কৰা হৈছিল । একেদৰে ২০২৩ চনত নাবালিকা অপহৰণৰ ৪৫৪টা ঘটনা সংঘটিত হৈছিল, য'ত ৪৫৫গৰাকী নাবালিকাক ক্রয়-বিক্ৰয়ৰ বাবে অপহৰণ কৰা হৈছিল ।

উল্লেখ্য যে, ২০২৩ চনত ভাৰতীয় দণ্ড বিধি আইন (আইপিচি) ৰ অধীনত শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ২,০৯৬টা গোচৰ ৰুজু হৈছিল, য'ত ভুক্তভোগীৰ সংখ্যা আছিল ২,২৭৬ জন । একেদৰে বিশেষ আৰু ৰাজ্যিক আইনসমূহৰ অধীনত ৮,০৭৮টা গোচৰ ৰুজু হৈছিল, য'ত ভুক্তভোগীৰ সংখ্যা হৈছে ৮,১২৮জন ।

এই বিশেষ আৰু ৰাজ্যিক আইনসমূহৰ ভিতৰত শিশু সুৰক্ষা আৰু যৌনতা প্ৰতিৰোধ আইনৰ অধীনত ২,৫৫৫টা, POCSO আইন চাৰি/ছয় ধাৰাৰ অধীনত ১,৮২২টা, POCSO আইন আঠ/১০ ধাৰাৰ অধীনত ৪৭৫টা, POCSO আইন ১২ ধাৰাৰ অধীনত ১২১টা, POCSO আইন ১৪-১৫ ধাৰাৰ অধীনত ১২টা, POCSO আইনৰ ১৭-২২ ধাৰাৰ অধীনত ১২৫টা, কিশোৰ ন্যায় (শিশু যত্ন আক সুৰক্ষা) আইনৰ অধীনত ৮২টা গোচৰ ৰুজু হৈছিল ।

একেদৰে বাল্যবিবাহ প্ৰতিৰোধ আইনৰ অধীনত ৫২৬৭টা, শিশু শ্রমিক প্রতিবোধ আইনৰ অধীনত ১৩২টা, চাইবাৰ অপৰাধ তথা আইটি এক্টৰ অধীনত ৩৯টা গোচৰ ৰুজু হৈছিল ।

উল্লেখ্য যে পক্স' আইনৰ অধীনত ৰুজু হোৱা গোচৰত ভুক্তভোগী শিশুৰ সংখ্যা ১,৮২৯ গৰাকী আৰু ইয়াৰে ছজন ল'ৰা ।

লগতে পঢ়ক : ৰাজ্যখনত এবছৰত অপৰাধৰ ৬৪,৯৫১ টা ঘটনা : হিট এণ্ড ৰাণৰ ১২,১১টা গোচৰ পঞ্জীয়ন