চানমাৰি উৰণ সেতুত অঘটন; বিদ্যুৎস্পৃষ্ট হৈ নিহত ১ জন, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ২ শ্ৰমিক
নিৰ্মীয়মাণ উৰণ সেতুত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ তিনিজন শ্ৰমিক আঘাতপ্ৰাপ্ত । পাচত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় এজন শ্ৰমিকৰ ।

Published : August 27, 2025 at 10:59 PM IST
গুৱাহাটী : চানমাৰি উৰণ সেতুৰ তলে-ওপৰে এতিয়া মৰণ ফান্দ । তলত যদি পথৰ ভয়াৱহ অৱস্থা, ওপৰত আকৌ কাম কৰা শ্ৰমিকৰ নাই কোনো সুৰক্ষা । এফালে নিৰ্মীয়মাণ উৰণ সেতুৰ দুয়োকাষৰ পথত বৃহৎ গাঁত আৰু পানী-বোকাৰে পৰিপূৰ্ণ, আনফালে ওপৰত কাম কৰি থকা শ্ৰমিকসকলো বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হৈ আহিছে । বুধবাৰেও সংঘটিত হয় তেনে এক দুৰ্ঘটনা ।
এইবাৰ চানমাৰি উৰণ সেতুৰ শিলপুখুৰীত নিৰ্মীয়মান অংশত সংঘটিত হৈছে অঘটন । মহানগৰীৰ নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ নিৰ্মীয়মাণ উৰণ সেতুত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ তিনিজন শ্ৰমিক আঘাতপ্ৰাপ্ত হয় । তিনিওজন শ্ৰমিককে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)লৈ প্ৰেৰণ কৰা হয় । তাৰে এজন শ্ৰমিকৰ অৱস্থা আছিল সংকটজনক । পাচত হাস্পতালত চিকিৎসাধীন অৱস্থাত শ্ৰমিকজনৰ মৃত্যু হয় ।
নিহত বৰপেটাৰ মন্দিয়াৰ জাহেদ খান ( ৩৫) । আন দুজন আঘাতপ্ৰাপ্ত শ্ৰমিক হৈছে জামাল উদ্দিন আৰু চালাম আলী ।
ইফালে এই ঘটনা প্ৰত্যক্ষ কৰা এজন শ্ৰমিক কয়, "আজি আবেলি ৫.৩০ বজাত উৰণ সেতুখনৰ কাম কৰি থকা অৱস্থাত বিদ্যুতৰ তাঁৰত লাগি দুজন তলত পৰি যায় । এজন ওপৰতে ৰৈ যায় । পৰি যোৱা দুজনৰ ভিতৰত জাহেদ খানৰ অৱস্থা সংকটজনক । জাহেদে ওপৰৰ পৰা পৰি মূৰত গুৰুতৰভাৱে আঘাত পায় । আনহাতে, জামাল উদ্দিন আৰু চালাম আলীৰো শৰীৰ বিভিন্ন অংশত আঘাত পায় । তিনিওকে লগে লগে জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে । প্ৰায় এমাহৰ পৰা উৰণ সেতুখনৰ নিৰ্মাণৰ কামত জড়িত হৈ আছিল তিনিওজনে ।"
আনহাতে, ঘটনা সন্দৰ্ভত প্ৰকল্পটোত নিয়োজিত সুৰক্ষা এজেন্সীৰ এগৰাকী কৰ্মীয়ে কয়, "ঢেৰেকনি মাৰিলে । ঢেৰেকনি মৰাৰ লগে লগে তাতে কাম কৰি আছিল ল'ৰাকেইটা, তাতে লগে লগে শ্বৰ্ট হৈ গৈছে । লেবাৰ দহজনমান আছিল । বাকীবিলাক তলত আছিল । তিনিজন ওপৰত উঠি আছিল । তাৰ পৰা দুজন পৰি গৈছে ।"
উল্লেখ্য যে ১৭ মে'ত এনে এক ঘটনা চানমাৰিৰ গোস্বামী ছাৰ্ভিচতো সংঘটিত হৈছিল । বিদ্যুতৰ তাঁৰত লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন শ্ৰমিক । বিদ্যুত পৰিবাহী তাঁৰ শ্ৰমিকজনৰ গাত লাগি তেওঁৰ পিঠিখন জ্বলি যায় ।

