বাটে-ঘাটে গুগল মেপক অনুসৰণ কৰা অভ্যাস ? খুন্দিয়াই চাৰিলুটি খুৱালে গাড়ীক
গুগল মেপ ব্য়ৱহাৰ কৰি চলাই আছিল বাহন । আহি আহি মাৰিলে খুন্দা আন এখনত ।

Published : June 30, 2025 at 5:14 PM IST
যোৰহাট: গাড়ী-মটৰ চলাওতে আপুনিও গুগল মেপ ব্য়ৱহাৰ কৰে নেকি ? অলপ সাৱধান হওক ! গুগল মেপৰ নিৰ্দেশনা অনুসৰি যাত্ৰা কৰি থকাৰ সময়তে ঘটিব পাৰে অঘটন । কোনো অচিনাকি বা নতুন স্থানলৈ যোৱাৰ সময়ত আজিকালি প্ৰায়ভাগ চালকেই গুগল মেপ ব্য়ৱহাৰ কৰে; কিন্তু আধুনিক প্ৰযুক্তিয়েও যে কেতিয়াবা বিপদ মাতি আনিব পাৰে সেই কথাই প্ৰমাণিত হ'ল যোৰহাটত ।
ঘটনাৰ বিৱৰণি অনুসৰি নাগালেণ্ডৰ মন জিলা পৰা অহা AS 04 Q 0036 নম্বৰ বলেৰ' বাহনখনৰ চালকে গুগল মেপ ব্য়ৱহাৰ কৰি পথৰ নিৰ্দেশনা চাই গৈ থাকোতেই যোৰহাটৰ অজন্তা বাইপাছত শিক্ষাৰ্থীক লৈ বিদ্যালয়লৈ যোৱা এখন স্কুল ভানত খুন্দা মাৰে । ফলত তীব্ৰবেগী বলেৰ' বাহনখনৰ খুন্দাত AS 03 T 3898 নম্বৰৰ ভানখন শিক্ষাৰ্থীসহ পথৰ ওপৰতেই লুটি খাই বাগৰি পৰে ।
লগে লগে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় । ওচৰতে থকা লোকসকলে পথৰ ওপৰত বাগৰি পৰা ভানখনৰ গ্লাছ ভাঙি কণ কণ শিক্ষাৰ্থীসকলক উলিয়াই আনে । পিছত আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় । এই দুৰ্ঘটনাত কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় শিক্ষাৰ্থীসকল । এই সন্দৰ্ভত স্কুল ভানখনৰ চালকজনে কয়, "পুলিবৰ দিশৰ পৰা আহি আমাৰ ভানখনে ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ সময়তে বিপৰীত দিশৰ পৰা অহা AS 04 Q 0036 নম্বৰ এখন বলেৰ'ৱে তীব্ৰগতিত আহি খুন্দা মৰাৰ ফলত আমাৰ ভানখন পথৰ ওপৰতে লুটি খাই বাগৰি পৰে । বাহনখনত মোৰ ল'ৰাটোৰ লগতে আৰু দুগৰাকী শিক্ষাৰ্থী আছিল ।"
আনহাতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজনে কয়, "আমি নাগালেণ্ডৰ মন জিলালৈ গৈ আছিলো আৰু গুগল মেপৰ জৰিয়তে পথ নিৰ্দেশনা চাই আহি থকা বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় ।" ইয়াৰ পিছতেই ঘটনাস্থলীত যোৰহাটৰ আই এছ বি টি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে ।

