উৰণ সেতু নিৰ্মাণত অঘটন, খহি পৰিল পথৰ বৃহৎ অংশ
উন্নয়নৰ নামত যেন মৰণফান্দ পাতিছে চৰকাৰে । উৰণ সেতুৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে খহি পৰিল পথৰ এক বৃহৎ অংশ ।

Published : November 7, 2024 at 5:46 PM IST
গুৱাহাটী: আমবাৰী আৰু নুনমাটি সংযোগী উৰণ সেঁতুখন নিৰ্মাণক লৈ বিতৰ্ক আৰু প্ৰতিবাদৰ ঢৌ চলি থকাৰ মাজতে উৰণ সেতুখন নিৰ্মাণ কৰি থকা মহানগৰীৰ চানমাৰীৰ লোক নিৰ্মাণ বিভাগৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ মণিৰাম দেৱান পথত বৃহস্পতিবাৰে দিনত সংঘটিত হয় অঘটন । উৰণ সেতুৰ গাঁত খান্দোতে পথটোৰ বৃহৎ অংশ খহি পৰি পথৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় । পথটো খহি পৰাৰ পাছতে অতি ব্যস্ত চানমাৰী-শিলপুখুৰী পথত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।
যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটো এক অচলা অৱস্থাৰ সৃষ্টি হয় । বাতৰি লিখাৰ পৰলৈকে শ্ৰমিকে শিল-বালিৰে বৃহৎ গাঁতটো পোতাৰ চেষ্টা অব্যাহত ৰাখে । ইপিনে নুনমাটিৰ পৰা আমবাৰীলৈকে ব্যাপক যানজঁট অব্যাহত আছে । উল্লেখ্য যে চলিত বছৰৰ এক জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সেতুখনৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিছিল ।
৫.৪৪ কিলোমিটাৰ দৈৰ্ঘৰ উৰণ সেতুখন নিৰ্মাণত ৮৫২ কোটি টকা ধাৰ্য কৰা হৈছিল । আৰম্ভণিৰ পৰা এই সেতুখন স্থানীয় ৰাইজে নিৰ্মাণৰ বিৰোধীতা কৰি আহিছিল । শেহতীয়াকৈ এই সেতুখন নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ গছ কটাৰ বিৰুদ্ধে ৰাইজে ৰাজপথত নামি সৰব প্ৰতিবাদ সাব্যস্ত কৰিছিল । পিচত মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দাবী মানি লৈ সেতুখন নিৰ্মাণৰ বাবে দীঘলীপুখুৰীৰ গছ কটাৰ সিদ্ধান্ত বাতিল কৰি আমবাৰী লেম্ব ৰোডৰ পৰা সেতুখন নিৰ্মাণৰ সিদ্ধান্ত ঘোষণা কৰে ।
উল্লেখ্য যে এই সেতুখন নিৰ্মাণৰ সময়ত সমগ্ৰ অঞ্চলটোত প্ৰদূষিত হোৱাৰ লগতে কৃত্ৰিম বানৰ সমস্যা, যানজঁটৰ সমস্যা, লগতে পদপথৰ ব্যৱসায়ীসকলৰ সমস্যা জটিল হৈ পৰিব বুলি অভিযোগ তুলি উৰণ সেতুখনৰ নিৰ্মাণ বন্ধ কৰাৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে । লগতে এই সন্দৰ্ভত সেতুখনৰ নিৰ্মাণৰ সম্পৰ্কত আন এখন পি আই এল গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰা হৈছে ।
সেতুখনৰ নিৰ্মাণৰ সময়ত এই ধৰণৰ বিতৰ্ক চলি থকাৰ সময়তে উৰণ সেতুখন নিৰ্মাণ কৰি থকা মহানগৰীৰ চানমাৰীৰ মণিৰাম দেৱান পথত বৃহস্পতিবাৰে দিনত অঘটন সংঘটিত হোৱাৰ পিচত সেতুখনৰ নিৰ্মাণ কাৰ্যক লৈ ৰাইজ শংকিত হৈ পৰিছে । মন কৰিবলগীয়া যে মণিৰাম দেৱান পথৰ দৰে দিনত সদা ব্যস্ত পথছোৱাত দিনৰ ভাগত এনেদৰে উৰণ সেতুৰ নিমাণকাৰ্য চলায় থকাৰ বাবে ৰাইজ ক্ষুব্ধ হৈ পৰিছে । লগতে পথছোৱাত জধেমধে ৰডৰ লগতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পথৰ কাষত পেলায় থোৱাৰ ফলত পথচাৰীৰ বাবে বিপদ কঢ়িয়ায় আনিছে ।

