ETV Bharat / state

শিক্ষাৰ্থীৰ আত্মহননৰ বিতৰ্কৰ মাজতে আই আই টিৰ একাডেমিক ডীন কে ভি কৃষ্ণাইৰ পদত্য়াগ - Suicide in IIT Guwahati

IIT Guwahati :আই আই টি গুৱাহাটীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দুদিন ধৰি প্ৰতিবাদ শিক্ষাৰ্থীৰ ৷ প্ৰতিষ্ঠানখনত সঘনাই সংঘটিত শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনাৰ ফলত ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ অৱশেষত আই আই টিৰ একাডেমিক ডীনগৰাকীয়ে সেও মানিবলৈ বাধ্য় হ'ল ।

IIT Guwahati
আই আই টি গুৱাহাটী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 11, 2024 at 12:45 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১১ ছেপ্টেম্বৰ : ছাত্ৰৰ মৃত্যুৰ ঘটনাক লৈ দুদিনধৰি উত্তপ্ত হৈ থকা আই আই টি গুৱাহাটীৰ একাডেমিক ডীনে অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য় হ'ল । দেশৰ অন্য়তম শীৰ্ষ শৈক্ষিক প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থী সমাজে যোৱা দুদিন ধৰি কৰা তীব্ৰ প্ৰতিবাদৰ মাজতে মঙলবাৰে নিশা একাডেমিক ডীনৰ পদৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰিবলৈ বাধ্য হ’ল অধ্যাপক কে ভি কৃষ্ণাই ।

আই আই টি গুৱাহাটী (ETV Bharat Assam)

উল্লেখ্য যে আই আই টি গুৱাহাটীৰ প্ৰতিভাশালী শিক্ষাৰ্থী উত্তৰ প্ৰদেশৰ বিমলেশ কুমাৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি মঙলবাৰে নিশা পৰ্যন্ত চলি থাকে শিক্ষাৰ্থী সমাজৰ প্ৰতিবাদ । সোমবাৰে পুৱা ব্ৰহ্মপুত্ৰ ছাত্ৰাবাসত উদ্ধাৰ হৈছিল আত্মহত্যা কৰা ইলেকট্ৰনিক্স আৰু কম্পিউটাৰ ছায়েন্সৰ তৃতীয় বৰ্ষৰ ছাত্ৰ বিমলেশৰ মৃতদেহ ৷ অত্যাধিক একাডেমিক চাপৰ ফলতে বিমলেশ কুমাৰে আত্মহত্যা কৰাৰ কথা পোহৰলৈ অহাৰ পিচতেই ন্যায় বিচাৰি কেইবা শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীত ।

ব্যৱস্থাপনা সৃষ্ট মৃত্যুৰ অভিযোগ

আইআইটিৰ প্ৰশাসনৰ ভুলৰ বাবেই বিমলেশ কুমাৰে আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি শিক্ষাৰ্থীসকলে কয়,"এয়া আত্মহত্যা নহয়, ব্যৱস্থাপনা সৃষ্ট মৃত্যুহে ।" মনকৰিবলগীয়া যে যোৱা এটা মাহৰ ভিতৰত প্ৰতিষ্ঠানটোত ২ জনকৈ মেধাৱী শিক্ষাৰ্থীয়ে প্ৰতিষ্ঠানটোত মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ।

মঙলবাৰে সন্ধিয়াও মমবাতি জ্বলাই মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰে শিক্ষাৰ্থীসকলে । নিজৰ দাবীত অলৰ-অচৰ শিক্ষাৰ্থীসকলে যোৱা নিশা বৰষুণত তিতি বুৰিও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

শিক্ষাৰ্থীৰ প্ৰতিবাদত সিদ্ধান্ত ল'বলৈ বাধ্য় হ'ল ডীন

শিক্ষাৰ্থীসকলে কেইবাটাও দাবীৰ সমৰ্থনত যোৱা দুদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছিল শিক্ষাৰ্থীসকলৰ কেইবাটাও দাবীৰ ভিতৰত অন্যতম আছিল একাডেমিক ডীন অধ্যাপক কে ভি কৃষ্ণাইৰ পদত্য়াগ । অৱশেষত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ ওচৰত সেও মানি একাডেমিক ডীনগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হয় ৷

লগতে পঢ়ক:আই আই টি গুৱাহাটীত সঘন আত্মহনন : সুৰক্ষা বিচাৰি শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ - Suspected Suicide in IIT Guwahati

মাতৃলৈ আবেগ ভৰা পত্ৰ লিখি চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ আত্মহত্য়া - Youth Commited Suicide