ETV Bharat / state

এবিভিপিৰ উদ্যোগত ডিফুত ৰাজ্যিক জনজাতি সন্মিলন

ABVP Tribal Conference : অনুষ্ঠানত উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে এবিভিপিৰ অসম ৰাজ্যিক জনজাতি সন্মিলন জনজাতি অধ্যুষিত জিলা কাৰ্বি আংলঙৰ ডিফুৰ দৰে এটা অঞ্চলত অনুষ্ঠিত হোৱাটো এটা ভাল কথা ৷

ডিফুত ৰাজ্যিক জনজাতি সন্মিলন
ডিফুত ৰাজ্যিক জনজাতি সন্মিলন
author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 10:22 PM IST

2 Min Read
Choose ETV Bharat
এবিভিপিৰ উদ্যোগত ডিফুত ৰাজ্যিক জনজাতি সন্মিলন

ডিফু, ১২ ফেব্ৰুৱাৰী : সোমবাৰে ডিফুস্থিত লাংকুং হাবে মেম'ৰিয়েল টাউন হলত এদিনীয়া কাৰ্যসূচীৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ উদ্যোগত অসম ৰাজ্যিক জনজাতি সন্মিলন অনুষ্ঠিত হয় ৷ 'বঢ়েগা জনজাতি বঢ়েগা আছাম'ক থীম হিচাপে লৈ অনুষ্ঠিত এই সন্মিলনখনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ শতাধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উক্ত সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিশিষ্ট অতিথি হিচাপে এনএছএছৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক সুনীল বসুমতাৰী, বিশেষ অতিথি হিচাপে এবিভিপিৰ ৰাষ্ট্ৰীয় সচিব বুদ্ধদেৱ বাঘ, অভ্যৰ্থনা সমিতিৰ সভাপতি সুবিদ দত্ত, সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ আৰু আমন্ত্ৰিত অতিথি হিচাপে এবিভিপিৰ ৰাজ্যিক সভাপতি-সম্পাদক ক্ৰমে ৰীতামণি বৈশ্য আৰু হেৰল্ড মোহন ৷

মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে এবিভিপিৰ অসম ৰাজ্যিক জনজাতি সন্মিলন জনজাতি অধ্যুষিত জিলা কাৰ্বি আংলঙৰ ডিফুৰ দৰে এটা অঞ্চলত অনুষ্ঠিত হোৱাটো এটা ভাল কথা ৷ বিভিন্ন জনজাতিৰ ছাত্ৰ-ছাত্ৰীয়ে এই সন্মিলনৰ জৰিয়তে নিজৰ অভাৱ-অভিযোগবোৰ উপস্থাপন কৰিবলৈ সুবিধা পাব ৷

আনহাতে, কাৰ্বি আংলং জিলাত জনজাতিসকলৰ মাজত হোৱা সংঘাত হ্ৰাস পোৱাৰ ফলত জিলাখনত শান্তিৰ পৰিৱেশে বিৰাজ কৰা বুলিও তেওঁ উল্লেখ কৰে ৷ বন্দুক আৰু বন্ধ সংস্কৃতিৰে সমস্যা সমাধান কৰিব নোৱাৰি, আলাপ-আলোচনাৰ মাধ্যমেৰেহে সমস্যাবোৰ সমাধান কৰিব পাৰে বুলি লগতে মন্তব্য কৰে তুলিৰাম ৰংহাঙে ৷

আনহাতে, এনএছএছৰ প্ৰাক্তন আঞ্চলিক সম্পাদক সুনীল বসুমতাৰীয়ে কাৰ্বি আংলঙৰ স্বতন্ত্ৰ কলা-কৃষ্টি-সংস্কৃতিৰ উচ্চ প্ৰসংশা কৰে ৷ এবিভিপিয়ে চৰিত্ৰ নিৰ্মাণ, একতা, ব্যক্তি নিৰ্মাণ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কাম কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে ৷ জনসাধাৰণক 'দিয়া আৰু অনুদান' নীতিৰ জৰিয়তে এবিভিপিয়ে সেৱা আগবঢ়াইছে বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :ৰঙিয়াত ইজতেমাৰ বিশাল আয়োজন