ETV Bharat / state

নিখিল বড়ো ছাত্ৰ সন্থা কোকৰাঝাৰ জিলা সমিতিৰ প্ৰতিবাদ

ABSU Protest : কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে দুঘণ্টীয়া এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আৰ এন বি চিকিৎসালয় আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত পূৰ্ণাংগ পৰ্যায়ৰ মৰণোত্তৰ পৰীক্ষাগৃহৰ ব্যৱস্থা কৰাৰ দাবীত সংগঠনটোৰ জিলা সমিতিয়ে ৰূপায়ন কৰে এই ধৰ্ণা কাৰ্যসূচী ৷

ABSU Protest
নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : March 6, 2024 at 4:17 PM IST

2 Min Read
Choose ETV Bharat

কোকৰাঝাৰ, 6 মাৰ্চ : কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৷ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত বুধবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে দুঘণ্টীয়া এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত পূৰ্ণাংগ পৰ্যায়ৰ মৰণোত্তৰ পৰীক্ষাগৃহৰ ব্যৱস্থা কৰাৰ দাবীত সংগঠনটোৰ জিলা সমিতিয়ে ৰূপায়ন কৰে এই ধৰ্ণা কাৰ্যসূচী ৷

কোকৰাঝাৰত এবছুৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী

ধৰ্ণা কাৰ্যসূচীত এবছু, বড়ো সাহিত্য সভা আৰু ট্ৰাইবেল সংঘৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ ধৰ্ণাথলীত অৱস্থান লোৱা এবছুৰ কৰ্মী, সমৰ্থক সকলে নিজ দাবীৰ সমৰ্থনত শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ এবছুৰ জিলা সভাপতি কৃপেশ দৈমাৰীয়ে কয় যে, কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ সুবিধা নথকাৰ বাবে জনসাধাৰণ বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৷ মৰণোত্তোৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰাত ভুক্তভোগীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে ৷ সেয়েহে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক সুবিধা সম্পন্ন পূৰ্ণাংগ পৰ্যায়ৰ মৰণোত্তোৰ পৰীক্ষাৰ গৃহ নিৰ্মানৰ দাবী জনায় এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতিগৰাকীয়ে ৷

লগতে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় আৰু কোকৰাঝাৰ মেডিকেল কলেজত পৰ্যাপ্ত চিকিৎসক নিয়োগৰো দাবী জনায় সংগঠনটোৱে ৷ উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ অন্তত এবছুৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ উল্লেখিত দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ ধৰ্ণা কাৰ্যসূচীত এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক খাম্পা বসুমতাৰী, বড়ো সাহিত্য সভা আৰু ট্ৰাইবেল সংঘৰ নেতৃবৰ্গ উপস্থিত আছিল ৷

লগতে পঢ়ক : কলগাছিয়াত শৌচালয়ৰ নামত ধন সংগ্ৰহ কৰা প্ৰাক্তন পঞ্চায়ত সদস্যাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ