অসমৰ ভূমিপুত্ৰৰ স্বাৰ্থত এবছুৱে চিএএ-ৰ বিৰোধিতা কৰি যাব
ABSU on CAA: সংবাদমেলযোগে চিএএ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে । ষষ্ঠ অনুসূচীভুক্ত এলেকাত এই আইন বলৱৎ নহ'ব বুলি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিত সন্তুষ্ট নহয় এবছু । চৰকাৰক এই আশংকা দূৰীকৰণ কৰাৰ আহ্বান সংগঠনটোৰ ।

Published : March 14, 2024 at 11:39 AM IST
কোকৰাঝাৰ, ১৩ মাৰ্চ : অসমৰ বিভিন্ন প্ৰান্তত বিৰোধী দল আৰু সংগঠনসমূহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । ৰাজ্যজুৰি প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে নিখিল বড়ো ছাত্ৰ সন্থাই (এবছু) চিএএ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে । বুধবাৰে এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত এক সংবাদমেল সম্বোধন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োই কয় যে চিএএ কোনো কাৰণতে মানি লোৱা নহ'ব ।
এবছুৱে চিএএ-ৰ বিৰোধিতা কৰি আহিছে আৰু আগলৈও কৰি যাব । নেতাগৰাকীৰ মতে অসমৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া জনজাতি, জনগোষ্ঠীৰ স্বাৰ্থত এবছুৱে চিএএ-ৰ বিৰোধিতা কৰি যাব । অনাগত সময়ত এবছুৱে সময় সাপেক্ষে গণতান্ত্ৰিক, অহিংস আৰু আইনী প্ৰক্ৰিয়াৰে ইয়াৰ বিৰোধিতা কৰি যাব বুলিও এবছুৰ নেতাগৰাকীয়ে হুংকাৰ দিয়ে । সংবাদমেলত এবছুৰ সভাপতিগৰাকীয়ে কয় যে চিএএ-ৰ বিৰুদ্ধে কেৱল অসমৰ পৰাই ৫৩ ৰো অধিক দল-সংগঠনে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছে ।
তেওঁ কয় যে ২০১৯ চনতে চিএএ গৃহীত হ'ল আৰু এতিয়া নিৰ্বাচনৰ ঠিকপূৰ্বে এই আইন বলৱৎ কৰা হ'ল । এই আইন বাতিল কৰিবলৈ হ'লে ভাৰতৰ সংসদে আইনখন প্ৰত্যাহাৰ কৰি লাগিব নাইবা আইনী যুঁজত জয়ী হ'ব লাগিব ৷ দেশৰ নাগৰিকৰ প্ৰতি ভাবুকিস্বৰূপ, অসমৰ জনজাতি, জনগোষ্ঠীৰ প্ৰতি ভাবুকিস্বৰূপ এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে নিশ্চয়কৈ সঠিক সিদ্ধান্ত ল'ব বুলিও আশা প্ৰকাশ কৰি এবছুৱে উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা প্ৰদৰ্শন কৰে ।
উচ্চতম ন্যায়ালয়ে সঠিক ৰায়দান দিব বুলি মন্তব্য কৰি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, ষষ্ঠ অনুসূচীভুক্ত এলেকা বিটিআৰ, জনজাতিপ্ৰৱণ এলেকা কাৰ্বি আংলং, ডিমা হাছাওত চিএএ বলৱৎ নহ'ব বুলি কোৱা হৈছে যদিও এবছুৱে ইয়াকলৈও আশংকা প্ৰকাশ কৰিছে । অবৈধ নাগৰিকে ভাৰতীয় নাগৰিকত্ব পালে দেশৰ সকলো ঠাইতে থকাৰ অধিকাৰ লাভ কৰিব আৰু যাৰ পৰিণতিতে এবছুৱে আশংকা প্ৰকাশ কৰিছে আৰু এই আশংকা দূৰীকৰণৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাই এবছুৰ নেতাগৰাকীয়ে । সংবাদমেলত এবছুৰ উপ-সভাপতি খৌৰৌমদাও ওৱাৰী আৰু সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীও উপস্থিত থাকে ।
লগতে পঢ়ক :জাজিকোনাত কামৰূপৰ বাবে ৬৩৫ কোটি টকাৰ প্ৰকল্পৰ ভূমি পূজন-আধাৰশিলা মুখ্যমন্ত্ৰীৰ

