ETV Bharat / state

দিল্লীৰ লালা ৰাজপথ ৰায় মাৰ্গৰ এটা উপ-পথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত দিল্লীত এটা পথৰ নামাকৰণ কৰাৰ চৰকাৰৰ সিদ্ধান্তত আনন্দিত এবছু ।

ABSU on Pahalgam attack
দিল্লীত উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত পথৰ নামাকৰণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 12:53 PM IST

2 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : ২৭ এপ্ৰিলৰ পৰিৱৰ্তে অহা ১২ মে'ত অনুষ্ঠিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰতিনিধি সভা । কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই সভা ৷ কোকৰাঝাৰৰ বাগানশালীস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

১২ মে'ত এবছুৰ প্ৰতিনিধি সভা

দিল্লীত উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত পথৰ নামাকৰণ (ETV Bharat)

উল্লেখ্য যে এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰতিনিধি সভাত লোৱা প্ৰস্তাৱ অনুসৰি অহা ২৭ এপ্ৰিলত প্ৰতিনিধি সভাৰ জৰিয়তে এবছুৰ কেন্দ্ৰীয় সমিতি গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷ কিন্তু ২১ এপ্ৰিলত পুনৰ সভা অনুষ্ঠিত কৰি অহা ১ মে'ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু তিথিৰ প্ৰতি লক্ষ্য ৰাখি ২৭ এপ্ৰিলৰ পৰিৱৰ্তে অহা ১২ মে'ত কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰি এবছুৰ কেন্দ্ৰীয় সমিতি গঠন কৰা হ'ব বুলি সদৰি কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত পথ

আনহাতে এবছুৱে নতুন দিল্লীত বড়ো ছাত্ৰনেতা তথা বড়োসকলৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটি পথ নামাকৰণৰ বাবে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছিল ৷ সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰে অহা ১ মে'ত নতুন দিল্লীৰ কৈলাশ কলনীত থকা লালা ৰাজপথ ৰায় মাৰ্গৰ পৰা এটি উপপথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে দ্বীপেন বড়োৱে । নতুন দিল্লীত উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটি পথ নামাকৰণৰ সিদ্ধান্ত লোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থাই । সেইদিনাই অৰ্থাৎ ১ মে'ত এবছুৱে ৫ লাখ বন্তি প্ৰজ্বলন কৰি উপেন্দ্ৰনাথ ব্ৰহ্মৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰিব বুলিও সংবাদমেলত দ্বীপেন বড়োৱে সদৰী কৰিছে ৷

এবছুৱে জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰো তীব্ৰ নিন্দা জনাই কয়, "পহলগামত সন্ত্ৰাসবাদীৰ দ্বাৰা পৰ্যটকৰ ওপৰত আক্ৰমণ চলিছিল তাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই নিন্দা কৰিছো আৰু মৃতকলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো । ভাৰত চৰকাৰক আহ্বান জনাইছো এই যি সন্ত্ৰাসবাদী আক্ৰমণ তাত জড়িত লোকসকলক বা কালপ্ৰিটসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে ।" ইফালে অসমৰ জনপ্ৰিয় অভিনেতা ফেইলাও বসুমতাৰীৰ বিয়োগত শোকপ্ৰকাশ কৰে এবছুৱে ।

লগতে পঢ়ক :অসমৰ বিলুপ্তপ্ৰায় ভাষা সংৰক্ষণৰ বাবে আছুৰ গুৰুত্বপূৰ্ণ পদক্ষেপ - AASU MOU WITH NT FOUNDATION