ETV Bharat / state

গৰাখহনীয়াৰ ভয়াৱহতা : নৈৰ বুকুত বিলীন হৈ গ'ল চাৰি শতাধিক গাঁও, সৰ্বহাৰা লাখ লাখ পৰিয়াল

প্ৰত্যেক বছৰ বাৰিষা ভয়াৱহ ৰূপ ধাৰণ কৰে গৰাখহনীয়াই । গৰাখহনীয়াৰ কৱলত পৰি নোহোৱা হৈ পৰিছে ৰাজ্যখনৰ ৪৩২খনকৈ গাঁও ।

FLOOD IN ASSAM
অসমত বান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 3, 2025 at 11:02 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : কৃষিপ্ৰধান ৰাজ্য অসমত বান আৰু খহনীয়াই প্ৰত্যেক বছৰে বিস্তৰ ক্ষতিসাধন কৰি অহাটো নতুন কথা নহয় । ৰাজ্যখনৰ বাবে অভিশাপস্বৰূপ হৈ পৰা এই বান-গৰাখহনীয়াই ৰাজ্যখনৰ মানচিত্রই সলনি কৰি পেলাইছে । ইতিমধ্যে গৰাখহনীয়াৰ কৱলত পৰি নোহোৱা হৈ পৰিছে ৰাজ্যখনৰ ৪৩২খনকৈ গাঁও । প্ৰত্যেক বছৰ বাৰিষা ভয়াৱহ ৰূপ ধাৰণ কৰে গৰাখহনীয়াই ।

অতি উদ্বেগৰ বিষয় যে গৰাখহনীয়াই স্বৰাজোত্তৰ অসমৰ ৪৩২খন গাঁও সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলালে । অৰ্থাৎ বিগত ৭৭ বছৰত ৰাজ্যখনৰ চাৰি শতাধিক গাঁও নৈৰ বুকুত হেৰাই গ'ল । এই তথ্য অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ।

FLOOD IN ASSAM
অসমত বান আৰু খহনীয়া (ETV Bharat Assam)

দিছপুৰৰ জনতা ভৱনস্থিত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী প্ৰকল্প প্ৰৱন্ধকে জনোৱা মতে ১৯৫৪, ১৯৬২, ১৯৬৬, ১৯৭২, ১৯৮৪, ১৯৮৮, ১৯৯৮, ২০০২, ২০০৪, ২০১২ চনত হোৱা প্ৰলয়ংকৰী বানৰ পিছত বৰাক-ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰে ।

FLOOD IN ASSAM
অসমত বান আৰু খহনীয়া (ETV Bharat Assam)

কেৱল সেয়াই নহয় প্ৰত্যেক বছৰে বানে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে আৰু সমান্তৰালকৈ খহনীয়াই উৰ্বৰা ভূমিৰ লগতে গাঁওবোৰ নোহোৱা কৰি পেলাইছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প প্ৰৱন্ধকগৰাকীয়ে কয়, "ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্রশমন বিভাগৰ ওচৰত তথ্য দাখিল কৰে । সেই তথ্য মতেই নৈৰ খহনীয়াই নোহোৱা কৰি পেলালে ৰাজ্যৰ চাৰি শতাধিক গাঁও ।"

FLOOD IN ASSAM
অসমত বান আৰু খহনীয়া (ETV Bharat Assam)

কোন জিলাৰ কিমান গাঁও নৈৰ বুকুত বিলীন হৈ গ'ল :

গৰাখহনীয়াৰ ক্ষেত্রত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা জিলাখন হৈছে মৰিগাঁও জিলা । স্বাধীনতাৰ পাছৰে পৰা মৰিগাঁৱত বান আৰু খহনীয়াই ৯৩খন গাঁও সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলালে । আনহাতে গোৱালপাৰা জিলা খহনীয়াত ক্ষতিগ্ৰস্ত হোৱা আন এখন অন্যতম জিলা । জিলাখনৰ ৬৬খন গাঁও খহনীয়াত জাহ গৈছে । জিলাখনৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ ৬২খন, মাটিয়া ৰাজহ চক্ৰৰ ৩খন আৰু বালিজানা ৰাজহ চক্ৰৰ এখন গাঁও নৈৰ বুকুত সম্পূৰ্ণৰূপে হেৰাই গ'ল ।

FLOOD IN ASSAM
কোন জিলাৰ কিমান গাঁও নৈৰ বুকুত বিলীন (ETV Bharat Assam)

সেইদৰে ৰাজ্যখনৰ বৰপেটা জিলাৰ ৫৫খন গাঁও নদীৰ বুকুত জাহ গৈছে । বিগত ৭৫ বছৰত জিলাখনৰ বৰপেটা ৰাজহ চক্ৰৰ ৫খন গাঁও, বাঘবৰ ৰাজহ চক্ৰৰ ১৫খন গাঁও, কলগাছিয়া ৰাজহ চক্ৰৰ ৩৪খন গাঁৱকে ধৰি মুঠ ৫৫খন গাঁও নৈৰ বুকুত বিলীন হৈ গ'ল । একেদৰে নগাঁও জিলাৰ ধিং, চামগুৰি আৰু কলিয়াবৰ ৰাজহ চক্ৰৰ ৮খন গাঁও গৰাখহনীয়াই লৈ গ'ল । শোণিতপুৰ জিলাৰ ২৮ খন গাঁৱৰ ভিতৰত ঢেকীয়াজুলি ৰাজহ চক্ৰৰ ৩খন, ঠেলামৰাৰ ৪খন, তেজপুৰৰ ১৪খন, চাৰিদুৱাৰৰ ৩খন আৰু নদুৱাৰ ৰাজহ চক্ৰৰ ৪খন গাঁও নৈৰ বুকুত বিলীন হৈ গ'ল ।

FLOOD IN ASSAM
কোন জিলাৰ কিমান গাঁও নৈৰ বুকুত বিলীন (ETV Bharat Assam)

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ১১খন গাঁও লুইতৰ বুকুত বিলীন হৈ গ'ল । আনহাতে উত্তৰ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ ৩খন, ঢকুৱাখনা ৰাজহ চক্ৰৰ এখন, বিহপুৰীয়া ৰাজহ চক্ৰৰ ২খন আৰু নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ৫খন গাঁৱকে ধৰি জিলাখনৰ মুঠ ১১খন গাঁও খহনীয়াৰ কৱলত পৰি নিশ্চিহ্ন হৈ পৰিল । ধেমাজি জিলাত ২নং চেঙাজান বৰাগাঁও নামৰ গাঁওখন ইতিমধ্যে নোহোৱা হৈ পৰিল ।

FLOOD IN ASSAM
কোন জিলাৰ কিমান গাঁও নৈৰ বুকুত বিলীন (ETV Bharat Assam)

তিনিচুকীয়া জিলাৰ ২৩খন গাঁও নদীৰ বুকুত বিলীন হৈ পৰিল । জিলাখনৰ তিনিচুকীয়া ৰাজহ চক্ৰৰ ৪খন, ডুমডুমা ৰাজহ চক্ৰৰ ১৫খন আৰু শদিয়া ৰাজহ চক্ৰৰ ৪খন গাঁও নোহোৱা হৈ পৰিল । ডিব্ৰুগড় জিলাৰ ১৯খন গাঁও খহনীয়াই নোহোৱা কৰিলে । ইফালে নদীদ্বীপ মাজুলী জিলাৰ ১৫খন গাঁও খহনীয়াত নোহোৱা হৈ পৰিল । ধুবুৰী জিলাত খহনীয়াই নোহোৱা কৰিলে ৫০খন গাঁও ।

FLOOD IN ASSAM
কোন জিলাৰ কিমান গাঁও নৈৰ বুকুত বিলীন (ETV Bharat Assam)

গোলাঘাট জিলাৰ ৬খন গাঁও নৈৰ বুকুত জাহ গৈছে । কামৰূপ গ্ৰাম্য জিলাত নৈৰ বুকুত বিলীন হৈছে ৪৩খন গাঁও । জিলাখনৰ পলাশবাৰী ৰাজহ চক্ৰৰ ৩৭খন গাঁও, নগৰবেৰা ৰাজহ চক্ৰৰ এখন আৰু চমৰীয়া ৰাজহ চক্ৰৰ ৫ খন গাঁও খহনীয়াই নোহোৱা কৰিলে । আনহাতে কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মিকিৰপাম নামৰ গাঁওখন নৈৰ বুকুত জাহ গৈছে । বঙাইগাঁও জিলাতো ৩খন গাঁও নৈৰ বুকুত জাহ গৈছে ।

FLOOD IN ASSAM
অসমত বান আৰু খহনীয়া (ETV Bharat Assam)

ইফালে বৰাকৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰাজহ চক্ৰত এখন গাঁও খহনীয়াই নোহোৱা কৰিলে । উল্লেখ্য যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প প্ৰৱন্ধকগৰাকীয়ে জনোৱা মতে ৰাজ্যৰ এইসমূহ জিলাৰ বাহিৰেও কেইবাখনো জিলাত নৈৰ খহনীয়া সমস্যা আছে । ৰাজ্যখনৰ প্ৰায় প্ৰতিখন জিলাতে আংশিকৰূপত খহনীয়াৰ কবলত পৰা বহু গাঁও আছে ।

FLOOD IN ASSAM
অসমত বান আৰু খহনীয়া (ETV Bharat Assam)

লক্ষণীয় বিষয় যে এনেদৰে নৈৰ বুকুত গাঁওবোৰ হেৰাই যোৱাৰ পৰিণতিত ৰাজ্যৰ কেইবাখনো জিলাৰ বহু গাঁও পঞ্চায়ত অস্তিত্বহীন হোৱাৰ দিশে আগবাঢ়িছে । এনে পঞ্চায়তৰ বহু লোক বিভিন্ন ঠাইত সিঁচৰতি ৰূপত বসতি স্থাপন কৰি থাকিব লগাত পৰিছে । বহু গাঁও পঞ্চায়তৰ বহু লোকেই এতিয়া লুইতৰ বুকুৰ কেইবাটাও চৰৰ বাসিন্দা । বান আৰু খহনীয়াত সৰ্বহাৰা হৈ পৰা লোক সকলৰ গৰিষ্ঠ সংখ্যাকেই চৰকাৰী ভূমিত বসতি স্থাপন কৰি আজি উচ্ছেদৰ সন্মুখীন হ'বলগীয়া হৈছে ।

FLOOD IN ASSAM
অসমত বান আৰু খহনীয়া (ETV Bharat Assam)

অসমৰ ভয়াৱহ বান-খহনীয়াৰ সমস্যা আৰু চৰকাৰৰ ভূমিকা :

অসমৰ বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবী দীৰ্ঘদিনীয়া । ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে দাবী জনাই আহিছে যদিও কেন্দ্ৰৰ প্ৰতিখন চৰকাৰে নিৰ্লিপ্ত ভূমিকা পালন কৰি আহিছে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰেও এই সমস্যাৰ সমাধানৰ বাবে বিশেষ কোনো পদক্ষেপ গ্রহণ কৰা নাই ।

FLOOD IN ASSAM
অসমত বান আৰু খহনীয়া (ETV Bharat Assam)

নিৰ্বাচনৰ সময়ত বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি প্ৰতিটো ৰাজনৈতিক দলেই দি আহিছে । লক্ষণীয় বিষয় যে ২০১৭ চনৰ ১ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত অসম তথা পূৰ্বোত্তৰৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰিছিল । সেইদিনা প্ৰধানমন্ত্ৰীয়ে ১২০০ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছিল । প্ৰধানমন্ত্রীয়ে ব্ৰহ্মপুত্ৰ অৱবাহিকা সন্দৰ্ভত অধ্যয়নৰ বাবে ৪০০ কোটি টকা আবণ্টনৰ প্ৰতিশ্ৰুতি দিছিল । ইয়াৰ পিচত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা ‘বানমুক্ত অসম' ঘোষণাৰো একো নহ'ল ।

FLOOD IN ASSAM
অসমত বান আৰু খহনীয়া (ETV Bharat Assam)

প্ৰত্যেক বছৰে কম-বেছি পৰিমাণে হোৱা বানপানীয়ে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে । লক্ষণীয় বিষয় যে অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্য বানৰ কৱলত পৰে যদিও কেৱল অসমতে খহনীয়াই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে । ৰাজ্যৰ বৰাক-ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ ভয়াৱহ খহনীয়াই ইতিমধ্যে লাখ লাখ লোকক সৰ্বহাৰ কৰি পেলাইছে । গৰাখহনীয়াৰ বাবে ভূমিহীন-গৃহহীন হোৱা লোকসকলৰ বহুতৰে বাবে আজিও মথাউৰিয়েই হৈছে বাসস্থান ।

লগতে পঢ়ক : বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কিদৰে সাজু ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ ?

কাজিৰঙাৰ বন্যপ্ৰাণীৰ আলৈ-আথানি: বাঁহৰ চেপাত লাগি ধৰিল বাঘৰ পোৱালি

ৰাজ্যত পুনৰ বানত এজনৰ মৃত্যু, ২১ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা