ভূপেন্দ্ৰ কুমাৰ হাজৰিকা আৰু ড৹ ভূপেন হাজৰিকা... তেজপুৰে জানে বহু কথা
বাণ থিয়েটাৰ, পকী... ক’ত নাই তেওঁৰ স্মৃতি ! আনকি নুৰ হুছেইনৰ বাৰাণ্ডাত পাৰি থোৱা বেঞ্চখনতো আছে অনেক স্মৃতি ৷ প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ।

Published : September 4, 2025 at 8:45 PM IST
তেজপুৰ: সমগ্ৰ ৰাজ্যতে জোৰদাৰ আয়োজন চলিছে ভাৰতৰত্ন সুধাকণ্ঠক ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ ছেপ্টেম্বৰত এই জন্ম শতবৰ্ষৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব । সুধাকণ্ঠৰ শৈশৱ, কৈশোৰ, যৌৱনৰ অনেক স্মৃতি বিজড়িত সংস্কৃতিৰ নগৰী তথা ত্ৰিমূৰ্তিৰ চহৰ তেজপুৰ আছিল ড৹ ভূপেন হাজৰিকাৰ অতিকৈ প্ৰিয় ঠাই ৷
ইয়াতেই জীৱনৰ পৃষ্ঠভূমি গঢ় লৈ উঠিছিল, জগত সবাহলৈ যোৱা জনতাৰ শিল্পীগৰাকীৰ ৷ এই তেজপুৰতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, নটসূৰ্য ফণী শমাৰ্ৰ দৰে মহান মণিষীৰ সন্নিধ্য লাভ কৰি জীৱনৰ আদিপাঠ শিকিছিল ভূপেন হাজৰিকাই ৷
তেজপুৰৰ অলিয়ে-গলিয়ে স্মৃতি বিজড়িত হৈ আছে ভূপেন হাজৰিকাৰ ৷ ডাঃ লক্ষ্মী গোস্বামী, প্ৰয়াত দূগাৰ্ধৰ গোস্বামী, গঙ্গাৰাম দাসৰ ঘৰৰ পৰা আৰম্ভ কৰি পল'ফিল্ডৰ পৈতৃক বাসগৃহ, বাণ থিয়েটাৰ, পকী... ক’ত নাই তেওঁৰ স্মৃতি ৷ আনকি নুৰ হুছেইনৰ বাৰাণ্ডাত পাৰি থোৱা বেঞ্চখনতো বিজড়িত হৈ আছে অনেক স্মৃতি ৷ আজিও সাক্ষী হৈছে আছে শিল্পীগৰাকীৰ শিক্ষাগ্ৰহণ কেন্দ্ৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ।

ছাত্ৰ অৱস্থাত বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ শৈক্ষিক স্থান তেজপুৰ চহৰৰ ঐতিহ্য মণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা সময়ত ড৹ ভূপেন হাজৰিকাৰ নাম আছিল ভূপেন্দ্ৰ কুমাৰ হাজৰিকা । বিদ্যালয়ৰ শৈক্ষিক মানদণ্ডৰ তথা ৰেজিষ্ট্ৰাৰ বহীত ষষ্ঠ সংখ্যাত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নাম আৰু সেই সময়ৰ অষ্টম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰসমূহ সন্নিবিষ্ট হৈ আছে । বিদ্যালয় কৰ্তৃপক্ষই সেই বহী সযতনে বিদ্যালয়ৰ আলমিৰাত সংৰক্ষণ কৰি ৰাখিছে ।
ভূপেন্দ্ৰ কুমাৰ হাজৰিকাৰ পৰা বিশ্ববৰেণ্য ড৹ ভূপেন হাজৰিকালৈ উত্তৰণৰ যাত্ৰাৰ সাক্ষী ১৮৬৮ চনত স্থাপিত এই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষা মঞ্জু বাঢ়ৈয়ে ই টিভি ভাৰতক কয়, "আমি অতিকৈ গৌৰান্বিত যে বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাই এই বিদ্যালয়তে শিক্ষাগ্ৰহণ কৰিছিল । তেখেত এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্র । সেই সময়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা সেইসকল শিল্পীৰ পদধূলাৰে আমাৰ বিদ্যালয় পৱিত্ৰ হৈ আছে ।"

তেওঁ লগতে কয়,"আমাৰ বৰ্তমান ৰাখিব পৰাকৈ ৰেজিষ্টাৰ আৰু ৰেকৰ্ড বহী সংৰক্ষিত হৈ আছে । বিশেষকৈ তেখেতে সেই সময়ত বিদ্যালয়ত লাভ কৰা নম্বৰসমূহো ৰেকৰ্ড বহীত সন্নিবিষ্ট হৈ আছে আৰু সংৰক্ষণ কৰি ৰখা হৈছে । তেওঁৰ আন বস্তুসমূহ যদিও আমি সকলো সংৰক্ষণ কৰি ৰাখিব পৰা নাই, তথাপিও আমি তেখেতক লৈ গৌৰৱ কৰোঁ যে তেখেতৰ দৰে এজন বৰেণ্য শিল্পী আমাৰ বিদ্যালয়ত পঢ়িছিল । আমি আমাৰ ছাত্র-ছাত্ৰীক সেই প্ৰেৰণাৰ উৎস হৈ আগবঢ়াই লৈ যোৱাত সহায় হয় । মই কৰ্মৰত বিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী গৌৰৱান্বিত আৰু তেখেত দ্বিতীয়জন অসমীয়া যি ভাৰতৰত্ন লাভ কৰিছে ।"
আনহাতে ভূপেন হাজৰিকাৰ এখন বিশেষ পত্ৰ আৰু এই বিদ্যালয়ৰ শতবৰ্ষৰ অনুষ্ঠানত তেখেতে কিছু অসুস্থতাৰ বাবে এটা লেখা পঠাইছিল । বিদ্যালয়ৰ স্মৃতিগ্ৰন্থলৈ পঠোৱা লেখা বৰ্তমান সংৰক্ষিত কৰি ৰখা আছে সেই স্মৃতিগ্ৰন্থখন । বৰ্তমান বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী তথা গ্ৰন্থাগাৰ ৰিজুমণি বড়াই ই টিভি ভাৰতক কয়, "এই বছৰ জন্ম শতবৰ্ষ বিদ্যালয়ৰ লগত সন্নিবিষ্ট কৰি আয়োজন কৰা হৈছে । তাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ ।"

বড়াই লগতে উল্লেখ কৰে, "সেই সময়ত বিদ্যালয়ৰ শতবৰ্ষৰ বাবে স্মৃতিগ্ৰন্থৰ সম্পাদক স্বৰ্গীয় ঘনশ্যাম চৌধুৰীলৈ লিখা পত্ৰখন স্মৃতিগ্ৰন্থখনত সংৰক্ষিত কৰি ৰখা হৈছে ৷ সেই পত্ৰ লিখা তাৰিখ আছিল ১৯-৪-৮৭ চন । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা আৰু সুধাকণ্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাই এই বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল । এই বিদ্যালয়ত শিক্ষা প্ৰদান কৰিছিল কিছুদিনৰ বাবে পদ্মনাথ গোহাঞি বৰুৱাই । এই বিদ্যালয়ত তেওঁ প্ৰথম যি বৰগীত লিখিছিল সেই গীত সংৰক্ষণ কৰি ৰখা আছে ৷ লগতে তেওঁ ১৯২৪ চনত এই বিদ্যালয়ত লিখা 'অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম ...' গীতটো সংৰক্ষণ কৰা আছে ।"
উল্লেখযোগ্য যে সেই সময়ত ভূপেন্দ্ৰ কুমাৰ হাজৰিকাই বিদ্যালয়ত পঢ়ি থকা সময়তে বিদ্যালয়ৰ কাষৰে ক'ল পাৰ্কত থকা ইউক্লিপটাছ গছৰ ছালবোৰ এৰুৱাই বিভিন্ন লিখা লিখিছিল । সেই কথা তেওঁৰ শতবৰ্ষ উপলক্ষে লিখাত স্পষ্টকৈ আছে আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ নাম উল্লেখ কৰি সেই লিখাত তেওঁ লিখিছে- "এইসকলৰ নামৰ আগত মই চন্দ্ৰবিন্দু নলাগাওঁ, এইসকলে আমাক গঢ়িলে ।"

পত্ৰখনৰ আৰম্ভণিতে তেওঁ লিখিছে,"বৰ ইচ্ছা আছিল আমাৰ স্কুলৰ শতবাৰ্ষিকীত নিজে উপস্থিত থাকি মহান ঐতিহ্যত ৰ'দ পুৱাবলৈ । ক'ল পাৰ্কলৈ গৈ ইউক্লিপটাচ গছত কেঁচা আম কটা কটাৰীৰে নিজৰ নাম লিখি থৈ আহিম... ।"
আনহাতে সংস্কৃতিৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ আৰম্ভণি যাত্ৰা আছিল তেজপুৰৰ পুৰণি বান থিয়েটাৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পকী আৰু নিজৰ ঘৰৰ সন্মুখৰ প'ল ফিল্ড । আনহাতে এবাৰ তেওঁ এটা চৰিত্ৰত অভিনয় কৰিবলৈ তেজপুৰ বৰগোলা চাৰিআলিৰ সমীপৰ চ'ক বজাৰত কাবুলিৱালাৰ পোছাক তৈয়াৰ কৰাইছিল । বান থিয়েটাৰৰ ঐতিহ্য আৰু গৰিমা আজিও জিলিকি আছে, যি ঠাইত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত ভূপেন হাজৰিকাই শৈশৱৰ সময়ত সংস্কৃতিৰ ক্ষেত্ৰত সোমাই পৰিছিল ।

আনহাতে বৰ্তমান বান থিয়েটাৰৰ সভাপতি তথা বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাই কয়, "মই ভূপেন দাৰ সংস্পৰ্শলৈ আহোঁ ১৯৬০ চনত ৷ বৰ্তমান নতুন বান থিয়েটাৰত আমি কাঞ্চনজংঘা নামৰ নৃত্য নাটক কৰিছিলোঁ আৰু তাৰ পিছদিনা ভূপেন দাই আব্দুল হামিদ নামৰ এখন নাটকৰ পৰিচালনা কৰিছিল ৷ সেয়াই প্রথম তেওঁৰ সংস্পৰ্শলৈ আহোঁ ।"

